ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সপোনৰ আন্তৰ্জাতিক মানৰ ষ্টেডিয়াম নিৰ্মাণত স্থৱিৰতা

Slow construction of Jorhat Stadium : আন্তৰ্জাতিক মানসম্পন্ন ষ্টেডিয়াম হিচাপে গঢ়িবলৈ মুখ্য়মন্ত্ৰীয়ে ঘোষণা কৰাৰ পিচতো কামৰ অগ্ৰগতি নোহোৱাত ৰাইজৰ ক্ষোভ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Slow construction of Jorhat Stadium
যোৰহাট ষ্টেডিয়াম নিৰ্মাণত স্থৱিৰতা (ETV Bharat Assam)

যোৰহাট, ৮ অক্টোবৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ আন্তৰ্জাতিক মানৰ যোৰহাট ষ্টেডিয়াম নিৰ্মাণত স্থৱিৰতা । যোৰহাটত বিজেপিৰ বিপৰ্যয়ৰ বাবে স্থৱিৰতা আহিছে নেকি উন্নয়নমূলক প্ৰকল্পৰ কাম-কাজত ? যোৰহাটত উন্নয়নমূলক কাম-কাজত বিগত কেইবা মাহৰ পৰা হোৱা স্থৱিৰতাক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আৰু ক্ষোভ ।

বিজেপি চৰকাৰে যোৰহাটত গ্ৰহণ কৰা কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কাম-কাজৰ স্থবিৰতা তথা লেহেমীয়া গতিক কেন্দ্ৰ কৰি জনসাধাৰণে বিশেষ ৰাজনৈতিক প্ৰভাৱ থকা বুলি ভাবিবলৈ বাধ্য হৈছে । বছৰ পূৰ্বে কাম আৰম্ভ কৰা আন্তৰ্জাতিক মানৰ যোৰহাট ষ্টেডিয়াম, নেহৰু পাৰ্ক, গান্ধী পাৰ্ক আদি প্ৰকল্পৰ অগ্ৰগতি ২৫ৰ পৰা ৩০ শতাংশও নহয় বুলি ৰাইজে অভিযোগ কৰিছে ।

সৰুসজাইৰ আৰ্হিত নিৰ্মিত ষ্টেডিয়ামত স্থৱিৰতা

উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিচতেই অসমৰ অন্যতম পুৰণি ষ্টেডিয়ামখনক সৰুসজাইৰ আৰ্হিত আৰু আন্তৰ্জাতিক মানসম্পন্ন ষ্টেডিয়াম হিচাপে গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছিল । সেই অনুসৰি বাজেটত ইয়াৰ বাবে পুঁজিও ধাৰ্য কৰা হৈছিল । প্ৰায় ৯০ বিঘা ৩ কঠা ভূমিত বৃহৎ পৰিমাণৰ পুঁজিৰে ইনড'ৰ ষ্টেডিয়াম, হোটেল ব্লক পেভেলিয়ন, পেৰেড গ্ৰাউণ্ড, এথলেটিক ট্ৰেক, ক্ৰিকেট ঘৰ, হোষ্টেল, ছাৰ্ভিছ ব্লক, পহৰাদাৰী কক্ষ আদি নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছিল ।

এই বৃহৎ পৰিমাণৰ পুঁজিৰে নিৰ্মাণ কৰা প্ৰকল্পটোৰ ঠিকা লাভ কৰিছিল চেন্নাই ৰেংক প্ৰজেক্ট প্ৰাইভেট লিমিটেডে । ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত কাম কৰা এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে বিগত বৰ্ষত ২৫ শতাংশৰো কাম নকৰাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে ।

নামমাত্ৰ শ্ৰমিকক লৈ ঠিকাদাৰী প্ৰতিষ্ঠানে কৰিছে নিৰ্মাণ

আনহাতে, উজনি অসমৰ আশা-আকাংক্ষাস্থলী যোৰহাটৰ ক্ৰীড়া প্ৰকল্পটোৰ কাম-কাজত দেখা দিয়া স্থৱিৰতাক লৈ ক্ষুব্ধ হৈছে যোৰহাট জিলা ক্ৰীড়া সন্থা । যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," দুবছৰ আগতেই সৰুসজাই ষ্টেডিয়ামৰ আৰ্হিত নিৰ্মাণ কৰিবলৈ লোৱা যোৰহাট ষ্টেডিয়ামৰ কাম-কাজত স্থৱিৰতা দেখা পোৱা গৈছে । নামমাত্ৰ শ্ৰমিকক লৈ ঠিকাদাৰী প্ৰতিষ্ঠানে ইয়াৰ নিৰ্মাণ কাৰ্য কৰা দেখা গৈছে । এনে স্থৱিৰতাক লৈ বহু প্ৰশ্ন উথাপন হৈছে ।"

তেওঁ পুনৰ কয়,"যোৰহাট ষ্টেড়িয়ামৰ এনে লেহেম গতি তথা স্থৱিৰতাৰ বিষয়ে মুখ্যমন্ত্ৰী, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আৰু স্থানীয় বিধায়কে দৃঢ় পদক্ষেপ লোৱাটো অতি দৰকাৰ । নহ'লে যোৰহাট ষ্টেডিয়াম আমাৰ বাবে তথা খেলুৱৈৰ বাবে আশীৰ্বাদ নহৈ অভিশাপহে হ'ব । " লগতে যোৰহাটৰ বিভিন্ন প্ৰান্তত হৈ থকা উন্নয়নমূলক কাম-কাজ কেইটামান মাহৰ পৰা হৈ থকা স্থৱিৰতাক লৈও তেওঁ বিভিন্ন প্ৰশ্ন উত্থাপন কৰে আৰু এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি যোৰহাটক উন্নয়নমুখী কৰি তুলিবলৈ আহ্বান জনায়।

আনহাতে, অধিবক্তা ধ্ৰুৱ বৰাই এই প্ৰসংগত কয়, "মুখ্যমন্ত্ৰীৰ সপোনৰ সৰ্বভাৰতীয় ক্ৰীড়া প্ৰকল্প লেহেম তথা স্থৱিৰতাৰ বিষয়ত তেওঁ হস্তক্ষেপ কৰিব লাগে । যোৰহাটত হৈ থকা উন্নয়নমূলক প্ৰকল্প সমূহৰ ক্ষেত্ৰত জিলা প্ৰশাসনে অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠানক জৱাবদিহি কৰিব লাগিব । সকলোবোৰ প্ৰকল্প দুৰ্নীতিমুক্ত হোৱাটো অতি জৰুৰী ।"

লগতে পঢ়ক:যোৰহাট-মাজুলী দলঙৰ নির্মাণকার্য বন্ধ: নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীৰ পত্ৰ - Majuli Jorhat connecting bridge

ৰাষ্ট্ৰীয় পথ পৰিবহণ বিভাগে বান্ধি দিয়া সময়সীমা উকলিল; পুনৰাৰম্ভ ন’হল মাজুলীৰ দলং নিৰ্মাণৰ কাম - Majuli Jorhat connecting bridge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.