ETV Bharat / state

জীৱনৰ ঐনিতম গাবলৈ জোনাইলৈ আহক, কঁহুৱাই দলিচা পাৰি ৰৈ আছে আপোনাক আদৰিবলৈ - Swollen Kans Grass in Jonai

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 4:45 PM IST

Kohuwa phul in Jonai : বানে গৰকা জোনাইত এতিয়া প্ৰকৃতিৰ আনন্দোৎসৱ ৷ কঁহুৱাৰ দলিচাই বিমুগ্ধ কৰিছে অজস্ৰজনক ৷ তাৰ মাজে-মাজে ভাঁহি আহিছে মন উতলা কৰা ঐনিতমৰ সুৰ ৷

Kohuwa phul in Jonai
জীৱনৰ ঐনিতম গাবলৈ জোনাইলৈ আহক (ETV Bharat Assam)

জোনাই, ৯ ছেপ্টেম্বৰ : কঁহুৱা ফুলৰ মাজে-মাজে জীৱনৰ ঐনিতম গাবলৈ মাতিছে জোনায়ে ৷ ওখোৰা-মোখোৰা বালিচৰৰ বাট, তথাপি আপঙৰ ৰাগি লগাই জোনাইত পলুৱাব পাৰে ভাগৰ, জিৰাব পাৰিব শুভ্ৰ-সুকোমল কঁহুৱাৰ ছাঁত ৷

বানৰ সময়ত খাদ্য-বস্ত্ৰ-বাসস্থানৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা জোনাইক ভূ-স্বৰ্গ হিচাবেও অভিহিত কৰা হয় ৷ কিন্তু বানৰ পিছতে শৰতৰ আগমনৰ লগে লগে বানে আৱৰা ভূমিক আৱৰিছে কঁহুৱা ফুলে ৷ ‘‘কঁহুৱা বন, মোৰ অশান্ত মন...’’ সুধাকণ্ঠই গোৱাৰ দৰেই জোনাইৰ দুখ-যাতনাৰ মাজত থকা লোকসকলৰ মন এতিয়া কঁহুৱা বনে মতলীয়া কৰি তুলিছে ৷ জোনাইত ফুলি উঠা কঁহুৱাৰ কাষত বহি স্থানীয় কিশোৰীয়েও গুণগুণাইছে ঐতিতম ৷ দূৰৈৰ পৰা ভাঁহি অহা ঐনিতমৰ সুৰে উতলা কৰিছে সকলোৰে ৷

জোনাইৰ চিয়াৰ নদীৰ পাৰৰ বিস্তীৰ্ণ এলেকাত এতিয়া কঁহুৱাৰ দলিচা ৷ এনে লাগিছে যেন চিয়াঙৰ পাৰত প্ৰকৃতিয়ে আনন্দ উৎসৱ আয়োজন কৰিছে ৷ জোনাইবাসীয়ে দাবী কৰিছে, হাজাৰ দুৰ্যোগেও জোনাইৰ নৈসৰ্গিক সৌন্দৰ্যৰ অনিষ্ট কৰিব নোৱাৰে ৷ কঁহুৱা ফুলৰ দলিচাই যেন তাকেই প্ৰতিপন্ন কৰিছে ৷

জোনাইৰ তিনিমাইলৰ পৰা বেৰাচাপৰি, জলডুবি, কেৰকেৰ আদি প্ৰায় 10 কিঃ মিঃজুৰি এতিয়া কেৱল কঁহুৱাৰ দলিচা ৷ এই দলিচাই নৈৰ পাৰত বসবাস কৰা মৎসজীৱি, নদীয়ালসকলক পুলকিত কৰিছে ৷ তদুপৰি আকৰ্ষিত কৰিছে চহৰীয়াসকলকো, যাৰ ফলত জোনাইত এতিয়া ভিৰ হৈছে পৰ্যটকৰো ৷

মুঠৰ ওপৰত জোনাইৰ বেৰা চাপৰিৰ চিয়াং নদীৰ কাষত ফুলা কঁহুৱা ফুলৰ মনোমোহা দৃশ্যই হৰণ কৰিছে অনেকৰ দৃষ্টি ৷ এই কঁহুৱা ফুলৰ মনোৰম দৃশ্যই মানুহৰ মনলৈও লৈ আহিছে অফুৰন্ত আশা আৰু প্ৰেৰণাৰ বতৰা ৷ উল্লেখ কৰিবই লাগিব- কঁহুৱাবিহীন গীত, কবিতা, প্ৰকৃতিৰ ৰূপ-মাদকতা কোনোটোৱেই যেন সম্পূৰ্ণ নহয় ৷

লগতে পঢ়ক : ১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

জোনাইত সুধাকণ্ঠৰ জন্মদিন উদযাপন : সাংস্কৃতিক গোষ্ঠী গঠনৰ জৰিয়তে বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.