ETV Bharat / state

তেজপুৰৰ এক বিশেষ পূজা মণ্ডপ, য'ত দেৱীৰ সৈতে বন্দিত হৈছে অসমীয়া ভাষা

Assamese Classical Language : এখন পূজা মণ্ডপৰ বিষয়বস্তু- অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি । ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন ।

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 8:41 PM IST

Assamese Classical Language
তেজপুৰৰ এক বিশেষ পূজা মণ্ডপত অসমীয়া ভাষা বিষয়বস্তু (ETV Bharat Assam)

তেজপুৰ, ১১ অক্টোবৰ : 'অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল-সুউজ্জ্বল কহিনুৰ পিন্ধি, হাঁহি জ্যোতিৰূপা হ'ব...'। হয়, অসমীয়া ভাষাই ইতিমধ্যে জগত সভাত বৰপীৰা পাৰি বহিছে । কিন্তু বাকী আছিল এক বিশেষ স্বীকৃতিৰ । যি স্বীকৃতিয়ে সুৱদী সুৰীয়া ভাষাটোক অধিক নিগাজী কৰি ভাৰতীয় ভাষাৰ উৰ্বৰ ক্ষেত্ৰত ফলে-ফুলে জাতিষ্কাৰ হোৱাৰ সুবিধা প্ৰদান কৰিব । অৱশেষত সেই স্বীকৃতিও আহিল । দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাথোঁ কেইদিনমান পূৰ্বে আইৰ মুখৰ ভাষাটোৱে লাভ কৰে ভাৰতীয় ধ্ৰুপদী ভাষাৰ স্বীকৃতি । এইহেন মধুৰ মুহূৰ্ত জানো উদযাপন নকৰাকৈ থাকিব পাৰি ? তাৰ বাবেই এক বিশেষ পদক্ষেপ এখন পূজা সমিতিৰ ।

যেনেদৰে দুৰ্গা পূজাত দেৱী বন্দনাত মুখৰিত হয়- 'যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা... নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ', তেনেদৰে অসমীয়া ভাষাৰ বন্দনা হৈছে এটা বিশেষ পূজা মণ্ডপত । অসমীয়া ভাষাৰ লিপিৰ পৰা, প্ৰথিতযশা সাহিত্যিক, ভাষাৰ ওজা-কাণ্ডাৰী-সাধক, সেৱক তথা প্ৰচাৰকৰ পৰা আৰম্ভ কৰি, গুৰুকুল, গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ, বিভিন্ন বাণী আৰু শিক্ষাৰ লগত জড়িত বিভিন্ন উপাদান- সকলো আছে এই পূজা মণ্ডপত । যাৰ বাবে এতিয়া সকলোৰে পৰা সাধুবাদ লাভ কৰিছে এই বিশেষ পূজাভাগৰ আয়োজক সমিতিয়ে । আধ্যাত্মিকতাৰ লগতে ভাষা-সংস্কৃতি চৰ্চাৰ যি এক মধুমিলন ঘটাইছে, সেয়া এবাৰ দৰ্শন কৰি সকলো ভক্ত তথা সাধাৰণ ৰাইজ পুলকিত হৈ পৰিছে ।

হয়, এইখন হৈছে তেজপুৰ চহৰৰ এখন ব্যতিক্ৰমী পূজাথলী । তেজপুৰ নেপালীপট্টিস্থিত মধ্য তেজপুৰ যুৱক সংঘই অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভক বিষয়বস্তু হিচাপে লৈ তৈয়াৰ কৰিছে এক বিশেষ পূজা মণ্ডপ । যাক লৈ এতিয়া সৰ্বত্ৰে চর্চা লাভ কৰিছে এই বিশেষ পূজাখনে ।

১৯৬৩ চনত তেজপুৰৰ নেপালীপট্টি অঞ্চলত মধ্য তেজপুৰ যুৱক সংঘই আৰম্ভ কৰা শাৰদীয় দুৰ্গা পূজাৰ আলোকসজ্জা তথা আকৰ্ষণীয় তোৰণ আদিয়ে বিশেষ গুৰুত্ব লাভ কৰি আহিছে ।

চৰকাৰী নিৰ্দেশনা অনুসৰি তথা প্ৰশাসনৰ অনুমতি পালনেৰে শোণিতপুৰত আয়োজিত হৈছে মুঠ ৪৮৩ খন দুৰ্গা পূজা ৷ ইয়াৰে ভিতৰত চহৰখনৰ লগতে চহৰৰ উপকণ্ঠীয় অঞ্চলত অনুষ্ঠিত হৈছে মুঠ ১৫৭ খন দুৰ্গা পূজা ৷ প্ৰতিখন পূজাথলীতে যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে । শুকুৰবাৰে যথাবিহিতভাৱে মহা অষ্টমী আৰু মহা নৱমী পূজা ইয়াত সম্পন্ন হয় ৷

প্ৰণিধানযোগ্য যে তেজপুৰ চহৰৰ একাধিক পূজাস্থলীত বিভিন্ন সামাজিক বাৰ্তা দিয়াৰ প্ৰয়াস কৰা হৈছে ৷ আনহাতে, ১৯৬৩ চনত স্থাপিত তেজপুৰৰ নেপালীপট্টি অঞ্চলত মধ্য তেজপুৰ যুৱক সংঘই আৰম্ভ কৰা শাৰদীয় দুৰ্গা পূজাই প্ৰতিবছৰে চমকলগা আলোকসজ্জা তথা আকৰ্ষণীয় তোৰণ আদিৰে ৰাইজক সদায়েই সন্মোহিত কৰি আহিছে ৷

তদুপৰি, ১৯৭০ৰ দশকতে এইখন দুৰ্গা পূজাতেই তেজপুৰৰ ভিতৰত প্ৰথমবাৰলৈ একোটা বিশেষ বিষয়বস্তুক লৈ মণ্ডপ তথা মৃন্ময় প্ৰতিমা নিৰ্মাণ কৰিছিল ৷ এইবাৰো এইখন পূজাত অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভক বিষয়বস্তু হিচাপে লৈ সজোৱা হৈছে পূজা মণ্ডপ ৷

উল্লেখ্য যে তেজপুৰৰ ভৈৰৱ নগৰ টিলাৰ দুৰ্গাবাৰীৰ পূজাতো একেটা বিষয়বস্তু লৈ এটা পুথিভঁৰালৰ ৰূপত ইয়াৰ মণ্ডপ সজোৱা হৈছে ৷

লগতে পঢ়ক :তেজপুৰৰ ঐতিহাসিক ভৈৰৱী মন্দিৰত মহানৱমী : ভৈৰৱী মন্দিৰৰ কিংবদন্তী
লগতে পঢ়ক :শক্তিপীঠৰ পষেকীয়া দুৰ্গোৎসৱত ভক্তৰ ভিৰ, ৩ ঘন্টাৰ বাবেহে খোলা মন্দিৰৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.