ETV Bharat / state

জনজাতিকৰণৰ দাবীত টাইপাৰ প্ৰতিবাদ

TAYPA Demand ST Status: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে সাব্যষ্ট কৰি আহিছে তীব্ৰ প্ৰতিবাদ । পুনৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ছয় জনগোষ্ঠীক জনজাতিৰণৰ প্ৰসংগক লৈ সৰৱ হৈ পৰিছে দল-সংগঠনসমূহ । বুধবাৰে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ কৰে টাই আহোম যুৱ পৰিষদে ।

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 10:06 AM IST

TAYPA protest demanding tribalisation in Dibrugarh
জনজাতিকৰণৰ দাবীত টাইপাৰ প্ৰতিবাদ
জনজাতিকৰণৰ দাবীত টাইপাৰ প্ৰতিবাদ

ডিব্ৰুগড়,২৯ ফেব্ৰুৱাৰী: পুনৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত পুনৰ মূৰ দাঙি উঠিছে ছয় জনগোষ্ঠীক জনজাতিৰণৰ প্ৰসংগ । অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা বিষয়টোক লৈ পুনৰ জনগোষ্ঠীয় সংগঠনসমূহ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে । কিয়নো প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল ।

শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেইয়া কাৰ্যকৰী নকৰিলে । ফলত লোকসভা নিবাৰ্চনৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । বুধবাৰে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ কৰে টাই আহোম যুৱ পৰিষদে । ডিব্ৰুগড়ৰ চৌকিডিংঙীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে । এই প্ৰতিবাদৰ জৰিয়তে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিওতে এবাৰ ভাবি চাবলৈ দাবী জনাই ৰাইজক ।

ইয়াৰোপৰি আহোম জনগোষ্ঠীক লৈ সামাজিক মাধ্য়মত বিতৰ্কিত মন্তব্য কৰা জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে প্ৰতিবাদস্থলীতে সৰৱ হৈ পৰে টাইপাৰ নেতৃত্ব । জ্যেষ্ঠ সাংবাদিকগৰাকীক তীব্ৰ সমালোচনা কৰি তেওঁৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থাৰ গ্ৰহণ কৰাৰ দাবী জনাই টাইপাৰ বিষয়ববীয়াসকলে । লগতে মনোজ গোস্বামীক গ্ৰেপ্তাৰ নকৰিলে তেওঁৰ বাসগৃহ আৰু কাৰ্যালয় ঘেৰাও কৰা হ'ব বুলি জানিবলৈ দিয়ে টাইপাৰ নেতৃত্বই ।

লগতে পঢ়ক: জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে ক্ষোভ আটাছুৰ; সোণাৰিত জব্দ আগশাৰীৰ বাতৰি কাকত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.