কাজিৰঙা, 16 জুন: উচ্চতম ন্যায়ালয়ৰ দোহাই দি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শনিবাৰে কাজিৰঙাত কৰা এক মন্তব্যত জাঙুৰ খাই উঠিছে কাজিৰঙাৰ অস্থায়ী বনকৰ্মীসকল ৷ দিনে-নিশাই কৰ্তব্যত নিয়োজিত হৈ থকাৰ পাচতো উপযুক্ত পাৰিশ্ৰমিক লাভৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভত আগন্তুক বানৰ পূৰ্বে একপ্ৰকাৰ কাজিৰঙা অচল কৰাৰ হুংকাৰ প্ৰদান কৰিছে অস্থায়ী বনকৰ্মীসকলে ৷
অস্থায়ী বনকৰ্মীসকলে কয় যে, মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ কথা উল্লেখ কৰি কাজিৰঙাৰ অস্থায়ী বনকৰ্মীৰ নিয়মীয়াকৰণৰ কোনো ব্যৱস্থা চৰকাৰৰ হাতত নাই বুলি কয় ৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিচতে আজি মুকলিলৈ ওলাই আহে বনকৰ্মীসকল ৷ কৰ্তব্য এৰি দেওবাৰে ২৫৩ গৰাকী অস্থায়ী বনকৰ্মীয়ে কাজিৰঙাত বাহৰ পাতি থকা বনমন্ত্ৰীক সাক্ষাতৰ বাবে আহে ৷ মুখ্যমন্ত্ৰীৰ মন্তব্যই তেওঁলোকৰ মনোবল ভাঙি দিয়াৰ লগতে তেওঁলোকক শংকিত কৰিছে বুলি স্পষ্ট কৰে বনকৰ্মীসকলে ৷
লগতে পঢ়ক: ৰ’দ-বৰষুণক আওকাণ কৰি কাজিৰক্ষাৰ সুৰক্ষাত নিজকে সমৰ্পণ মহিলা বনকৰ্মীৰ - Kaziranga National Park
নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কেৱল মাত্ৰ কেইটামান টকাৰ দৰমহাৰে পৰিয়াল পোহপাল দিব নোৱাৰিলেও তেওঁলোকে কাজিৰঙাৰ সুৰক্ষাত ২৪ ঘন্টাই ব্ৰতী হৈ আছে ৷ তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে পাতল কথা কোৱাৰ বিপৰীতে অস্থায়ী বনকৰ্মীসকলক পৰিয়াল পোহপাল দিব পৰাকৈ ব্যৱস্থা কৰা উচিত বুলি তেওঁলোকে উল্লেখ কৰে ৷
ইপিনে, ২০১৭ চনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০০৫ চনত যোগদান কৰা অন্যান্য ৰাষ্ট্ৰীয় উদ্যান বা বনাঞ্চলৰ বনকৰ্মীসকলক শেহতীয়াকৈ ফিক্সড পে'ৰ ব্যৱস্থা কৰিছে যদিও কাজিৰঙাৰ এজনো বনকৰ্মীৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্ৰহণ কৰা নহ'ল বুলিও ক্ষোভ উজাৰে বনকৰ্মীসকলে ৷ এইক্ষেত্ৰত চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে তেওঁলোকে ৷
উল্লেখ্য যে, ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে বাৰিষা ৷ কেইদিনমান পিচতেই অৱধাৰিতভাৱে উদ্ভৱ হ’ব বান সমস্যা ৷ বানৰ সময়ত কাজিৰঙাৰ জীৱকূলে নিৰাপদ ঠাই বিচাৰি ঢাপলি মেলে কাৰ্বি পাহাৰৰ লগতে কাষৰীয়া অঞ্চললৈ ৷ এই সময়ত জীৱ-জন্তুক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত বনকৰ্মীসকলৰ ভূমিকা অপৰিসীম ৷ কিন্তু এইদৰে যদি বনকৰ্মীসকলে কৰ্তব্যৰ পৰা বিৰত থাকে, তেন্তে বানৰ সময়ত ব্যাপক সমস্যাই দেখা দিব ৷