ETV Bharat / state

নাৰী হ’ল বুলিয়েই কিয় নোৱাৰিব ! ডাম্পাৰৰ চালক বিনীতা বড়ো বচনেট এতিয়া এগৰাকী চৰ্চিত মহিলা - Woman Empowerment - WOMAN EMPOWERMENT

Lady dumper driver in Baksa : নাৰী হ’ব পাৰে পাইলট, নাৰী হ’ব পাৰে ল’ক’ পাইলট ৷ তেন্তে ডাম্পাৰৰ চালক কিয় হ’ব নোৱাৰিব ! বিনীতা বড়ো বচনেটৰ মতে সেয়াও সম্ভৱ ৷ গতিকে কৰি দেখুৱাইছে তেওঁ ৷ দুটি সন্তানৰ মাতৃগৰাকীৰ মতে ডাম্পাৰ চলোৱাটো বাইক, স্কুটী বা আন চাৰিচকীয়া বাহন চলোৱাৰ দৰেই এটা সাধাৰণ কাম ৷

Lady dumper driver in Baksa
ডাম্পাৰৰ চালক বিনীতা বড়ো বচনেট এতিয়া এগৰাকী চৰ্চিত মহিলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 5:32 PM IST

বাক্সা, ২৯ আগষ্ট : আন বহুতৰ দৃষ্টিত অসাধাৰণ হ’লেও তেওঁ সাধাৰণ বুলিলেই ভাবে ৷ বাইক, স্কুটী অথবা আন গাড়ী প্ৰায়সংখ্যক মহিলাই চলায়; গতিকে ডাম্পাৰ চলোৱাটোও তেওঁ একে দৃষ্টিৰেই চায় ৷ সেয়েহে বিনীতা বড়ো বচনেট এতিয়া এগৰাকী চৰ্চিত মহিলা, চৰ্চিত মাতৃ ৷

ডাম্পাৰৰ চালক বিনীতা বড়ো বচনেট এতিয়া এগৰাকী চৰ্চিত মহিলা (ETV Bharat Assam)

ব্যতিক্ৰমী জীৱনশৈলীৰে সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাক্সাৰ বিশেষ মহিলাগৰাকী ৷ নিজকে এগৰাকী শক্তিশালী আৰু আত্মনিৰ্ভৰশীল মহিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বাক্সা জিলাৰ বাগানপাৰা ৰাজহচক্ৰৰ অন্তৰ্গত সূৱণখাটাৰ বিনীতা বড়ো বচনেট ৷ বিনীতা বড়ো বচনেটে এতিয়া নাৰী সমাজক ভাবিবলৈ বাধ্য কৰাইছে- যদিহে মহিলাই এৰ’প্লেন চলাব পাৰে, যদিহে মহিলাই ৰে’ল চলাব পাৰে, তেন্তে ডাম্পাৰ অথবা এক্সকেভেটৰ কিয় চলাব নোৱাৰে ! সেই সাহস উদাহৰণৰ জৰিয়তে দিছে বাক্সাৰ দুটি সন্তানৰ মাতৃগৰাকীয়ে ৷

উল্লেখ্য যে বিগত দুবছৰ ধৰি বিনীতা বড়ো বচনেটে চলাই আহিছে ডাম্পাৰ ৷ স্বামীক আৰ্থিকভাৱে সহায় কৰাৰ উদ্দেশ্যে বিনীতাই ডাম্পাৰ চলাই আহিছে ৷ অৱশ্যে এগৰাকী চালকক মাজে-সময়ে মাতি আনে যদিও তেওঁ নহাৰ দিনা মহিলাগৰাকীয়েই লৈ যায় ডাম্পাৰখন ৷ বিনীতা বড়ো বচনেটে সম্প্ৰতি নলবাৰী, পাঠশালাৰ লগতে বাক্সাৰ বিভিন্ন স্থানলৈ ডাম্পাৰেৰে শিল, বালি লৈ যায় ।

দুই পুত্ৰ সন্তানৰ মাতৃ বিনীতা বড়ো বচনেটে প্ৰথমে ডাম্পাৰ ভাৰাত লৈছিল যদিও পিছত নিজাকৈ কিনি ৰাজপথত চলাই নিজকে এগৰাকী শক্তিশালী আৰু স্বনিৰ্ভৰশীল মহিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । তেওঁ বৰ্তমান নিজ গাঁৱৰে এখন অংগনৱাড়ী কেন্দ্ৰত সহায়িকা হিচাপেও কৰ্মৰত হৈ কণকণ ল’ৰা-ছোৱালীক পাঠদান কৰি আছে ৷

লগতে পঢ়ক : কি নাই অসমীয়াৰ ! কেৱল ওলাই আহিব লাগিব পল্লৱজ্যোতিৰ দৰে

খেতিত মগন এগৰাকী উচ্চ শিক্ষিতা যুৱতী : খেতি কৰিয়েই যাব তেওঁ

প্ৰতিবন্ধকতাক পৰাস্ত কৰি কৰ্মৰে উজলিছে তিনি ডেলিভাৰী বয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.