ETV Bharat / state

কাজিৰঙাত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি - Road Accident In Kaziranga

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 7:53 PM IST

Tense situation in Kaziranga :একেলগে চাৰিখন বাহন দুৰ্ঘটনাগ্ৰস্ত । কাজিৰঙা এলেকাত গাড়ীৰ গতিবেগ যথেষ্ট হ্ৰাস কৰা হৈছে যদিও চালকে নামানে আইন ।

Tense situation in Kaziranga
কাজিৰঙাত পথ দুৰ্ঘটনা (ETV Bharat Assam)

কাজিৰঙা, ২৮ জুলাই : কাজিৰঙাৰ দুৰ্গাপুৰত দেওবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্গাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বাছসহ চাৰিখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উক্ত দুৰ্ঘটনাটোত কেইবাজনো লোক আহত হোৱাৰ লগতে চাৰিওখন বাহনৰ কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ।

কাজিৰঙাত পথ দুৰ্ঘটনা (ETV Bharat Assam)

কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো?

এজন প্ৰত্যক্ষদৰ্শীয়ে এই দুৰ্ঘটনা সংঘটিত হোৱা সন্দৰ্ভত কয়, "যোৰহাট অভিমুখী AS 01EX 6777 নম্বৰৰ এখন বেলেন’ গাড়ীক একেদিশেৰে আহি থকা AS 25C 3056 নম্বৰৰ আলট্ৰা বাছখনে পিছপিনৰ পৰা প্ৰচণ্ড বেগত খুন্দা মাৰে ৷ বাছখনৰ গতিবেগ যথেষ্ট আছিল ৷ ইপিনে, বেলেন’ গাড়ীখনে খুন্দা খাই একেদিশতে থকা সন্মুখৰ AS 01BH 8399 নম্বৰৰ ইঅ’ন আৰু AS 01BT 2543 নম্বৰৰ ইগনিছ গাড়ীত খুন্দা মাৰে ৷" দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিৱেশ ৷

কাজিৰঙা এলেকাত গাড়ীৰ গতিবেগ অমান্য় :

এই দুৰ্ঘটনাক লৈ বেলেন’ গাড়ীৰ যাত্ৰী তথা চালকে আলট্ৰা বাছখনৰ কৰ্তৃপক্ষক জবাবদিহি কৰে ৷ যি সময়ত কাজিৰঙা এলেকাত গাড়ীৰ গতিবেগ যথেষ্ট হ্ৰাস কৰা হৈছে, ঠিক তেনে সময়ত আলট্ৰা বাছখনে কি কাৰণত নিৰ্দিষ্ট গতিবেগতকৈ অধিক বেগত গাড়ীখন চলালে তাক লৈ প্ৰশ্ন কৰে বেলেন’ গাড়ীৰ যাত্ৰীয়ে ৷

দুৰ্ঘটনাস্থলীত উপস্থিত কহঁৰা আৰক্ষী চকীৰ বিষয়া:

ইফালে স্থানীয় ৰাইজ উক্ত স্থানত উপস্থিত হৈ কহঁৰা আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ ইয়াৰ কিছুসময়ৰ পাছতেই কহঁৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ দুৰ্ঘটনাটোত বেলেন’ গাড়ীখনৰ যাত্ৰীৰ উপৰি কেইবাজনো লোক আহত হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী কেইখন কহঁৰা আৰক্ষী চকী লৈ লৈ যায় ৷

লগতে পঢ়ক:লখিমপুৰত ডাম্পাৰৰ চেপাত বৃদ্ধাৰ মৃত্যু

বঙাইগাঁৱত ভয়ংকৰ বাছ দুৰ্ঘটনা : থিতাতে নিহত এজন, আহত ১৫ গৰাকী - Bus Accident

ট্ৰেক্টৰৰ চেপাত নিমিষতে প্ৰাণ গ’ল এগৰাকী বৃদ্ধাৰ: আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ - Accident in Amguri

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.