ETV Bharat / state

তেজেৰে ৰাঙলী বিধায়ক বলীন চেতিয়াৰ চৰকাৰী আৱাস ! কি ঘটিছিল দেওবাৰে দুপৰীয়া ? - CLASHES AT MLA HOSTEL

দিছপুৰস্থিত বিধায়ক আৱাসত হঠাৎ লাগিল হুৱাদুৱা । বিধায়ক বলীন মেতিয়াৰ বাসগৃহৰ মজিয়া ৰাঙলী হ’ল তেজেৰে ৷ কি ঘটিছিল আচলতে ?

MLA Hostel clashes
দিছপুৰত ভয়ংকৰ ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2024, 6:01 PM IST

গুৱাহাটী: চৰ্চাত দিছপুৰৰ বিধায়ক আৱাস । দিছপুৰৰ বিধায়ক আৱাসত এইবাৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ । ৰাজধানী দিছপুৰৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বিধায়ক আৱাসত মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি চলা চৰ্চাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাটো সংঘটিত হৈছে শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ চৰকাৰী আৱাসত । তেজেৰে ৰাঙলী হ'ল বিধায়ক বলীন চেতিয়াৰ আৱাস ।

বিধায়ক আৱাসত কোনে কাক কৰিলে মাৰপিট ?

শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ আৱাসত সঞ্জীৱ সন্যাসী নামৰ এজন লোকক প্ৰহাৰ কৰা বুলি চৰ্চা হৈছে । অৱশ্যে বাথৰূমত পৰিহে আঘাত পোৱা বুলি অতিশেহতীয়াভাৱে মন্তব্য কৰিছে সন্যাসীয়ে । মূৰত আৰু শৰীৰৰ কেইবাটাও স্থানত আঘাত পোৱা সঞ্জীৱ সন্যাসীক বিধানসভাৰ স্বাস্থ্য সেৱা কেন্দ্ৰত ভৰ্তি কৰোৱা হয় । ইফালে সঞ্জীৱ সন্যাসীক সঞ্জীৱ গোঁহাই নামৰ এজনে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । ঘটনা সংঘটিত হোৱাৰ সময়ত বিধায়ক আৱাসত উপস্থিত নাছিল বিধায়ক বলীন চেতিয়া । অভিযুক্ত সঞ্জীৱ গোহাঁই বলীন চেতিয়াৰ সমষ্টিৰ মানুহ বুলি জানিব পৰা গৈছে । আনফালে আহত সঞ্জীৱ সন্যাসী বিধায়ক বলীন চেতিয়াৰ ঘৰৰ ৰান্ধনি ।

দিছপুৰত ভয়ংকৰ ঘটনা (ETV Bharat)

আৰক্ষীৰ তদন্ত আৰম্ভ

কিয় আৰু কি কাৰণত মাৰপিটৰ ঘটনা সংঘটিত হ'ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই । ইফালে মাৰপিটৰ ঘটনাটোক গাপ দিয়াৰো চেষ্টা চলোৱা হৈছে বুলি অভিযোগ উত্থাপন হৈছে । ঘটনাটো বিধায়ক আৱাসৰ 'ডি' ব্লকৰ তৃতীয় মহলাত ডি-৬ গৃহত সংঘটিত হৈছে । যিটো ঘৰৰ আৱাসী বিধায়ক বলীন চেতিয়া । এই ঘটনাই বিধায়ক আৱাসত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত কৰে যদিও আৰক্ষীয়ে কোনো কথা প্ৰকাশ কৰা নাই ।

অৱশ্যে আৰক্ষীৰ আগত আহত লোকজনে বাথৰূমত পৰি আঘাতপ্ৰাপ্ত হোৱা বুলি জনাইছে । লক্ষণীয় বিষয় যে আহত লোকজনক আন এজন লোকে চিকিৎসা কেন্দ্ৰলৈ নিয়াৰ সময়ত লোকজনে বাথৰূমত পৰি আহত হোৱা বুলি কোৱাৰ বিপৰীতে আহত লোকজনে মাৰপিট কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল । সমগ্ৰ ঘটনাই যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :অসম সন্মিলিত মৰ্চাত কংগ্ৰেছৰ বাবে দুৱাৰ বন্ধ নাই : অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.