নগাঁও: বসুন্ধৰা ২.Oৰ পাছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে আৰম্ভ কৰা বসুন্ধৰা ৩.O আঁচনিৰ বিৰোধিতা কৰি বসুন্ধৰা ৩.O বাতিল কৰাৰ দাবী জনাইছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই । ৰাজ্য চৰকাৰৰ এই আঁচনিক কৃষক বিৰোধী আৰু বণিয়াৰ স্বাৰ্থবাহী আখ্যা দি ই টিভি ভাৰতৰ এক সাক্ষাৎকাৰত আঁচনিখনৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কেবাটাও মন্তব্য কৰে সদৌ গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই ।
লগতে পঢ়ক: জৰীপ নোহোৱা সহস্ৰাধিক গাঁৱৰ ৰাইজে বসুন্ধৰা ৩.০ৰ যোগেদি লাভ কৰিব ভূমিৰ স্বত্ব
ই টিভি ভাৰতৰ সাক্ষাৎকাৰত সন্থাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তৰ মন্তব্য, "হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমৰ দুখীয়া ৰাইজক ভূমি প্ৰদানৰ নামত ‘মোৰ মাটি, মোৰ অধিকাৰ’ শ্ল'গানেৰে বসুন্ধৰা আঁচনি ৰূপায়ণ কৰিছে যদিও কাৰ্যতঃ এই আঁচনি সম্পূৰ্ণ ব্যৰ্থ হৈছে ।" বসুন্ধৰা- ২.O আঁচনিত ভূমিৰ ওপৰত দুখীয়া-ভূমিহীন ৰাইজে নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ ১৩,৩৯,৬০১ গৰাকী আবেদনকাৰীয়ে আবেদন কৰাৰ কথা উল্লেখ কৰি ইয়াৰে ৭৫ শতাংশ আবেদনকাৰীৰ আবেদন নাকচ হোৱা বুলি দাবী কৰে অৰূপ কুমাৰ মহন্তই ।
আনকি দৰিদ্ৰ ৰায়তী কৃষকসকলৰো আবেদন নাকচ কৰা বুলি উল্লেখ কৰি ৰামদেৱ, আদানী আদি বণিক গোষ্ঠীয়ে ভূমি পোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা হোৱা নাই বুলিও মন্তব্য কৰে সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে । বহুতো ৰাজহ গাঁৱৰ কোনো নক্সাই নথকা, জৰীপ নোহোৱা মাটিৰ জৰীপ নোহোৱাৰ ফলস্বৰূপে হাজাৰ হাজাৰ পৰিয়ালে আবেদন কৰাৰ পৰাই বঞ্চিত হোৱা বুলিও মন্তব্য কৰে মহন্তই ।
লগতে পঢ়ক: জৰীপ নোহোৱা সহস্ৰাধিক গাঁৱৰ ৰাইজে বসুন্ধৰা ৩.০ৰ যোগেদি লাভ কৰিব ভূমিৰ স্বত্ব
সাক্ষাৎকাৰটোত সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয়, "খিলঞ্জীয়াৰ চৰকাৰ বুলি নিজকে দাবী কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ডিমা হাছাও জিলাৰ প্ৰায় ৯০০০ বিঘা মাটি কৰ্প'ৰেটক গতাই দিছে আৰু সেই মাটিৰ দখল ল'বলৈ যাওতে বিজেপি নেতৃত্বাধীন ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সদস্যই বন্দুক প্ৰদৰ্শন কৰি দুখীয়া জনজাতি কৃষকক ভাবুকি প্ৰদৰ্শন কৰিছিল । গুৱাহাটীতো খিলঞ্জীয়া ৰাইজে ভূমিৰ অধিকাৰ সাব্যস্ত কৰিবলৈ পথত নামিবলগীয়া হৈছে ।"
"বসুন্ধৰা-৩.O আঁচনি তৎকালে বাতিল কৰাৰ দাবী উত্থাপন কৰি চৰকাৰক ভূমি জৰীপ চলাই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো দুখীয়া-ভূমিহীন ৰাইজক ভূমিৰ অধিকাৰ প্ৰদান কৰি সৰ্বাংগীন আৰু সামগ্ৰিক ভূমি নীতি প্ৰণয়ন কৰিব লাগে বুলিও দাবী উত্থাপন কৰে গ্ৰামীণ শ্ৰমিক সন্থাই ।
লগতে পঢ়ক: প্ৰিমিয়াম বেছি আছিল বাবে বসুন্ধৰা ২.০ ত মানুহে মাটি পোৱাৰ পিছতো মাটি লোৱা নাছিল: হিমন্ত বিশ্ব শৰ্মা