ETV Bharat / state

দিখৌ-ব্ৰক্ষ্মপুত্ৰ-দৰিকাৰ সংগমস্থলীত এজাক দুৰ্ভগীয়া শিক্ষাৰ্থী - Demand To Construct A Bridge - DEMAND TO CONSTRUCT A BRIDGE

Students Travel Through Boat: এখন দলং লাগে । এজাক কণমানিয়ে মুখ্যমন্ত্ৰীলৈ জনালে কাতৰ আহ্বান । নিতৌ জীৱনটো হাতৰ মুঠিত লৈ দিখৌৰ বুকুৰে পাৰাপাৰ হোৱা এজাক ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ প্ৰতিদিনে আহিছে ভয়ংকৰ বিপদৰ ভাবুকি । নদীৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ কথা কোৱা চৰকাৰৰ আহৰি হ'বনে এইসকল ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ কথা চিন্তা কৰি এখন দলং নিৰ্মাণ কৰিবলৈ ? চাওক এই প্ৰতিবেদন ।

Students are travelling dangerously to the school in Amguri
দিখৌ-ব্ৰক্ষ্মপুত্ৰ আৰু দৰিকাৰ সংগমস্থলীত এজাক দুৰ্ভগীয়া শিক্ষাৰ্থী
author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 9:26 PM IST

Updated : Apr 27, 2024, 9:32 PM IST

দিখৌ-ব্ৰক্ষ্মপুত্ৰ আৰু দৰিকাৰ সংগমস্থলীত এজাক দুৰ্ভগীয়া শিক্ষাৰ্থী

আমগুৰি,২৭ এপ্ৰিল: দেশৰ প্ৰতিগৰাকী শিশুৰ বাবে শিক্ষা হৈছে মৌলিক অধিকাৰ । এই মৌলিক অধিকাৰ প্ৰদান কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । ইউনিফৰ্ম, বিনামূলীয়া পাঠ্যপুথি, মধ্যাহ্ন ভোজন আদিৰ ব্যৱস্থা কৰি দেশৰ যাতে এটি শিশুও প্ৰাথমিক শিক্ষা লাভৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে । দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানতো শিক্ষা বিভাগত আমূল পৰিৱৰ্তন অনাৰ চেষ্টা চলোৱা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

পিছে চাৰিওফালে কেৱল উন্নয়নৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰকৃত উন্নয়নৰ ছবিখন উদঙাই দিলে এটা অঞ্চলৰ এখন বিশেষ ছবিয়ে । দৃশ্য দেখিলে শিহৰিত হৈ উঠে প্ৰতিজন । শিক্ষা গ্ৰহণৰ বাবে এক বিপদসংকূল যাত্ৰা । পদে পদে ভয়ংকৰ বিপদৰ সম্ভাৱনা । দিখৌ নৈৰ কোৱাল সোঁতৰ সৈতে যুঁজি এজাক কণমানি ছাত্ৰ-ছাত্ৰীয়ে চলাই গৈছে কঠোৰ সংগ্ৰাম ।

এই ভয়ংকৰ ছবিখন শিৱসাগৰ জিলাৰ দিখৌমুখৰ স'ৰাগুৰি চাপৰিৰ । শিৱসাগৰৰ দিখৌমুখ আৰু স'ৰাগুৰি চাপৰি সংযোগী দিখৌ নদীৰ এটা ঘাটৰ পৰা প্ৰতিদিনে নিজে নাও চলাই অহা-যোৱা কৰিব লাগে দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এইসকল ছাত্ৰ-ছাত্ৰীয়ে । ঘাটৰ লেচীয়েও এইসকল ছাত্ৰ-ছাত্ৰীৰ পৰা নাৱেৰে পাৰ হোৱাৰ বাবদ পইচা লয় যদিও নাৱৰীয়াই নদী পাৰ কৰি দিয়াত সহায় নকৰাৰ অভিযোগ কৰে ছাত্ৰ-ছাত্ৰীয়ে ।

যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নিজে ৰচি টানি নাও চলাই যাবলগীয়া হয় বিদ্যালয়লৈ । ইপিনে নাৱত নাই এটাও লাইফ জেকেট । বাৰিষাত ফেনে-ফোটোকাৰে ওফন্দি উঠা দিখৌ নদীত এইদৰে এইসকল ছাত্ৰ-ছাত্ৰীয়ে যাত্ৰা কৰিলে যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অধিক । দৈনিক জীৱনটোক বুকুত বান্ধি এইসকল ছাত্ৰ-ছাত্ৰীয়ে পাৰাপাৰ হয় দিখৌ-ব্ৰক্ষ্মপুত্ৰ আৰু দৰিকাৰ সংগমস্থলেদি ।

বিভিন্ন সময়ত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ পৰাও যেন শিক্ষা লোৱা নাই ৰাজ্য চৰকাৰে । ৰাজ্যত এটা জলপৰিবহণ বিভাগ আছে যদিও গভীৰ নিদ্ৰাত । দিখৌমুখ-স'ৰাগুৰি চাপৰিৰ বিপদসংকুল যাতায়াত ব্যৱস্থাৰ পিচতো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগটোৱে । কেইটামান টকাৰ ৰাজহ আদায়ৰ বাবে লেচীক পাৰাঘাটটো লীজত দি দায়িত্ব সামৰিছে বিভাগটোৱে । এইক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে । ইপিনে ছাত্ৰ ছাত্ৰীসকলে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাই এই স্থানত এখন দলং নিৰ্মাণ কৰিবলৈ ।

পিছে মুখ্যমন্ত্ৰীয়ে শুনিবনে এইসকল ছাত্ৰ-ছাত্ৰীৰ বিননি ? এখনৰ পাচত আন এখন উৰণ সেতু নিৰ্মাণ কৰি চমক সৃষ্টি কৰা চৰকাৰখনৰ আহৰি হ'বনে, জীৱনটো হাতৰ মুঠিত লৈ দৈনিক খৰস্ৰোতা দিখৌৰ বুকুৰে পাৰাপাৰ হোৱা এইসকলৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ কথা ভাবিবলৈ ? নে তাৰ বাবে উক্ত অঞ্চলবাসীয়ে অপেক্ষা কৰিব লাগিব কোনো এক শোকাবহ দুৰ্ঘটনালৈ ?

লগতে পঢ়ক: এখন জৰাজীৰ্ণ বাঁহৰ দলঙেই শেষ ভৰষা টিংখাঙৰ কাকৱনি গাঁওবাসীৰ

Last Updated : Apr 27, 2024, 9:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.