ETV Bharat / state

অসমত প্ৰায় ১০০ শতাংশ হ্ৰাস মুছলমান মহিলাৰ সন্তান জন্ম দিয়াৰ উৰ্বৰতা: ৰফিকুল ইছলাম - Decrease in Muslim women Fertility

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 9:50 PM IST

অসমত যোৱা ২০ বছৰৰ তুলনাক ১০০% হ্ৰাস মুছলমান মহিলাৰ সন্তান জন্ম দিয়াৰ উৰ্বৰতা ৷ এই তথ্য জনীয়াৰ এ আই ইউ ডি এফ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ ৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে এচাম অপৰাধৰ অভিযুক্তক উদগনি দিয়াৰো অভিযোগ বিধায়কগৰাকীৰ ৷

Decrease in Muslim women Fertility
হাফিজ ৰফিকুল ইছলাম (ETV Bharat Assam)

গুৱাহাটী, ২৮ আগষ্ট: বিগত ২০ বছৰৰ তুলনাত মুছলিম মহিলাৰ সন্তান জন্ম দিয়াৰ উৰ্বৰতা ১০০% হ্ৰাস পাইছে অসমত ৷ এই মন্তব্য এই আই ইউ ডি এফৰ জনীয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামৰ । বিধানসভাৰ বাহিৰত বুধবাৰে সংবাদ মাধ্যমৰ আগত ৰফিকুল ইছলামে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে জনা উচিত যে ২০০৪-২০০৫ চনৰ মুছলিম এলেকাত মুছলিম মহিলাৰ সন্তান জন্ম দিয়াৰ উৰ্বৰতা আছিল ৪% তকৈ অধিক । বৰ্তমান মুছলিম এলেকাত মুছলিম মহিলাৰ সন্তান জন্ম দিয়াৰ উৰ্বৰতা ২.৪ % ৷ অৰ্থাৎ বিগত ২০ বছৰত ১০০% সন্তান জন্ম দিয়াৰ উৰ্বৰতা কমিছে মুছলমান মহিলাৰ । ইয়াক লৈ ৰাজনীতি কৰি লাভ নাই ।’’

হাফিজ ৰফিকুল ইছলামৰ মন্তব্য (ETV Bharat Assam)

সংখ্যালঘু মুছলমানৰ মাজত জনচেতনা বোধ:

বিধায়ক ইছলামে লগতে কয় যে, ‘‘মুছলিম জনগণ সচেতন হৈছে, শিক্ষিত হৈছে । বাল্যবিবাহ ৰোধ, জনসংখ্যা নিয়ন্ত্ৰণ, অপৰাধ ৰোধক লৈ ৰাইজক আমি সংস্কাৰ কৰাৰ চেষ্টা কৰি আছো । একাংশ জাতি-জনগোষ্ঠীৰ মানুহে অপৰাধ ধৰ্ষণ কৰিলে চকুত নপৰে মুখ্যমন্ত্ৰী আৰু বিজেপি নেতাৰ । এইবিলাক মুখ্যমন্ত্ৰীৰ ডায়েৰীত লিখা নহয় । এনেদৰে জাতি-জনজাতিৰ একাংশক অপৰাধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উৎসাহিত কৰিছে ৷ এনে কৰিলে অসম ৰসাতলে যাব ।’’

দুমাহত ১০০ টা ধৰ্ষণ ৰাজ্যত:

তেওঁ লগতে কয় ‘‘মুখ্যমন্ত্ৰীয়ে দুটা মাহত ২৩ টা ধৰ্ষণৰ কথা কয় । মোৰ হাতত থকা তথ্য মতে দুটা মাহত ১০০ টা ধৰ্ষণৰ ঘটনা হৈছে । মুখ্যমন্ত্ৰীয়ে ধিং, তেজপুৰ আৰু লখিমপুৰৰ ঘটনাৰ কথা কয় । হোজাই, তিতাবৰ, তিনিচুকীয়াৰ বৰা, দাস, হালৈৰ কথা নকয় । আমাৰ দৃষ্টিত সকলো ঘটনা পৰে কিন্তু মুখ্যমন্ত্ৰীৰ দৃষ্টিত কিছুমানৰ পৰে কিছুমান নপৰে ৷ এয়া ৰাজ্যৰ বাবে ভাল লক্ষণ নহয় ।’’

লগতে পঢ়ক: মিঞা বিদ্বেষ মুখ্যমন্ত্ৰীৰ গাদী ৰক্ষাৰ ৰাজনীতি : ৰিপুণ বৰা - Ripun Bora criticized CM HBS

চৰকাৰী চাকৰিতো ১০ শতাংশ সংৰক্ষণ লাগে মিঞাক : আমিনুল ইছলাম - Miya controversy

অসমত এতিয়া হিন্দু মুছলমানৰ বাহিৰে কোনো জ্বলন্ত বিষয় নাই : সদনত‌ মুখ্যমন্ত্ৰী - Assam Assembly Autumn Session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.