ETV Bharat / state

নতুন শিক্ষানীতিৰে শিক্ষাৰ্থীসকলে বিজ্ঞান শিক্ষাৰ বিশেষ সহায় লাভ কৰিব :ৰাজ্যপাল - Seemanta Chetana Mancha Purvottar

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 6:19 PM IST

Seemanta Chetana Mancha Purvottar: সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ৰাজ্যিক অধিৱেশন আৰম্ভ । এই অধিৱেশনৰ প্ৰথমদিনা অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ।

Seemanta Chetana Mancha Purvottar
ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া (ETV Bharat Assam)

চিৰাং, ২৭ জুলাই: চিৰাং জিলাৰ বেংতল মহাবিদ্যালয়ত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ৰাজ্যিক অধিৱেশন ৷ আজি পুৱা সীমান্ত চেতনা মঞ্চৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি শ্যামল ব্ৰহ্মই ৷ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয়," দেশত নতুন শিক্ষানীতিৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিজ্ঞান শিক্ষাৰ বিশেষ সহায় লাভ কৰিব ৷"

আনহাতে,দেশৰ প্ৰহৰী সকলৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয়," দেশৰ প্ৰহৰী সকলৰ মৃত্যু ঘটিলে চৰকাৰে উচিত মৰ্যাদা প্ৰদান কৰি আহিছে ৷ " ৰাজ্যপালগৰাকীয়ে দেশৰ সীমান্ত সুৰক্ষাৰ বাবে সীমান্ত চেতনা মঞ্চৰ কৰ্যকৰ্তা সকলে কাম কৰি অহাত সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

বিটিআৰৰ শান্তি উন্নয়নতো বিশেষ গুৰুত্ব প্ৰদান :

এই অনুষ্ঠানটোত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সন্মানীয় অতিথিৰূপে উপস্থিত থাকি ভাষণ প্ৰসংগত কয়," সম্প্ৰতি বিটিআৰত শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে ৷ বিগত ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাচত উত্তৰ পূৱৰ সৰ্বাংগীন উন্নতি সাধন কৰাত গুৰুত্ব প্ৰদান কৰিছে ৷ বিটিআৰৰ শান্তি উন্নয়নতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷ "

আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ জনসাধাৰণৰ উন্নয়নত গুৰুত্ব :

উদ্বোধনী অনুষ্ঠানত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক সমিতিৰ সভাপতি ড৹ বিনীতা ভাগৱতীয়ে কয়,"উত্তৰ পূৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত বসবাস কৰা জনসাধাৰণৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আদি সকলো প্ৰকাৰৰ বিকাশ সাধনৰ দ্বাৰা আৰু একতাৰ ভাৱনা সৃষ্টি কৰিবলৈ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ এই অধিৱেশনত সামাজিক, অৰ্থনৈতিক, সুৰক্ষা আদিৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা আৰু প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব ৷ "

এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰী সদস্য উল্লাস কুলকাৰ্ণী, সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সংযোজকক মূৰলীধৰ, বেংতল মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰঞ্জিত কুমাৰ নাৰ্জাৰীয়ে ভাষণ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে পশ্চিম সীমান্তৰ নখন জিলাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অধিৱেশনত তিনিশতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:মোদী-হিমন্তৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ - Jayanta Malla On Charaideo Moidam

প্ৰতিবছৰে 26 জুলাইত চৰাইদেউ মৈদাম ক্ষেত্ৰত হ’ব বিশেষ অনুষ্ঠান : মন্ত্ৰী যোগেন মহনৰ ঘোষণা - UNESCO world heritage site

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.