চিৰাং,২১ জানুৱাৰী: চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ডাংতলত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । চাৰিজনীয়া যুৱকৰ কামনাৰ বলি এগৰাকী কিশোৰী । ধৰ্ষিতা কিশোৰীয়ে সন্তান প্ৰসৱ কৰাৰ পাছতহে পোহৰলৈ আহিল ধৰ্ষণকাণ্ডৰ তথ্য । ঘটনাসন্দৰ্ভত তিনি যুৱকক গ্ৰেপ্তাৰ, বৰ্তমানো পলাতক এজন ।
চাৰিজনীয়া যুৱকৰ বিৰুদ্ধে এগৰাকী ১৪ বছৰীয়া জনজাতীয় কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি ডাংতল আৰক্ষী চকীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি । শনিবাৰে নিৰ্যাতিতা কিশোৰীগৰাকীয়ে নিজৰ ঘৰতে এটি শিশুৰ জন্ম দিয়াৰ পিছত দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহে । ডাংতল আৰক্ষী চকীৰ অন্তৰ্গত তিনি নাবালক যুৱক আৰু বঙাইগাঁও আৰক্ষী থানাৰ চেন্ট্ৰেল ৰে'লৱে কলনীৰ কাৰ্তিক বৈদ্য নামৰ এজন বিবাহিত যুৱকৰ বিৰুদ্ধে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ।
ইতিমধ্যে, স্থানীয় ৰাইজে অভিযুক্ত তিনি যুৱকক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে । তাৰে এজন এতিয়াও পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে । ইফালে অভিযুক্ত যুৱক কেইজনক আটক কৰাৰ খবৰ লাভ কৰি আন একাংশ স্থানীয় ৰাইজে ডাংতল আৰক্ষী চকীৰ সন্মুখত ভিৰ কৰে ।
তাৰে একাংশ উত্তেজিত ৰাইজে আৰক্ষী চকী চৌহদতে অভিযুক্ত যুৱককেইজনক শাৰীৰিক আক্ৰমণ কৰাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ঘটনা সংক্ৰান্তত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অভিযুক্ত কেইজনক কাজলগাঁও থানাত লৈ আহে । স্থানীয় ৰাইজে উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।
লগতে পঢ়ক: মহানগৰীত কিশোৰীক ধৰ্ষণৰ অভিযোগ