ETV Bharat / state

প্ৰকাশ পালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম - Recruitment in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 6:26 PM IST

Assam Recruitment Exam : প্ৰকাশ পালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম। প্ৰথমবাৰৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত থাকিব নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা।

Assam Recruitment Exam
প্ৰকাশ পালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম (ETV BHARAT)

গুৱাহাটী, 15 জুলাই : সোমবাৰে প্ৰকাশ পালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম ৷ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত থাকিব ঋণাত্মক নম্বৰ (নিগেটিভ মাৰ্কিং)ৰ ব্যৱস্থা ৷ তৃতীয় বৰ্গৰ তিনিটা পৰ্যায় অৰ্থাৎ স্নাতক পৰ্যায়, উচ্চতৰ মাধ্যমিক পৰ্যায় আৰু মেট্ৰিক উত্তীৰ্ণ (ড্ৰাইভাৰ) এই তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব পৰীক্ষা ৷ তিনিওটা পৰ্যায়ৰ পৰীক্ষাতে মুঠ 150 নম্বৰ থাকিব ৷ আনহাতে তৃতীয় বৰ্গৰ অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাত প্ৰতিটো ভুল উত্তৰৰ বাবে বিয়োগ হ’ব 0.25 নম্বৰ ৷ পৰীক্ষাৰ মুঠ সময় 3 ঘণ্টা ধাৰ্য কৰা হৈছে ৷

Assam Recruitment Exam
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম (ETV BHARAT ASSAM)

প্ৰথম শাখা অৰ্থাৎ স্নাতক পৰ্যায়ৰ পদসমূহৰ পৰীক্ষাত মুঠ 5 টা বিষয়ৰ ওপৰত প্ৰশ্ন থাকিব ৷ মুঠ 150 টা প্ৰশ্নৰ বিপৰীতে থাকিব মুঠ 150 নম্বৰ ৷ ইয়াৰে সমাজ বিজ্ঞানত 30 নম্বৰ, সাধাৰণ জ্ঞানত 35 নম্বৰ, মেন্টেল এবিলিটী টেষ্টত থাকিব 20 নম্বৰ, সাধাৰণ গণিতত থাকিব 30 নম্বৰ আৰু সাধাৰণ ইংৰাজীত থাকিব 10 নম্বৰ ৷ লগতে ইংৰাজী ভাষা পঢ়া আৰু লিখাত থাকিব 25 নম্বৰ (Reading Comprehension and English Language)৷ দ্বিতীয় শাখা অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰ্যায়ত সমাজ বিজ্ঞানত 30 নম্বৰ, সাধাৰণ জ্ঞানত 30 নম্বৰ, মেন্টেল এবিলিটী টেষ্টত থাকিব 20 নম্বৰ, সাধাৰণ গণিতত থাকিব 35 নম্বৰ আৰু সাধাৰণ ইংৰাজীত থাকিব 35 নম্বৰ ৷

লগতে পঢ়ক : তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে নহয় প্ৰাৰম্ভিক পৰীক্ষা; মুখ্যমন্ত্রীৰ ঘোষণা - Assam CM on ADR Exam Pattern

আনহাতে তৃতীয় শাখা অৰ্থাৎ মেট্ৰিক উত্তীৰ্ণ (ড্ৰাইভাৰ)ৰ পৰ্যায়ত সমাজ বিজ্ঞানত 20 নম্বৰ, সাধাৰণ জ্ঞানত 30 নম্বৰ, মেন্টেল এবিলিটী টেষ্টত থাকিব 20 নম্বৰ, সাধাৰণ গণিতত থাকিব 30 নম্বৰ আৰু সাধাৰণ ইংৰাজীত থাকিব 30 নম্বৰ আৰু পথ পৰিবহণত থাকিব 20 নম্বৰ ৷ ইফালে চতুৰ্থ বৰ্গৰ দুটা শাখাত হ'ব লিখিত পৰীক্ষা ৷ দুয়োটা শাখাত 135 টা প্ৰশ্নৰ বিপৰীতে থাকিব মুঠ 135 নম্বৰ ৷ প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবদ কটা যাব 0.25 নম্বৰ ৷ পৰীক্ষাৰ মুঠ সময় 2.30 ঘণ্টা ৷ ইংৰাজী, সমাজ বিজ্ঞান, গণিত আৰু সাধাৰণ জ্ঞান এই চাৰিটা বিষয়ত অনুষ্ঠিত হ'ব পৰীক্ষা ৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি এইবাৰ অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ মুঠ আবেদনকাৰীৰ সংখ্যা 11 লাখ ৷ 2022 বর্ষৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত আৱেদন কৰিছিল 7-8 লাখ প্ৰাৰ্থীয়ে ৷

লগতে পঢ়ক : ব'হাগ বিহুৰ পূৰ্বে সম্পন্ন হ’ব 35 হাজাৰ চাকৰি প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা - Recruitment in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.