ETV Bharat / state

৩০ বছৰে ৰাইজৰ সেৱা আগবঢ়াই শুদা হাতে ঘৰলৈ উভতিল গৃহৰক্ষী জোৱান - Life struggle of Home Guard

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 8:57 PM IST

Struggle of life : জীৱন মানেই সংগ্ৰাম । এই সংগ্ৰাম কেনেকৈ আৰম্ভ হয় তাৰ নাথাকে কোনো পৰিধি । এনে এক সংগ্ৰামতেই ব্ৰতী হৈছে যোৰহাটৰ এজন অসহায় লোক ।

Struggle of life
গৃহৰক্ষী জোৱানৰ ক্ষোভ (ETV Bharat Assam)

যোৰহাট, ২১ জুলাই: যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য়ালয়ৰ সন্মুখতেই এখন পাণ-তামোলৰ দোকান দি জীৱন সংগ্ৰামত ব্যস্ত ৰণজিৎ তামুলী নামৰ এজন প্ৰাক্তন গৃহৰক্ষী জোৱান । যোৰহাট নিজ বালিগাঁৱৰ ৰণজিৎ তামুলী নামৰ গৃহৰক্ষী জোৱানজনে ৩০ বছৰে সকলো ত্যাগ কৰি জনসাধাৰণৰ সেৱাত ব্ৰতী হৈ আহিছিল যদিও তেওঁৰ হঠাতেই জীৱনলৈ নামি আহিছে অমানিশা । কাৰণ তিনি দশক ধৰি ৰাইজৰ সেৱাত নিষ্ঠাৰে কাম কৰি অহা এই গৃহৰক্ষী জোৱানজনক কোনো কাৰণ নোহোৱাকৈয়ে কামৰ পৰা অব্য়াহতি দিয়ে আৰক্ষী অধীক্ষকে । শুদা হাতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা উভতি জীৱন সংগ্ৰামত ব্ৰতী হোৱা গৃহৰক্ষী জোৱানজনে উক্ত কাৰ্যালয়ৰ সন্মুখতেই এখন তামোল-পাণৰ দোকান দি পৰিয়াল পোহপাল দিব লগা হৈছে ।

প্ৰাক্তন গৃহৰক্ষী জোৱানজনে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি কয় যে বিগত ৩০ বছৰে নিষ্ঠাৰে সেৱা আগৱঢ়াই গৈছিল আৰক্ষী বাহিনীত । অন্য আৰক্ষী জোৱান সকলতকৈ অধিক কষ্ট কৰে গৃহৰক্ষী জোৱান সকলে । ৩০ টা বছৰে কম মাননিত সেৱা আগৱঢ়াই অহা গৃহৰক্ষী জোৱান ৰণজিৎ তামুলীক আৰক্ষী অধীক্ষক কাৰ্যালয়লৈ মাতি নি কোনো কাৰণ নোহোৱাকৈ আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁক চাকৰিৰ পৰা অব্যাহতি দিয়ে । সেইদিনাৰ পৰাই উপাৰ্জনৰ একমাত্ৰ পথ হেৰুৱাই পঞ্চাশ উৰ্ধৰ গৃহৰক্ষী জোৱান ৰণজিৎ তামুলীয়ে এখন তামোল-পাণৰ দোকান আৰম্ভ কৰে ।

গৃহৰক্ষী জোৱান সকলৰ দৰমহা বৃদ্ধি কৰাৰ সময়ত কোনো কাৰণ নোহোৱাকৈ চাকৰিৰ পৰা অব্যাহতি দিয়া গৃহৰক্ষী জোৱানজনে নিজেই কৰি অহা কাম আৰু অন্য গৃহৰক্ষী জোৱান সকল ত্যাগৰ বিনিময়ত ন্য়ূনতম সুবিধাখিনিৰ পৰা কিদৰে বঞ্চিত হৈছে সেয়া ব্য়াখ্য়া কৰি ঊৰ্ধতন কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে । উল্লেখ্য় যে গৃহৰক্ষী জোৱানসকলৰ আজিকোপতি নাই ভৱিষ্য় নিধিৰ সুবিধা । এনেদৰে কোনো কাৰণ নোহোৱাকৈ বছৰ বছৰ ধৰি আৰক্ষীত সেৱা আগৱঢ়াই অহা গৃহৰক্ষী জোৱান সকলক চাকৰি পৰা অব্যাহতি দিয়া ঘটনাই তেওঁলোকৰ চাকৰিৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশ্নৰ অৱতৰণ কৰিছে ।

লগতে পঢ়ক:হঠাৎ সপোন থানবান হ’ল ৰাজদীপৰ; জীৱনে বাট বুলিলে অন্য দিশে... - Life Of A Dancer

ঘৰে ঘৰে পাৰ্চেল বিলাই সংসাৰ চলোৱা এটি বিশেষ নাৰী সত্বা পিংকী মালাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.