লখিমপুৰ, 8 ফেব্ৰুৱাৰী: ঠেৰেঙা লগা শীত কিম্বা উৎকট গৰমকো নেওচি মানুহজন সদায় ওলাই যায় মৈদমীয়াৰ পৰা লখিমপুৰ নগৰলৈ ৷ বুকুত বান্ধি নিয়ে এবোজা কিতাপ ৷ কিতাপৰ সৈতে তেওঁৰ সম্পৰ্ক নিবিড় ৷ কিতাপ তেওঁৰ প্ৰেম, তেওঁৰ ভালপোৱা, তেওঁৰ সংসাৰ তৰাৰ সমল ৷ নিচেই পুৱাতেই তেওঁ ওলাই আহে কিতাপৰ বোজাটো লৈ ৷ লখিমপুৰ নগৰৰ বাছ আস্থানৰ লগতে আন বহু স্থানত তেওঁ ঘূৰি ফুৰে কিতাপ বিক্ৰী কৰি ৷ কিতাপৰ সুবাস বিলাই তেওঁ ভালপায় ৷ তেওঁৰ নাম জাকিৰ হুছেইন ৷
- " class="align-text-top noRightClick twitterSection" data="">
যোৱা 25 বছৰ ধৰি নিৰন্তৰে এই কাম কৰি গৈছে জাকিৰ হুছেইনে ৷ প্ৰথমে তেওঁ পেছা হিচাপেই কিতাপ বিক্ৰী কৰিছিল যদিও পিচলৈ ক্ৰমান্বয়ে এই কামটো নিচাত পৰিণত হ’ল তেওঁৰ ৷ যাৰ বাবে যোৱা 25 বছৰে তেওঁ এই কামটোৰেই ভাতমুঠি মোকলাই আহিছে ৷ তেওঁ সিদ্ধান্ত লৈছে, আমৃত্যু এই কামকেই কৰি যোৱাৰ ৷
বুকুত কিতাপৰ জাপটো লৈ ঘূৰি ফুৰা জাকিৰ হুছেইনক সকলোৱে মৰম কৰে ৷ কোনেও টানকৈ এষাৰো নকয় তেওঁক ৷ ৰাইজৰ মৰমে আপ্লুত কৰাৰ লগতে অনুপ্ৰাণিতও কৰিছে জাকিৰক ৷ বৰ্তমান সময়ত সাধাৰণ উপাৰ্জনেৰে এটা স্বচ্ছল জীৱনৰ কল্পনা কৰিব নোৱাৰি যদিও সেইবোৰলৈ জাকিৰৰ ভ্ৰূক্ষেপ নাই ৷ শুদাই-নিকাই হ’লেও এমুঠি অন্ন যোগাৰ হ’লেই তাতেই সুখী জাকিৰ হুছেইন ৷ বৰ বেছি আশা-আকাংক্ষা নাই জাকিৰৰ ৷ দুজনী ছোৱালীক পঢ়ুৱাইছে, সিহঁতক মানুহ কৰিব পাৰিলেই হ’ল ৷
এইদৰে কিতাপ বেচি কোনো উচ্চাকাংক্ষা পূৰণ কৰিব নোৱাৰি, সেই কথা জাকিৰেও জানে ৷ তথাপিও তেওঁ এই বৃত্তিটো এৰিব নোখোজে ৷ কাৰণ কিতাপৰ সৈতে থকা এই সম্পৰ্কটো তেওঁৰ বুকুলৈকে শিপালে ৷ এতিয়া আৰু সেই সম্পৰ্কত বিচ্ছেদ অনাটো সম্ভৱ নহয় ৷ শেষৰটো উশাহলৈকে কিতাপৰ প্ৰতি এই প্ৰেম বৈ থাকিব জাকিৰৰ হৃদয়ত ৷
লগতে পঢ়ক: পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিশিষ্ট সাংস্কৃতিক কৰ্মী, বৰবিহুৱা ফিৰোজ কোঁৱৰে