ETV Bharat / state

বঙাইগাঁও জিলাৰ ঘোঁৰামাৰাত তীব্ৰ উত্তেজনা, উজনি অসমলৈ ইটাভাতাৰ শ্ৰমিক নিয়াত বাধা সহস্ৰাধিকৰ

Protest at Ghoramara : ঘোঁৰামাৰাত দালাল, শ্ৰমিক আৰু ৰাইজৰ মাজত উত্তেজনা । উজনি অসমলৈ ইটাভাতাৰ শ্ৰমিক নিয়াত বাধা ৰাইজৰ ।

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Protest at Ghoramara
বঙাইগাঁও জিলাৰ ঘোঁৰামাৰাত তীব্ৰ উত্তেজনা (ETV Bharat Assam)

বঙাইগাঁও, ৮ অক্টোবৰ : বৰ্তমান নামনি অসমৰ বিভিন্ন প্ৰান্তত চলি আছে শ্ৰমিকবিৰোধী অভিযান । কিছুদিন পূৰ্বে উজনি অসমৰ বিভিন্ন ঠাইত 'মিঞা হাটাও' অভিযান অব্যাহত আছিল । ধিংকাণ্ডৰ আলম লৈ উজনি অসমৰ বিভিন্ন ঠাইত মিঞা শ্ৰমিকসকলক অমানুষিক অত্যাচাৰ-উৎপীড়ন কৰি খেদি পঠিওৱাৰ অভিযোগ উঠিছিল ।

আনহাতে, সন্দেহযুক্ত বাংলাদেশী নাগৰিক বুলি কৈ সমগ্ৰ অসমজুৰি এক আলোড়নৰ সৃষ্টি কৰিছিল । ইয়াত চৰকাৰেও চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উঠিছিল । এতিয়া উজনি অসমৰ ইটাভাতাকে আদি কৰি বিভিন্ন বিভাগত শ্ৰমিকৰ অভাৱত সকলো কাম স্থৱিৰ হৈ পৰিছে । যাৰ ফলত প্ৰতিষ্ঠানৰ মালিকসকলে দালালৰ জৰিয়তে নামনি অসমৰ পৰা শ্ৰমিক উজনিলৈ অসমলৈ নিবলৈ নানা কৌশল অৱলম্বন কৰিছে ।

এইক্ষেত্ৰত নামনি অসমৰ একাংশ দল-গঠনৰ লগতে ৰাইজ জাঙুৰ খাই উঠিছে । তাৰেই প্ৰতিফলন ঘটিছে বঙাইগাওঁ জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘোঁৰামাৰাত । ঘোঁৰামাৰাত দালাল, শ্ৰমিক আৰু ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি হয় । উজনি অসমলৈ ইটাভাতাত শ্ৰমিক নিয়াত বাধা দিয়ে সহস্ৰাধিক ৰাইজে ।

দুখনকৈ শ্ৰমিকভৰ্তি বাছ আবদ্ধ কৰি ৰাইজে শিশু শ্ৰমিকক লৈ যাবলৈ বাধা প্ৰদান কৰে । তেওঁলোকৰ অভিযোগ, ইয়াৰ দ্বাৰা শিশুসকল শিক্ষাৰ পৰা বঞ্চিত হ'ব । শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ বাবেই অসমত নিৰক্ষৰতাৰ হাৰ বৃদ্ধি পোৱা বুলিও ৰাইজৰ অভিযোগ ।

ইয়াৰ উপৰি ৰাইজে বাল্যবিবাহৰ অন্যতম কাৰণ ইটাভাতাত নিয়োজিত শিশু শ্ৰমিক বুলি দাবী কৰে । ইফালে শিক্ষাৰ অধিকাৰৰ পৰা শিশুসকল বঞ্চিত হোৱাৰো অভিযোগ কৰে ৰাইজে । আনহাতে, ঘটনাস্থলীত মেৰেৰচৰ আৰক্ষী উপস্থিত হৈ থানালৈ লৈ যায় শ্ৰমিকভৰ্তি বাছ দুখন । শিশু শ্ৰমিকৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কে মেৰেৰচৰ থানাৰ আৰক্ষী বিষয়াক প্ৰশ্ন কৰে ৰাইজে । ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ'-বেক, আমছু গ'-বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে মেৰেৰচৰ আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰে ৰাইজে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ সপোনৰ আন্তৰ্জাতিক মানৰ ষ্টেডিয়াম নিৰ্মাণত স্থৱিৰতা
লগতে পঢ়ক :অৱশেষত বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস বন্ধৰ নিৰ্দেশ প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.