ETV Bharat / state

মই মিছা কথা কোৱা নাই, মই Special Branch ৰ এজন উপ-পৰিদৰ্শক: মানস বৰগোঁহাই - জি পি সিং

Spy in ULFA I camp: "মই মিছা কথা কোৱা নাই ৷ মোক যেনেধৰণেৰে পঠিয়াইছিল, মোৰ যি প্ৰকৃত পৰিচয়, মই সত্য কথা কৈছো ৷ মই Special Branch ৰ এজন উপ-পৰিদৰ্শক ৷" - পুনৰ আলফা স্বাধীনৰ শিবিৰৰ পৰা বন্দী মানস বৰগোঁহাইৰ আন এক ভিডিঅ’ প্ৰকাশ ৷ কি ক’লে মানসে ....

Manas Chaliha
হঠাৎ চৰ্চালৈ অহা কোন এই মানস চলিহা
author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 3:19 PM IST

Updated : Jan 30, 2024, 4:10 PM IST

আলফা (স্বা) ই প্ৰেৰণ কৰা ভিডিঅ'

নিউজ ডেস্ক, 30 জানুৱাৰী : মানস বৰগোঁহাই প্ৰকৃততে আৰক্ষীৰ লোক তথা চোৰাংচোৱা হয়নে তাকে লৈ আলফা স্বাধীন আৰু অসম আৰক্ষীৰ সংঘাত তীব্ৰতৰ হৈ পৰিছে ৷ ইতিমধ্য়ে আৰক্ষীৰ হৈ আলফাৰ চলমান শিবিৰত চোৰাংচোৱাগিৰি কৰা বুলি আটক হোৱা মানস বৰগোঁহাই অসম আৰক্ষীৰ বিশেষ শাখাৰ SI নহয় বুলি স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডিজিপি জিপি সিঙকে ধৰি অসম আৰক্ষীয়ে স্পষ্ট কৰিছে ৷ কিন্তু মঙলবাৰে জাৰি কৰা আন এক ভিডিঅ’ বাৰ্তাযোগে অসম আৰক্ষীৰ দাবীসমূহ মিছা বুলি প্ৰত্যুত্তৰ দিছে সশস্ত্ৰ সংগঠনটোৱে ৷ এই ভিডিঅ’ বাৰ্তাযোগে এই সমগ্ৰ ঘটনাটোৰ মধ্যমণি মানস বৰগোহাঁইয়ে অসম আৰক্ষীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ ৰাজহুৱা কৰিছে ৷ বিশেষকৈ মানসে এই শেহতীয়া ভিডিঅ’টোত কেবাজনো শীৰ্ষ আৰক্ষী বিষয়াই এই সমগ্ৰ পৰিকল্পনাৰ মাষ্টাৰমাইণ্ড বুলি চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে ৷

ভিডিঅ’যোগে মানসে উল্লেখ কৰে, "মই মিছা কথা কোৱা নাই ৷ মোক যেনেধৰণেৰে পঠিয়াইছিল, মোৰ যি প্ৰকৃত পৰিচয়, মই সত্য কথা কৈছো ৷ মই Special Branch ৰ এজন উপ-পৰিদৰ্শক ৷ মই এবাৰ নহয় হাজাৰবাৰ কম, মই কোনো মিছা কথা কোৱা নাই ৷ মোৰ আৰক্ষীত নিযুক্তিৰ পিচতে সেই কথা মই মোৰ দেউতাকক জনাইছিলো ৷ ৰাইজক মই ক’ব খুজিছো, আপোনালোকে বেলতলাৰ ৰ’য়েল এনক্লেভ ফ্লেটটোত যাওঁক আৰু খবৰ লওক তাত কিহৰ প্ৰশিক্ষণ চলে ৷ মানস চলিহাক সোধক, তৃষ্ণা সন্দিকৈক সোধক, তেখেতে আমাক প্ৰশিক্ষণ দিছিল ৷ মোৰ লগত যিসকলে প্ৰশিক্ষণ লৈছিল তেওঁলোকক মই বিনম্ৰ অনুৰোধ জনাইছো, কাবেৰী, অংকিতা, চয়নিকা, নোমল, ৰিতুৰাজ তোমালোকেও আমাৰ লগত প্ৰশিক্ষণ লৈছিলা, তোমালোকে মোক কিয় পাহৰি গৈছা ? এই আলফা বিৰোধী যুঁজত আমাক কিদৰে ব্যৱহাৰ কৰা হৈছিল তোমালোকেও জানা ৷ মানস চলিহাই আমাক বাৰে বাৰে ব্ৰেইনৱাশ্ব কৰিছিল, আমাক প্ৰস্তুত কৰিছিল আলফাৰ বিৰুদ্ধে যুঁজ দিবলৈ ৷ আমাক প্ৰশাসনে প্ৰলোভনে দিছিল ৷ আপোনালোকক আৰু প্ৰমাণ কি দিম ৷ মোৰ মোবাইল নম্বৰটো লৈ কল ডিটেইলছ উলিয়াই চাওঁক ৷ মোৰ বেছিসংখ্যক ফোনেই আৰক্ষীৰ লগত আছিল ৷ মোৰ নম্বৰটো হৈছে 7896411176 , এইটো মোৰ ব্যক্তিগত মোবাইল নম্বৰ ৷"

