ETV Bharat / state

জোনাইৰ বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুক পাঠদান - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 5:42 PM IST

Flood in Jonai: জোনাইৰ বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা কণ কণ ছাত্ৰ-ছাত্ৰীক মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত CRCC ৰ পাঠদান কাৰ্যসূচী ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হয় এই পাঠদান কাৰ্যসূচী । এই পাঠদান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক তথা মূৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অমৃত কোঁৱৰে ৷

Special Teaching programme for flood affected student in Jonai by CCRC
জোনাইৰ বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুক পাঠদান (ETV Bharat Assam)

জোনাই,১২ জুলাই: বানত জুৰুলা জোনাইবাসী । আশ্ৰয় শিবিৰত বহু পৰিয়াল । জোনাই আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুসকলৰ যাতে শিক্ষাৰ ক্ষেত্ৰত ব্যাঘাত নজন্মে তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ । সমগ্ৰ শিক্ষা ধেমাজি জিলাৰ মিছন সমন্বয়ক বিতোপন হাজৰিকাৰ নেতৃত্বত আৰু মূৰ্কংচেলেক শিক্ষা খণ্ডৰ খণ্ড মিছন সমন্বয়কসহ শিক্ষা ব্যৱস্থাৰ এই সময়ৰ অন্যতম হোতাস্বৰূপ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সমূহ চমুকৈকৈ CRCC সকলৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা, মূৰ্কংচেলেকৰ সহযোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা কণ কণ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰা হয় ৷

বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা এই পাঠদান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক তথা মূৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অমৃত কোঁৱৰে ৷ জোনাইৰ শিৱগুৰিৰ এইসকল কণ কণ ছাত্ৰ-ছাত্ৰীয়ে যোৱা কেইবাদিনো ধৰি বানৰ ফলত পৰিয়ালৰ সৈতে নিজৰ ঘৰবাৰী এৰি আশ্ৰয় লৈ আছে বান শিবিৰত ৷ এই কণ কণ ছাত্ৰ ছাত্ৰী সকলে নিজৰ ঘৰুৱা পৰিৱেশৰ পৰা আতঁৰত থাকিব লগা হোৱাত, ছাত্ৰ ছাত্ৰী সকলৰ মানসিক স্বাস্থ্য ক্ষতি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি লগতে কিছু শৈক্ষিক ক্ষতি পূৰ কৰিবলৈ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ CRCC সকলে বৃহস্পতিবাৰৰ পৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়তে পাঠদানৰ লগতে আৰম্ভ কৰে ।

ছাত্ৰ-ছাত্ৰীৰ মাজত সহবিদ্যায়তনিক ক্ৰিয়া কলাপসমূহো কৰোৱা হয় এই কাৰ্যসূচীত ৷ ইফালে বৃহস্পতিবাৰৰ পৰা CRCC সকলে পাঠদান তথা সহবিদ্যায়তনিক ক্ৰিয়াকলাপৰ সৈতে সংগতি ৰাখি বিতৰণ কৰে ছাত্ৰ ছাত্ৰী সকলৰ মাজত কিছু শৈক্ষিক সহায়ক সামগ্ৰীও ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগু, CRCC লোহিত ফুকন, ৰঞ্জন দলে, ভূপেন বৰুৱা, অযোধ্যা লাগাচু, মোখেশ্বৰ মেদক, ৰাজীৱ কুম্বাঙৰ লগতে শিৱগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তৰুলতা দলে আৰু দ্ৰাইনেন্দ্ৰ পেগুৱেও ৷

লগতে পঢ়ক: সৰ্থেবাৰী-বটিয়াতৰ বুঢ়াদিয়া নদীৰ ভগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ দাসৰ - Assam Flood 2024

দুৰ্বল কাঠৰ দলঙৰ পৰা পৰি স্কুটীসহ যুৱতী সন্ধানহীন - GIRL GOES MISSING IN RIVER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.