ETV Bharat / state

তিনি বছৰীয়া ঈশিকাক আঁকোৱালি ল'লে ছুইডেনৰ দম্পতীয়ে - Swedish couple adopt a child

Swedish couple adopt a child: এক হৃদয় চুই যোৱা বাস্তৱ । শিশুগৃহত ডাঙৰ হোৱা তিনি বছৰীয়া ঈশিকাক পিতৃ-মাতৃৰ মৰমেৰে উমাল কৰি ল'লে ছুইডেনৰ নিঃসন্তান দম্পতীয়ে । বিশেষভাবে সক্ষম শিশুটিক মাতৃয়ে গতাই দিছিল শিশুগৃহত ।

Swedish couple comes all the way to Assam's Jorhat to adopt a Child
তিনি বছৰীয়া ঈশিকাক আঁকোৱালি ল'লে ছুইডেনৰ দম্পতিয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 7:21 PM IST

যোৰহাট,৩০ জুলাই: জন্মলগ্নৰে পৰা বিশেষভাৱে সক্ষম এটি কন্যা শিশু । বিশেষভাৱে সক্ষম হোৱাত পিতৃ-মাতৃয়ে শিশুটিক গতাই দিছিল যোৰহাটৰ এটা শিশুগৃহত । আনহাতে নিঃসন্তান ছুইডেনৰ এক দম্পতীয়ে এটি শিশুক নিজৰ কৰি ল'বলৈ দেশে দেশে যোগাযোগ অব্যাহত ৰাখিছিল । বিভিন্ন দেশৰ শিশু দত্তক এজেঞ্চিৰ ৱেবছাইট খুচৰি ফুৰিছিল । এপাকত তেওঁলোকৰ চকুত পৰে অসমৰ যোৰহাটৰ এটি শিশুগৃহত উমলি থকা এটি বিশেষভাৱ সক্ষম কন্যা শিশু ।

তিনি বছৰীয়া ঈশিকাক আঁকোৱালি ল'লে ছুইডেনৰ দম্পতিয়ে (ETV Bharat Assam)

ঈশিকাক আঁকোৱালি ল'লে ছুইডেনৰ দম্পতীয়ে:

শিশুটিক বিধিগত নিয়ম অনুসৰি তুলি ল'বলৈ তেওঁলেকে কৰিলে আবেদন । অৱশেষত মঙলবাৰে এই দম্পতীৰ উমাল কোলাত সোমাই পৰিল ঈশিকা । ভাৰত চৰকাৰৰ শিশু হস্তান্তৰ আঁচনি "মিছন বৎস্যয়াল" মৰ্মে যোৰহাটত ছুইডেনৰ এই দম্পতীক গতাই দিয়া হল শিশুটি । মঙলবাৰে যোৰহাট আবৰ্ত ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত বিধিগত ভাবে শিশুটিক হস্তান্তৰ কৰাৰ লগতে যাৱতীয় চুক্তিও সম্পন্ন কৰা হয় ।

অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মী:

বিধায়ক ৰূপজ্যোতি কুৰ্মী, আইন সেৱা প্ৰাধিকৰণ, সমাজ কল্যান বিভাগ, শিশু কল্যান আয়োগ, শিশুগৃহ স্বৰাজ আদি বিভিন্ন বিভাগৰ বিষয়াৰ উপস্থিতিত এই কাৰ্য সম্পন্ন কৰা হয় । "ঈশিকা" মানে হৈছে ঈশ্বৰৰ সন্তান ৷ সেয়ে তেওঁলোকে শিশুটিৰ এই ধুনীয়া নামটোৱেই ৰাখিব নিজৰ দেশতো । তেওঁলোক আজি বহুত সুখী বুলি মন্তব্য কৰে আৰু অসমৰ প্ৰাকৃতিক পৰিৱেশ যেনেকৈ ধুনীয়া মানুহবোৰো মৰমিয়াল বুলি কয় । কেইদিনমানৰ পাচত দিল্লীৰ পৰা তেওঁলোক উৰা মাৰিব ছুইডেন অভিমুখে আৰু আমাৰ ইয়াত বিশেষভাবে সক্ষম বাবে মাতৃয়ে শিশুগৃহত চমজাই দিয়া ঈশিকা এই বিদেশী দম্পতীৰ কোলাত পিতৃ-মাতৃৰ মৰমেৰে উমাল হৈ থাকিব আৰু হৈ পৰিব ছুইডেনৰ নাগৰিক ।

লগতে পঢ়ক: ধনশিৰিৰ আৰ্জিনা হ'লগৈ ইটালীৰ নাগৰিক - Italian couple adopt a child

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.