Manas Chaliha
হঠাৎ চৰ্চালৈ অহা কোন এই মানস চলিহা

মানস বৰগোঁহাইয়ে আলফা স্বাধীনৰ শিবিৰত এই স্বীকাৰোক্তি দিয়াৰ পিচতেই প্ৰশ্ন উঠিছে মানস চলিহাৰ প্ৰকৃত পৰিচয়ক লৈও ৷ সঁচা অৰ্থত মানস চলিহা নামৰ কোনো আৰক্ষী বিষয়া আছে নেকি, সেয়াও এতিয়া ৰহস্যৰ মাজত ৷ কিন্তু শেহতীয়াকৈ আলফা স্বাধীনে প্ৰেৰণ কৰা আজিৰ ভিডিঅ’টোৰ সৈতে এখন স্থিৰচিত্ৰও প্ৰেৰণ কৰিছে, যিখন মানস চলিহাৰ বুলি দাবী কৰা হৈছে ৷ আনকি ফটোখনত মানস চলিহা নামৰ লোকজনক অসম চৰকাৰৰ এখন বাহনৰ সৈতেও দেখা গৈছে ৷ আনহাতে ভিডিঅ'টোত মানস বৰগোঁহায়ে আৰু কয়-

"মই মোৰ সতীৰ্থসকলক ক’ব খুজিছো, তোমালোকে আৰু ভুল নকৰিবা, মই বহুত ভুল কৰিলো ৷ মই যেনেকৈ আছো, মই যেনেকৈ নিৰ্যাতিত হৈছো, তাৰ বাবে একমাত্ৰ দায়ী অসম প্ৰশাসন ৷ আমাক আলফাক শত্ৰু বুলি জ্ঞান কৰিবলৈ শিকাইছিল ৷ পাৰ্থসাৰথি মহন্ত আৰু জি পি সিঙে আমাক ব্যৱহাৰ কৰিলে ৷ এতিয়া সকলোৱে কৈছে যে আমাক কোনেও নাজানে ৷ আমাক প্ৰশাসনে শিকোৱা সকলোবোৰ কথা ভুৱা আছিল ৷ আজি মই বিপদত পৰোতে মোক সকলোৱে গা এৰা দিলে ৷ আলফাৰ প্ৰতি থকা আমাৰ বেয়া ভাৱ মনৰ পৰা উলিয়াই দিয়া ৷ মোৰ ৰোল নম্বৰ 34 আছিল ৷ মোৰ সতীৰ্থসকলে এবাৰতো মাত দিয়া ৷ কিয় তোমালোকে মোক মৃত্যুৰ মুখলৈ ঠেলি দিছা ৷ আমাক প্ৰশাসনে প্ৰশিক্ষণৰ সময়তে কৈছিল যে যদি আমাৰ প্ৰকৃত পৰিচয় ধৰা পৰে তেনেহ’লে আমাক আৰক্ষীৰ লোকে চিনি নাপায় লগতে আমিও অসম আৰক্ষীৰ নাম ল’ব নোৱাৰিম ৷" মানসে সতীৰ্থসকললৈ কাতৰ আহ্বান জনাই এইদৰে উল্লেখ কৰে ৷

উল্লেখ্য যে আলফা (স্বা) ৰ শিবিৰত অসম আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত গোলাঘাটৰ জিলাৰ সৰুপথাৰৰ মৰাণগাঁৱৰ যুৱক মানস বৰগোঁহাইক আটক কৰি দেওবাৰে এক ভিডিঅ’ বাৰ্তা জাৰি কৰি সংগঠনটোৱে অসম আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছিল ৷

লগতে পঢ়ক: এছ আই হ’বলৈ স্নাতক উত্তীৰ্ণ হ’ব লাগে: মানস বৰগোহাঁই আৰক্ষী নহয় বুলি ক’লে জিপি সিঙে

Last Updated : Jan 30, 2024, 4:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.