ETV Bharat / state

হত্যা নে আত্মহত্যা : কেনেকৈ অগ্নিদগ্ধ হৈ মৃত্যু হ'ল বোৱাৰীৰ ? - Suspected murder in Golaghat

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 7:28 PM IST

এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটত উত্তপ্ত পৰিস্থিতি ৷ নিশা বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালে জ্বলাই দিয়াৰ অভিযোগ ৷ যাক লৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃতদেহ লৈ স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে বোৱাৰীগৰাকীৰ আত্মীয়ই ৷

Tense situation in Golaghat Civil Hospital over the death of a woman
হত্যা নে আত্মহত্যা (ETV Bharat Assam)

গোলাঘাট,২৫ জুন: এগৰাকী বোৰাৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গোলাঘাটত ৷ সোমবাৰে নিশা প্ৰায় বাৰ বজাত গোলাঘাট কলেজ তিনিআলিস্থিত নিৰঞ্জন বৰ্মনৰ পত্নীৰ দেহত অগ্নি সংযোগ হোৱাত ততাতৈয়াকৈ স্বামীৰ পৰিয়ালে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও মহিলাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷

হত্যা নে আত্মহত্যা (ETV Bharat Assam)

অতি সংকটজনক অৱস্থাত পত্নীক গুৱাহাটীলৈ নি থকা অৱস্থাত চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁ মৃত্যুক আকোৱালি লয় ৷ তাৰ পিচতেই মৃতদেহ লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়তে পত্নীৰ পৰিয়ালৰ লোকে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰে ৷ পৰিয়ালৰ লোকৰ অভিযোগ- পত্নীৰ সৈতে স্বামী নিৰঞ্জনৰ বহুদিন ধৰি সংঘাত চলি আছিল ৷ অন্তঃকন্দলৰ মাজতে পত্নীক মাজে-সময়ে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন কৰে পত্নীৰ পৰিয়ালে ।

কিন্তু এইবাৰ সীমা অতিক্ৰম কৰি পৰিকল্পিতভাৱে স্বামীৰ পৰিয়ালে গাত অগ্নি সংযোগ কৰি মৃত্যুমুখলৈ ঠেলি দিয়ে বোৱাৰীগৰাকীক ৷ যাৰ বাবে বোৱাৰীগৰাকীৰ আত্মীয়ই গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত স্বামীৰ পৰিয়ালক জবাবদিহি কৰে ৷ ইফালে পত্নীৰ পৰিয়ালৰ সকলো অভিযোগ নস্যাৎ কৰি স্বামীৰ পৰিয়ালৰ লোকে পত্নীয়ে নিজে গাত জুই লগাই আত্মহত্যাৰহে চেষ্টা কৰে বুলি উল্লেখ কৰে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে গোলাঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সম্পূৰ্ণ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব প্ৰকৃত সত্য ৷

লগতে পঢ়ক: মাতাল স্বামীৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পত্নী - Attempt To Murder

জামুগুৰিহাটত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ: একেদিনাই তিনি কিশোৰী সন্ধানহীন - Teenage Girl Missing In Jamugurihat

বহিঃৰাজ্যত ৰহস্যজনকভাৱে নিৰুদ্দেশ টেঙাখাতৰ বোৱাৰী - Woman Missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.