ETV Bharat / state

গোলাঘাটত দুই সহস্ৰাধিক হিতাধিকাৰীক অনুদান বিতৰণ - CM HIMANTA BISWA SARMA

গোলাঘাটত মাইক্ৰ'ফাইনেঞ্চ, বানত ক্ষতিগ্ৰস্ত আৰু প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ উদ্যোগৰ হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ ।

CM HIMANTA BISWA SARMA
গোলাঘাটত দুই সহস্ৰাধিক হিতাধিকাৰী মাজত অনুদান বিতৰণ (X@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 10:25 PM IST

গোলাঘাট: গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজি অৰ্থাৎ শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰী মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ।

উক্ত সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি কয়, "অসম চৰকাৰে বিকাশৰ ১২ দিন কাৰ্যসূচীৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত ৬ টাকৈ আঁচনি ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ । ইয়াৰে তিনিটা শিক্ষাৰ্থীসকলৰ বাবে আৰু আন তিনিটা মহিলাসকলৰ বাবে ।"

গোলাঘাটত দুই সহস্ৰাধিক হিতাধিকাৰী মাজত অনুদান বিতৰণ (ETV Bharat Assam)

তেওঁ লগতে কয়, "আমাৰ চৰকাৰ গঠন হোৱাৰ পাছত অসমত ৮,৭২,৭০০ গৰাকী মহিলাৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰা হৈছে । ইয়াৰ উপৰিও গোলাঘাট জিলাৰ অসম মাইক্র'ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১-ৰ অধীনত ৫,১১৯ গৰাকী তৃতীয় বর্গৰ ঋণীলৈ দ্বিতীয় পর্যায়ত ন' ডিউজ চার্টিফিকেট বিতৰণ কৰা হয় । প্রধানমন্ত্রী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ পি এম এফ এম ই চিড কেপিটেল আঁচনিৰ অধীনত মূলধনী বিনিয়োগৰ ওপৰত ১৮৯ গৰাকীক ৰাজসাহাৰ্য প্ৰদান কৰা হয় । দুর্যোগত ক্ষতিগ্রস্ত ২,০১১ টা পৰিয়াললৈ পোনপটীয়াকৈ আর্থিক সাহাৰ্য প্রদান কৰা হয় ।"

উক্ত কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয়, "গোলাঘাট জিলাৰ ৫০০০ ৰো অধিক মাইক্ৰ’ফাইনেঞ্চ ঋণ লৈ ওভোতাই দিব নোৱৰা মহিলাক ঋণমুক্তৰ প্ৰমাণপত্ৰ প্ৰদান কৰিলোঁ, দুহেজাৰতকৈ অধিক পৰিয়ালক আমি বান সাহাৰ্য প্ৰদান কৰো আৰু প্ৰায় দুশগৰাকী মহিলাক আত্মসংস্থাপৰ বাবে ৪০ হাজাৰকৈ টকা মুকলি কৰিলোঁ ।"

তেওঁ আৰু কয়, "কিছুদিন পূৰ্বে মন্ত্ৰী অতুল বৰাই গোলাঘাটত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী, চাইকেল, আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিছিল । বিকাশৰ ১২ দিনত গোলাঘাট জিলাৰ বহু পৰিয়াল উপকৃত হৈছে ৷ অহা ১৫ তাৰিখে ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহক আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু ১৫ পৰা ২৮ তাৰিখলৈকে গাঁও সভাৰ জড়িয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল’ম ।"

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে বঞ্চিত জনতাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.