ETV Bharat / state

চিকিৎসালয়ৰ পৰাই পলাল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী - Prisoner Escapes In Tezpur - PRISONER ESCAPES IN TEZPUR

Crime in Sonitpur: ১৭ মাৰ্চৰ নিশা তেজপুৰ কেন্দ্ৰীয় কাৰাগৰাৰ পৰা তিনিটা কয়দী পলায়ন কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই এইবাৰ চিকিৎসালয়ৰ পৰাই পলায়ন কয়দীৰ ।

Crime in Sonitpur
চিকিৎসালয়ৰ পৰাই পলায়ন
author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 7:49 PM IST

তেজপুৰ, ২৭ মাৰ্চ : এইবাৰ তেজপুৰৰ চিকিৎসালয়ৰ পৰাই পলায়ন কয়দীৰ । পূৰ্বেও কেইবাবাৰো কয়দী পলোৱাৰ ঘটনা সংঘটিত হোৱা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ আচামী পুনৰ পলাবলৈ সক্ষম হ'ল । তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানলৈ লৈ যোৱা কয়দীটোৱে চিকিৎসালয়ৰ পৰাই পলায়ন কৰে ।

উল্লেখ্য় যে তেজপুৰৰ চান্দমাৰী অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি অহা গভাইত চোৰ চুমন কেওট ওৰফে মাংসক নিজ ঘৰতে চুৰি কাৰ্য সংঘটিত কৰা বাবে যোৱা ১৯ ফ্ৰেৱুৱাৰীত লালমাটি আৰক্ষী থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । পৰৱৰ্তী সময়ত ২১ ফেৱুৱাৰীত চুমন কেওটক ভাৰতীয় দণ্ড বিধিৰ ৪৫৭/৩৮০ ধাৰাৰ অধীনত ৰুজু হোৱা ৮৯/২৪ নং গোচৰত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হয় । পিছলৈ কয়দীটোক ২১ মাৰ্চত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিস্থানলৈ পৰীক্ষাৰ বাবে নি ভৰ্তি কৰোৱা অৱস্থাতে কালি অৰ্থাৎ ২৬ মাৰ্চত আচামী চুমন কেওটে তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।

ইয়াৰ পূৰ্বে যোৱা ১৭ মাৰ্চৰ নিশা তেজপুৰ কেন্দ্ৰীয় কাৰাগৰাৰ পৰা তিনিটা কয়দী পলায়ন কৰাৰ ঘটনা সংঘটিত হৈছিল । এই তিনিটা কয়দী হৈছে ঠেলামৰা থানাত ৰুজু হোৱা গোচৰৰ থুলেশ্বৰ তাঁতী (২১),মিছামাৰী থানাৰ গোচৰৰ জেহেৰুল ইছলাম (২১), চাৰিদুৱাৰ থানাৰ গোচৰত ইন্দ্ৰজিত মণ্ডল । এই কয়দীকেইটাক আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ।

এই ঘটনাৰ পিচতেই পুনৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক লৈ উথাপন হৈছে প্ৰশ্ন ৷ সোপাঢিলা ব্যৱস্থাৰ বাবে আৰক্ষীৰ বেহু ফালি কয়দীয়ে পলায়ন কৰিবলৈ সক্ষম হোৱা বুলি ৰাইজৰ মাজত চলিছে চৰ্চা ।

লগতে পঢ়ক:ধৰ্ষণৰ গোচৰত অভিযুক্ত পলাতক কয়দীক নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.