ETV Bharat / state

মহাবিদ্যালয়ৰ নামভৰ্তিৰ বিসংগতি : শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ তেজপুৰ আছুৰ - College admissions

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:11 PM IST

Samarth Portal : মহাবিদ্যালয়সমূহত চলি থকা নামভৰ্তিৰ প্ৰক্ৰিয়াত দেখা দিয়া বিসংগতি সন্দৰ্ভত অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ তেজপুৰ আছুৰ ৷ অনলাইন আবেদন ব্যৱস্থাৰ দিশলৈ যোৱাৰ লগে লগে বহু ছাত্ৰ-ছাত্ৰীয়ে কাৰিকৰী ত্ৰুটি আৰু সংযোগৰ সমস্যাৰ সন্মুখীন হৈছে ৷ বিশেষকৈ সীমিত ইণ্টাৰনেটৰ ব্যৱহাৰ থকা গ্ৰাম্য অঞ্চলত এই কাৰিকৰী সমস্যাসমূহে আৱেদনসমূহ সুচাৰুৰূপে দাখিল কৰাত বাধাৰ সৃষ্টি কৰে বুলি ছাত্ৰ সন্থাই উল্লেখ কৰিছে ৷

ASSAM EDUCATION MINISTER
শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ তেজপুৰ আছুৰ (ETV BHARAT ASSAM)

তেজপুৰ, 26 জুন : মহাবিদ্যালয়ত নামভৰ্তিক লৈ বৰ্তমান এক আসোঁৱাহ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ সমৰ্থ পৰ্টেলৰ বিসংগতিৰ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি বিনামূলীয়া নামভৰ্তিৰ প্ৰসংগত এক বিবৃত্তি প্ৰকাশ কৰিছে ৷ একেসময়তে আজি‌ তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই মহাবিদ্যালয়সমূহত চলি থকা নামভৰ্তিৰ প্ৰক্ৰিয়াত দেখা দিয়া বিসংগতি সন্দৰ্ভত অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱাঞ্জন বিকাশ পাঠক আৰু সাধাৰণ সম্পাদক গীতাৰ্থ হৰি কাশ্যপৰ নেতৃত্বত এটি সজাতি দলে শোণিতপুৰ জিলাৰ আয়ুক্তক সাক্ষাৎ কৰি জিলাখনৰ‌ মহাবিদ্যালয় সমূহত চলি থকা নামভৰ্তি প্ৰক্ৰিয়াত দেখা দিয়া সমস্যাসমূহ সমাধানৰ বাবে শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰকপত্ৰখনত স্পষ্টভাৱে তথ্য আৰু নিৰ্দেশনাৰ অভাৱৰ‌ কথা‌‌ সদৰী কৰি ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ পদ্ধতি, যোগ্যতাৰ মাপকাঠী আৰু গুৰুত্বপূৰ্ণ সময়সীমা সম্পৰ্কে সঠিক আৰু সময়োপযোগী তথ্য লাভ কৰাত প্ৰায়ে অসুবিধাৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰে আঞ্চলিক ছাত্ৰ সন্থাই ৷ এই তথ্যৰ অভাৱৰ ফলত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলে সুযোগ হেৰুৱাব পাৰে আৰু নানান ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে বুলিও ছাত্ৰ সন্থাই শংকা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : সমৰ্থ পৰ্টেল বিতৰ্ক : বিপাঙত শিক্ষাৰ্থী, জাঙুৰ খাই উঠিছে যুৱ ছাত্ৰ পৰিষদ - Samarth Portal

তদুপৰি অনলাইন প্ৰয়োগৰ ক্ষেত্ৰত কাৰিকৰী সমস্যাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি ছাত্ৰ সন্থাই স্মাৰকপত্ৰখনত উল্লেখ কৰিছে ৷ অনলাইন আবেদন ব্যৱস্থাৰ দিশলৈ যোৱাৰ লগে লগে বহু ছাত্ৰ-ছাত্ৰীয়ে কাৰিকৰী ত্ৰুটি আৰু সংযোগৰ সমস্যাৰ সন্মুখীন হৈছে, বিশেষকৈ সীমিত ইণ্টাৰনেটৰ ব্যৱহাৰ থকা গ্ৰাম্য অঞ্চলত এই কাৰিকৰী সমস্যাসমূহে আৱেদনসমূহ সুচাৰুৰূপে দাখিল কৰাত বাধাৰ সৃষ্টি কৰে বুলি ছাত্ৰ সন্থাই উল্লেখ কৰিছে ৷ স্বচ্ছতাৰ অভাৱত কিছুমান প্ৰতিষ্ঠানত নামভৰ্তি প্ৰক্ৰিয়াত চুড়ান্ত মেধাৰ তালিকাত আবেদনকাৰীৰ নাম নিৰ্বাচনৰ বাবে অস্পষ্ট মাপকাঠী আৰু আবেদনৰ অৱস্থা সম্পৰ্কে অপৰ্যাপ্ত তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকৰ মাজত অনাস্থা আৰু হতাশাৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰিছে তেওঁলোকে ৷

এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত সঠিক তথ্য আৰু পথ প্ৰদৰ্শনৰ বাবে নিৰ্দিষ্ট সহায় কেন্দ্ৰ আৰু হেল্পলাইন স্থাপন কৰি অনলাইন এপ্লিকেচন চিষ্টেমৰ নিৰ্ভৰযোগ্যতা আৰু অভিগম্যতা উন্নত কৰি নিৰ্বাচনৰ মাপকাঠী আৰু প্ৰয়োগৰ ব্যৱস্থা আৰু স্বচ্ছতা বৃদ্ধি কৰিবলৈ ছাত্ৰ সন্থাই পৰামৰ্শ ‌আগবঢ়ায় ৷ উল্লেখিত বিষয়সমূহত বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰি স্মাৰক পত্ৰখনৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী‌গৰাকীক গুৰুত্ব সহকাৰে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে তেজপুৰ আছুৱে আহ্বান জনায় ৷

লগতে পঢ়ক : মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি : শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বাৰ্তা - fee waiver funds to colleges

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.