ETV Bharat / state

যোৰহাটৰ শিশু নিৰীক্ষণ গৃহত বাঢ়িছে এইছ আই ভি পজিটিভ ৰোগীৰ সংখ্যা - HIV case in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 10:22 PM IST

HIV case in Assam: বৃদ্ধি পাইছে মাৰাত্মক HIV পজিটিভ ৰোগীৰ সংখ্যা । এইক্ষেত্ৰত যোৰহাট জিলাত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য । যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্তই প্ৰকাশ কৰিলে বিস্ফোৰক তথ্য । বৃদ্ধি পাইছে যোৰহাটৰ শিশু নিৰীক্ষণ গৃহত HIV পজিটিভ ৰোগীৰ সংখ্যা ।

The number of HIV positive patients has increased in Jorhat district
যোৰহাট জিলাত বৃদ্ধি পাইছে HIV পজিটিভ ৰোগীৰ সংখ্যা (ETV Bharat Assam)

যোৰহাট,১৩ আগষ্ট: যি সময়ত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে এইচ আই ভি পজিটিভৰ হাৰ হ্ৰাস কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, সেইসময়তে কিন্তু ৰাজ্যত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰা ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে । ৰাজ্যৰ স্বাস্থ্য বিভাগে এইচ আই ভি নিৰ্মূলৰ বাবে আঁচনি গ্ৰহণ কৰিছে যদিও তেনে সময়তে উজনি অসমৰ কিছু কিছু স্থানত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে এইচ আই ভি পজিটিভৰ হাৰ ।

জিলা আয়ুক্তই দিলে বিস্ফোৰক তথ্য:

বিশেষকৈ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল, চাহ বাগিচা অঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে এইচ আই ভি পজিটিভৰ হাৰ । মঙলবাৰে এই কথা প্ৰকাশ কৰে যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই । ১২ আগষ্টত মৰিয়নীৰ নকছাৰীত যোৰহাট জিলা প্ৰশাসন তথা এইডছ নিয়ন্ত্ৰণ কোষৰ উদ্যোগত অনুষ্ঠিত হোৱা এক বিশেষ সজাগতামূলক সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত এই বিষয়ে অতিৰিক্ত আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ।

অতিৰিক্ত আয়ুক্তগৰাকীয়ে লগতে কয়,"যোৰহাট জিলাৰ কিছু কিছু অঞ্চলত এইচ আই ভি সংক্ৰমণ বৃদ্ধি পোৱাটো এক উদ্বেগজনক বিষয় । বিশেষকৈ যোৰহাটৰ শিশু নিৰীক্ষণ গৃহৰ ৭৭ গৰাকী শিশুৰ ভিতৰত ১৩ জনৰ দেহত পোৱা গৈছে এইচ আই ভিৰ বীজাণু । যাৰ শতাংশ হিচাপে চাবলৈ গ'লে ১৬ শতাংশ । ই এক সকলোৰে বাবে চিন্তনীয় বিষয় ।"

তেওঁ লগতে কয়,"আমি যদি চাওঁ তেন্তে দেখা পাওঁ যে, শিশু নিৰীক্ষণ গৃহত দুই ধৰণৰ শিশুক ৰখা হয় । এচাম হৈছে অৱহেলিত শিশু আৰু আন এচাম হৈছে সমাজবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা শিশু । সমাজ বিৰোধী কাৰ্যত লিপ্ত সৰহসংখ্যক শিশু হৈছে ড্ৰাগছ আসক্ত । এক কথাত কবলৈ গলে ড্ৰাগছ, এইচ আই ভি আৰু সমাজবিৰোধী কাৰ্য এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । শিশু নিৰীক্ষণ গৃহৰ এইচ আই ভি সংক্ৰমিত শিশুৰ ক্ষেত্ৰত দেখা গৈছে সৰহ সংখ্যক হৈছে ইঞ্জেকটেড ড্ৰাগছ লোৱা ।"

এক জৰীপে এই কথা প্ৰমাণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়,"যোৰহাট শিশু নিৰীক্ষণ গৃহৰ সংক্ৰমিত শিশুসকলক পৃথকে ৰাখি চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হৈছে । তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে । আনহাতে ইয়াৰ উপৰিও জিলাখনৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলতো দেখা পোৱা গৈছে এইচ আই ভিৰ সংক্ৰমণ । বিশেষকৈ কিছু চাহ বাগিচাত এই সংক্ৰমণৰ প্ৰমাণ পোৱা গৈছে জৰীপৰ জৰিয়তে । চাহ বাগিচা অঞ্চলত এই সংক্ৰমনৰ মূল কাৰণ হিচাপে পোৱা গৈছে অসুৰক্ষিত যৌন সম্পৰ্ক ।"

অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে লগতে কয়,"তদুপৰি সীমান্তৰ কিছু অঞ্চলত ড্ৰাগছৰ সৰবৰাহ হোৱাৰ বাবেও ইয়াক দেখা পোৱা গৈছে । কিয়নো সীমান্তত ড্ৰাগছৰ সৰবৰাহ যথেষ্ট পৰিমাণে হোৱা দেখা পোৱা যায় । ইয়াৰ বিপৰীতে কিন্তু চহৰ অঞ্চলত সংক্ৰমণৰ সংখ্যা যথেষ্ট কম । অভিভাৱক, সমাজ এইক্ষেত্ৰত সচেতন হোৱা উচিত । নিজৰ সন্তান দিনটো ক'ত আছে সেই সন্দৰ্ভত পৰিয়ালৰ লোকে মন দিয়া উচিত ।"

সজাগতা সভা:

অতিৰিক্ত আয়ুক্ত পংকজ বৰাই কয়,"যোৰহাট জিলা প্ৰশাসন তথা এইডছ নিয়ন্ত্ৰণ কোষৰ উদ্যোগত ১২ আগষ্টৰ পৰা জিলাখনৰ ভিন্ন স্থানত ৬০ দিনীয়া এক সজাগতা সভা অনুষ্ঠিত কৰা হৈছে । কিন্তু এইক্ষেত্ৰতো আমি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছো । আমি সজাগতা সভাৰ আয়োজন কৰিছো । ৰাইজে সহযোগ কৰিছে । কিন্তু বহুক্ষেত্ৰত পৰীক্ষা কৰাৰ ক্ষেত্ৰত বহু যুৱক-যুৱতীয়ে সহায় নকৰে । সেইবাবে এই ক্ষেত্ৰত সমাজ সচেতন হ'ব লাগিব ।"

লগতে পঢ়ক: নিচামুক্তি কেন্দ্ৰ ভৰি পৰিছে এইচ আই ভি-হেপাটাইটিছ 'চি'ত আক্ৰান্তৰে - HIV case in Assam

এইডছ আক্ৰান্ত ব্যক্তিৰ মৃত্যু; কি ব্যৱস্থা ল’ব জিলা প্ৰশাসনে ? - HIV Positive Case

ৰাজ্যত ২০২৩ লৈ চিনাক্ত হৈছে ১৩,৭২৯ গৰ‍াকী HIV ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.