ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ সফল সামৰণি

Srimanta Sankardev sangha session : নিজম পৰিল হাতীখলা পথাৰ । অন্ত পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ ।

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 2:19 PM IST

Srimanta Sankardev sangha session
চাৰিওফালে নিৰৱতা
ভক্তৰ ভাষ্য

ৰঙিয়া, 12 ফেব্ৰুৱাৰী : লাখ লাখ ভক্তই গিজগিজাই থকা ৰঙিয়াৰ হাতীখলা পথাৰত এতিয়া বিৰাজ কৰিছে নিৰৱতাই । ৰঙিয়াৰ ভৈৰাৰ হাতীখলা পথাৰত ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীৰ পৰা চলিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন । প্ৰায় ছয় মাহ আগৰে পৰা চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সামৰণি পৰিল ৷ তিনিদিনৰ সীমাহীন ব্যস্ততাৰ অন্ত পৰিল কালি ।

অধিৱেশনৰ বাবে প্ৰাৰম্ভিক অৱস্থাত স্থান নিৰূপনৰ পৰা আৰম্ভ কৰি পথাৰৰ নৰা কটা, ভকত সকলক খুৱাবলৈ খেতি কৰা, লাৰু পিঠা বনোৱা আদি কামত ব্যস্ত আছিল ৰঙিয়াৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ ভকতসকল । তাৰ পিচত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমিতি সাজু হৈছিল ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ তথা আই মাতৃসকলক আদৰিবলৈ ।

প্ৰথম দিনাখন পৰিৱেশ নিকাকৰণেৰে আৰম্ভ হোৱা অধিৱেশনৰ ১১ তাৰিখ অৰ্থাৎ কালি নাগাৰা নামেৰে অন্ত পৰিল । অধিৱেশনৰ তিনি দিনত বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা লক্ষাধিক ভকত বৈষ্ণৱ আৰু আই মাতৃয়ে ৰঙিয়াৰ হাতীখলা পথাৰৰ সৌষ্ঠৱ বঢ়ালে । হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছিল ৰঙিয়াৰ হাতীখলা পথাৰ । কিন্তু কালি অধিৱেশনৰ অন্ত পৰাৰ পিচতে সেমেকি উঠিল ভক্তগণৰ চকু ৷

তিনিটা দিন একেলগে থাকি হৰিনাম লৈ সেৱা আগবঢ়োৱা ভকত বৈষ্ণৱ আৰু আইসকলৰ নয়ন সেমেকি উঠিল বিদায় বেলাত । অহা বছৰ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ইজনে আন জনৰ পৰা ল’লে বিদায় । নেদেখি নাজানি কৰা ভুল-ক্ৰুতিৰ বাবে খুজিলে ইজনে আনজনৰ ওচৰত ক্ষমা । প্ৰত্যেকেই ইজনে সিজনৰ চৰণত পৰি ঘোষা গাই ল’লে বিদায় । এনেদৰে অন্ত পৰিল ৰঙিয়াৰ ভৈয়ৰাৰ হাতীখলাত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ ।

লগতে পঢ়ক : আজি সামৰণি পৰিব 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.