ETV Bharat / state

'কা'ৰ বিৰুদ্ধে গণতান্ত্ৰিক আৰু আইনগত যুঁজ সমানে চলি থাকিব : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - AASU On CAA

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 8:12 PM IST

Samujjal Kumar Bhattacharyya : তেওঁলোকৰ হাতত সংখ্যা আছে বাবেই জোৰ-জবৰদস্তি সংসদত আইন এখন প্ৰণয়ন কৰি আমাৰ জাপি দিলেই আমি মানি নলও ৷ অসম চুক্তিখনে 39 বছৰ সম্পূৰ্ণ কৰি 40 বছৰত ভৰি দিয়াৰ এই সময়ত অসমত অবৈধ বিদেশী নাগৰিকক ৰক্ষণাবেক্ষণ দিয়া কাৰ্যটো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ প্ৰতি অপমান ৷ এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷

CAA IMPLEMENTAION IN ASSAM
'কা' ৰ বিৰুদ্ধে হুংকাৰ ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ (ETV Bharat Assam)

নিউজ ডেস্ক, 14 আগষ্ট : বিতৰ্কিত 'কা' (CAA) ৰ জৰিয়তে অসমত এজন অবৈধ বিদেশীয়ে নাগৰিকত্ব লাভ কৰাৰ পিছতেই পুনৰ ৰাজ্যত সৃষ্টি হৈছে ক্ষোভৰ ৷ সৰ্বোচ্চ ন্যায়ালয়ত এই আইনক লৈ গোচৰ চলি থকাৰ মাজতে 'কা'ৰ জৰিয়তে অসমত বাংলাদেশী নাগৰিকে নাগৰিকত্ব লাভ কৰাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাই পুনৰ এই আইন কোনো পধ্যেই মানি নোলোৱাৰ হুংকাৰ দিছে ৷ ঐতিহাসিক অসম চুক্তিৰ 40 বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত চৰকাৰৰ এই কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে ৷ এই সন্দৰ্ভত বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছু আৰু নেছ’ৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

CAA সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

'কা' আমি নামানো :

ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়,"'কা' আমি নামানো ৷ উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে ৷ তেওঁলোকৰ হাতত সংখ্যা আছে বাবেই জোৰ-জবৰদস্তি সংসদত আইন এখন প্ৰণয়ন কৰি আমাৰ জাপি দিলেই আমি মানি নলও ৷ নামানো কাৰণেই অসম তথা উত্তৰ পূৰ্বাঞ্চলত গণতান্ত্ৰিক সংগ্ৰাম আৰু উচ্চতম ন্যায়ালয়ত আইগত যুঁজ চলি আছে, চলি থাকিব ৷"

গণতান্ত্ৰিক আৰু আইনগত যুঁজ সমানে চলি থাকিব :

তেওঁ লগতে কয়, "অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহে 'কা' মনা নাই আৰু নামানে ৷ এই আইনৰ জৰিয়তে অবৈধ বাংলাদেশীক নাগৰিকত্ব দিব বিচৰাটো অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি আৰু 'কা' আন্দোলনৰ পাঁচজন শ্বহীদৰ প্ৰতি চূড়ান্ত অপমান ৷ উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে ৷ এনে এটা সময়ত 'কা'ৰ জৰিয়তে ইয়াত অবৈধ বাংলাদেশীক নাগৰিকত্ব দিব বিচৰা কথাটো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ প্ৰতি চূড়ান্ত অন্যায়, অসম আন্দোলনৰ শ্বহীদ, 'কা' আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি চূড়ান্ত অপমান ৷ আমি কেন্দ্ৰীয় আৰু অসম চৰকাৰক কঠোৰভাৱে সকীয়াই দি ক’ব বিচাৰো যে, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহে 'কা' মনা নাই আৰু নামানো ৷ ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আৰু আইনগত যুঁজ সমানে চলি থাকিব ৷"

অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ প্ৰতি অপমান :

অসম চুক্তিৰ প্ৰসংগত ড৹ ভট্টাচাৰ্যই কয়, "ঐতিহাসিক অসম আন্দোলনৰ পিচত অসম চুক্তি সম্পাদন হৈছিল ৷ কাইলৈ 15 আগষ্টৰ দিনটোত অসম চুক্তি সম্পাদনৰ 39 বছৰ সম্পূৰ্ণ কৰি 40 বছৰত ভৰি দিব ৷ এই সময়টোতে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা ৷ অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে অসম চুক্তি সম্পাদন হৈছিল ৷ চুক্তিখনে 39 বছৰ সম্পূৰ্ণ কৰি 40 বছৰত ভৰি দিয়াৰ এই সময়ত অসমত অবৈধ বিদেশী নাগৰিকক ৰক্ষণাবেক্ষণ দিয়া কাৰ্যটো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ প্ৰতি অপমান ৷

লগতে পঢ়ক : 'কা' কাৰ্যকৰী হ'ল অসমত : দিছপুৰৰ গৃহ বিভাগৰ পৰা আৰক্ষীলৈ গ'ল বিশেষ নিৰ্দেশনা - CAA implementaion in assam

সকলো ৰাজনৈতিক দলেই জগৰীয়া :

তেওঁ লগতে কয়,"অসম চুক্তিৰ জৰিয়তেহে অসমৰ জলন্ত বিদেশী সমস্যা সমাধান সম্ভৱপৰ ৷ সেই সময়ত এইখন উত্তম চুক্তি ৷ চুক্তিখন কাৰ্যকৰী হোৱা নাই, কোনে কাৰ্যকৰী কৰা নাই ৷ বিগত 39 বছৰত দিল্লী আৰু দিছপুৰত সকলো দলৰে চৰকাৰ ক্ষমতাত আছিল ৷ কিন্তু সকলো দলৰ চৰকাৰেই অসমৰ জ্বলন্ত বিদেশী সমস্যা সমাধানৰ বাবে অসম চুক্তি কাৰ্যকৰী নকৰিলে ৷ এই সমস্যা সমাধানত সকলো দলৰে চৰকাৰ ব্যৰ্থ হ’ল ৷ গতিকে সকলো ৰাজনৈতিক দলেই ইয়াৰ বাবে জগৰীয়া ৷ গতিকে আজিও আমি কম যে, অসমৰ জ্বলন্ত বিদেশী সমস্যা সমাধানৰ একমাত্ৰ পথ হ’ল অসম চুক্তিৰ ৰপায়ণ ৷ এই সমস্যাৰ স্থায়ী সমাধান নোহোৱালৈকে আমি ক্ষান্ত নহওঁ ৷"

লগতে পঢ়ক : 'কা'ৰ ফলাফল: অসমত থাকি 'ভাৰতীয়' হ'ল প্ৰথমজন বাংলাদেশী দুলন দাস - Citizenship under CAA in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.