ETV Bharat / state

কলিয়াবৰ মহাবিদ্যালয়ৰ গৱেষণাগাৰত পৰীক্ষা শিক্ষাৰ্থীৰ ইউনিফৰ্ম - SCHOOL UNIFORM SCAM

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 1:07 PM IST

Scam In School Uniform: মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতেই তৎপৰ শিক্ষাবিভাগ । ছাত্ৰ-ছাত্ৰীক নিম্নমানৰ ইউনিফৰ্ম যোগান ধৰাসকলৰ বাবে দুঃখবৰ । ছাত্ৰ-ছাত্ৰীৰ নতুন ইউনিফৰ্মৰ কাপোৰৰ গুণগুত মানদণ্ড C কেটেগুৰী হ’লেই শাস্তি বিহিব চৰকাৰে ।

Students uniforms tested in laboratory in Kaliabor
গৱেষণাগাৰত পৰীক্ষা কৰা হৈছে ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম

কলিয়াবৰ, ২২ মাৰ্চ : চৰকাৰী বিদ্যালয়সমূহত উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগৰ অন্ত নাই । অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰীভাৱে যোগান ধৰা ইউনিফৰ্মক লৈ উত্থাপন হোৱা অভিযোগো দীৰ্ঘদিনীয়া । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনা শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্ম কেলেংকাৰীৰ প্ৰসংগটো চৰ্চালৈ আহিছিল ।

মধ্যাহ্ন ভোজনৰ উপৰিও ইউনিফৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল । অভিযোগৰ ভিত্তিতেই অসম চৰকাৰে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ প্ৰাক মুহূৰ্ত্বত এই অভিযোগৰ সত্যাসত্য নিৰূপণৰ ব্যৱস্থা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ নতুন ইউনিফৰ্মৰ কাপোৰৰ গুণগুত মানদণ্ড C কেটেগুৰী হলেই শাস্তি বিহিব বুলি চৰকাৰে ঘোষণা কৰিছিল । সেই ঘোষণাৰ পাচতেই শিক্ষাৰ্থীৰ ইউনিফৰ্মক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ ।

ইতিমধ্যে, শিক্ষাৰ্থীৰ নতুন ইউনিফৰ্মসমূহৰ কাপোৰৰ মান নিৰ্ণয়ৰ বাবে পৰীক্ষাগাৰত পৰীক্ষা আৰম্ভ হৈছে । কলিয়াবৰ শিক্ষা সংমণ্ডলৰ নিৰ্দেশমৰ্মে কলিয়াবৰ মহাবিদ্যালয়ৰ গৱেষণাগাৰত পৰীক্ষা কৰি থকা হৈছে ইউনিফৰ্ম । ৭০ মি: লি: ছালফিউৰিক এছিড আৰু ৩০ মি: লি: পানীৰ মিশ্ৰণত ৫ গ্ৰাম ওজনৰ কাপোৰ ২ মিনিট ডুবাই থোৱাৰ পাচত ঠাণ্ডা পানীত ধুই শুকোৱা হ'ব । শুকান কাপোৰৰ টুকুৰাটো ইস্ত্ৰি কৰি পুনৰ ওজন কৰা হ'ব ।

এনেদৰে কাপোৰত কিমান শতাংশ কপাহ থাকে তাৰ মান নিৰূপণ কৰা হয় । গৱেষণাগাৰত নিৰূপণ কৰা ইউনিফৰ্মত ব্যৱহাৰ হোৱা কাপোৰৰ মানৰ প্ৰতিবেদন পঠোৱা হ'ব শিক্ষা বিভাগলৈ । চৰকাৰী নিৰ্দেশনাৰ মতে সাজ-পোছাকৰ মান নিম্নতৰ হ'লেই দোষীক কঠোৰ শাস্তি বিহা হ’ব বুলি কেইদিনমান পূৰ্বে মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

এতিয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু শিক্ষা বিভাগৰ বিষয়াৰে বুজা-বুজি কৰি নিম্ন মানৰ ইউনিফৰ্ম যোগান ধৰা প্ৰতিষ্ঠানসমূহৰ ওপৰত কি ব্যৱস্থা লোৱা হয় সি হ'ব লক্ষ্যণীয় ।

লগতে পঢ়ক : দ্বাদশ শ্ৰেণীলৈ সম্প্ৰসাৰণ হ’ব মধ্যাহ্ন ভোজন, ইউনিফৰ্ম, পাঠ্যপুথি বিতৰণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.