ETV Bharat / state

অসম-নগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ ধাৰাষাৰ গুলীবৰ্ষণ - Assam Nagaland Border - ASSAM NAGALAND BORDER

Assam Nagaland Border Violence: পুনৰ অসম নগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা । অসমৰ মানুহৰ পোহনীয়া জীৱ-জন্তুলৈ লক্ষ্য কৰি এইবাৰ নগা দুৰ্বৃত্তই কৰে ধাৰাষাৰ গুলীবৰ্ষণ । ইতিমধ্যে আহত হৈছে বহুকেইটা পশু ৷

Assam Nagaland Border Violence
অসম নগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 12:59 PM IST

যোৰহাট, 22 জুলাই : আকৌ অশান্ত হৈ পৰিছে অসম-নাগালেণ্ড সীমান্ত ৷ কাৰণ অসম ভূমিত নগা দুৰ্বৃত্তই পুনৰ চলাইছে সন্ত্ৰাস ৷ এইবাৰ নগাই অসমৰ ভূমিলৈ লক্ষ্য কৰি চলালে গুলী । দেওবাৰে বিয়লি ভাগত মৰিয়নী দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ নিকটৱৰ্তী উদয়পুৰত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই অসমৰ মানুহৰ পোহনীয়া জীৱ-জন্তুলৈ লক্ষ্য কৰি গুলীচালনা কৰে ।

অসম নগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা (ETV Bharat Assam)

নগাৰ ধাৰাষাৰ গুলীবৰ্ষণত কেইবাটাও পশুধন আহত হোৱাৰ লগতে বহুকেইটাৰ মৃত্যুও হৈছে ৷ সৌভাগ্য ক্ৰমে এই গুলীচালনাত কথমপি প্ৰাণৰক্ষা পৰে বহু অসমীয়া যুৱকৰ । নগাই নিৰবিচ্ছিন্নভাৱে কৰা গুলীচালনা ফলত অসমৰ উদয়পুৰত তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

জানিব পৰা মতে, এই গুলীচালনাত কোমোৰা চাওৰা নামৰ এজন ব্যক্তিৰ পশুধনৰ মৃত্যু হৈছে ৷ আনহাতে নগাই গুলীচালনা সংঘটিত কৰা স্থানৰ পৰা কেইবাটাও পোহনীয়া জীৱ-জন্তু ইতিমধ্যে নোহোৱা হৈ আছে । দেওবাৰে নিশাই ঘটনাস্থলীত অসম আৰক্ষীৰ এটা উচ্চ পদস্থ দল উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰে ৷ লগতে নগাৰ গুলীত আহত পশুধন কেইটাক মৰিয়নী পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

উল্লেখ যে, যি স্থানত নগাই গুলীচালনা সংঘটিত কৰিছে সেই স্থানৰ পৰা কিছু আঁতৰত কেইবছৰ মানৰ আগতে নগা দুৰ্বৃত্তই মৰিয়নী বিধায়কক লক্ষ্য কৰি নিক্ষেপ কৰিছিল গুলী ৷ উক্ত স্থানৰ অসমৰ ভূমি নগাই বলপূৰ্বকভাৱে দখল কৰি থকাৰো অভিযোগ উত্থাপিত হৈ আহিছে ৷ কিন্তু তাৰ পিছতো অসম চৰকাৰে কোনো দৃঢ় পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ কৰিছে স্থানীয় সামান্তৱৰ্তী ৰাইজে ৷

লগতে পঢ়ক : বিহুবৰত নগাই নিৰ্মাণ কৰিছে অট্টালিকা, ভাঙিলে অসমে স্থাপন কৰা বি অ' পিৰ পকী খুঁটা - Assam Nagaland Border

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.