ETV Bharat / state

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ তিনিবছৰ সম্পূৰ্ণ: উৎপাদন বৃদ্ধি ৬৬ শতাংশ - Gorukhuti Agricultural Project

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 9:37 PM IST

Anniversary of Gorukhuti Project : তিনিবছৰ সম্পূৰ্ণ কৰিলে গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পই ৷ বানত ক্ষতি হ’ল ৫০ লাখ টকা ৷ আয় হ’ল ৯,০৮,২৪,০৮৪ টকা ৷

Anniversary of Gorukhuti Project
গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ তিনিবছৰ সম্পূৰ্ণ (ETV Bharat Assam)

দৰং, ২১ জুলাই : তিনিটা বছৰ সম্পূৰ্ণ কৰিলে ছিপাঝাৰৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পই ৷ ২০২১ চনৰ ২১ জুলাইত ভূমিপূজনৰ জৰিয়তে আৰম্ভ কৰা বহুমুখী কৃষি প্ৰকল্পটোৰ পৰা তিনিটা বছৰত আয় হ’ল ৯,০৮,২৪,০৮৪ টকা ৷

দেওবাৰে প্ৰকল্পটোৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে প্ৰকল্পৰ কৃষিভূমিত পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ হৈ যোৱাৰ পিচত অনুষ্ঠিত হয় ভূমিপূজন অনুষ্ঠান । লক্ষ্যণীয় যে তৃতীয় বাৰ্ষিকীৰ লগত সংগতি ৰাখি দুটাকৈ নৱনিৰ্মিত ভৱন আৰু এখন নাৰ্ছাৰী, অসম চৰকাৰৰ এপাৰ্টৰ অধীনত নিৰ্মিত জিৰণি ঘৰ, গুদাম ঘৰ, এটা গোশালা আৰু ৰেচম বিভাগৰ দ্বাৰা নিৰ্মীত সামূহিক এৰীপলু পালন কেন্দ্ৰৰ লগতে সামূহিক এৰীসূঁতা কটা এটা কেন্দ্ৰ উদ্বোধন কৰা হয় ৷

উক্ত উদ্বোধনী অনুষ্ঠান সম্পাদন কৰে প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকাই ৷ বিয়লি অনুষ্ঠিত হয় মুকলি সভা । উক্ত সভাত সভাপতিত্ব কৰে গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষগৰাকীয়ে ৷ সভাত ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, দৰঙৰ জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

উল্লেখ্য যে, উক্ত সভাতে প্ৰকল্পৰ তৃতীয়টো বৰ্ষৰ আয়-ব্যয়ৰ হিচাপ আদিও দাখিল কৰে অধ্যক্ষ পদ্ম হাজৰিকাই । তৃতীয় বছৰৰ অন্তত প্ৰকল্পটোৰ পৰা আয় হৈছে ৯,০৮,২৪,০৮৪ টকা হয় বুলি জনায় অধ্যক্ষগৰাকীয়ে ৷ তৃতীয়টো বৰ্ষত উপাৰ্জন বৃদ্ধি পাইছে 66 শতাংশ। পশুপালন খণ্ডত বিনিয়োগ কৰিছে ৫০,৫৫,৪৭৯টকা । উপাৰ্জন কৰে ৯৭,১০,৪২১ টকা। কৃষিকৰ্মত বিনিয়োগ কৰে ১,১৪,৫০,৮৮৫ টকা । উপাৰ্জন কৰে ২,২৯,০৭,০৫৪টকা । উল্লেখ্য যে এইবাৰ হোৱা প্ৰলয়ংকৰী বানত প্ৰকল্প টোৰ ক্ষতি হয় প্ৰায় ৫০ লাখ টকাৰ।

ঘাট প্ৰতিঘাটৰ মাজেৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ ছিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পই অতিক্ৰম কৰিলে তিনিটাকৈ বছৰ। এই তিনিটা বৰ্ষত প্ৰকল্পটোৰ পৰা আয় হয় ৯,০৮,২৪,০৮৪ টকা। উপাৰ্জন বৃদ্ধিৰ হাৰ ৬৬ শতাংশ ৷

লগতে পঢ়ক : অখিল গগৈক নেপালত গৈ চকুৰ চিকিৎসা কৰাৰ পৰামৰ্শ পদ্ম হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.