ETV Bharat / state

এয়া পৃথিৱীৰ দুৱাৰ খুলি আগবাঢ়ি যোৱাৰ সময় : মনোজ কুমাৰ গোস্বামী - AASU felicitation Ceremony

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 9:40 PM IST

Golaghat AASU Felicitation Ceremony : গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে গোলাঘাটত আছুৰ কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ মন্তব্য- এয়া পৃথিৱীৰ দুৱাৰ খুলি আগবাঢ়ি যোৱাৰ সময় ।

Golaghat AASU Felicitation Ceremony
গোলাঘাট আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান (ETV Bharat Assam)

গোলাঘাট, ২৯ জুলাই : "প্ৰতিযোগিতাৰ পৃথিৱীখনত নিজকে উপযুক্তভাৱে প্ৰতিষ্ঠা কৰি যাতে আগবাঢ়িব পাৰে তাৰ বাবে আমাৰ উঠি অহা প্ৰজন্মক সুৰক্ষিত ভৱিষ্যতৰ সঠিক বাটেৰে আগবঢ়াই নিব লাগিব । বিশেষকৈ নিজৰ জাতিটোৰ প্ৰতি, নিজৰ ভাষাটোৰ প্ৰতি, নিজৰ সমাজখনৰ প্ৰতি, নিজৰ গাঁওখনৰ প্ৰতি আৰু নিজৰ সত্তাটোৰ প্ৰতি তেওঁলোক দায়বদ্ধ হ'ব লাগিব । শিপাডালৰ লগত খামুচি যাতে জীয়াই থাকিব পাৰে আৰু আমাৰ শিপাডালক যাতে শক্তিশালী কৰিব পাৰে, তাৰ বাবে নৱ-প্ৰজন্মৰ পৰা আমি বহুখিনি আশাকৰোঁ ।" এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ।

সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা গোলাঘাট মহকুমা ছাত্ৰ সন্থা আৰু গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সোমবাৰে গোলাঘাটত আয়োজিত কৃতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে এই মন্তব্য কৰে । উল্লেখ্য যে গোলাঘাট আছুৰ এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানখনি গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ।

গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈৰ পৌৰাহিত্যত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, তথা কৃতি ছাত্ৰ-ছাত্ৰীসক উপস্থিত থাকে । অনুষ্ঠানত আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয়, "কৃতি ছাত্ৰ-ছাত্ৰীসকল নতুন প্ৰজন্মৰ বাবে পাথেয় হওক । আমাৰ জাতিটোৰ গুৰি ধৰোঁতা হওক । শিপাডাল শক্তিশালী কৰাৰ উদ্দেশ্যে এনেদৰে একত্ৰিত কৰি কৃতিমানৰ কান্ধত জাতিটোৰ ভাৰ অৰ্পণ কৰিব বিচাৰিছোঁ । শিপাডাল শক্তিশালী হ'লেহে জাতিটো শক্তিশালী হ'ব ।"

তেওঁ লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকলক দেশ, মাটি আৰু জাতিৰ স্বাৰ্থত দায়বদ্ধ ভূমিকা পালন কৰাৰ বাবেও আহ্বান জনায় । আনহাতে, নতুন শিক্ষা নীতি সন্দৰ্ভত মন্তব্য আগবঢ়াই আছু নেতাগৰাকীয়ে কয়, "নতুন শিক্ষানীতিয়ে আমূল পৰিৱৰ্তন আনিছে যদিও ইয়াক সঠিকভাৱে পৰ্যালোচনা কৰি বহুখিনি কৰিবলগীয়া আছে ।

গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাই আঁতধৰা অনুষ্ঠানখনি শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে । আনহাতে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে‌ বিশিষ্ট সাংবাদিক, গল্পকাৰ, সাহিত্য অকাডেমি বঁটাপ্ৰাপক মনোজ কুমাৰ গোস্বামী । নিজৰ বক্তব্যত বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয়, "বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত পৰিৱৰ্তন আৰু প্ৰতিযোগিতামূলক যুগত আমি জীৱনৰ মান বঢ়াব লাগিব । পৃথিৱীৰ দুৱাৰ খুলি এতিয়া আগবাঢ়ি যোৱাৰ সময় ।"

মাতৃভাষাৰ চৰ্চা আৰু উৎকৰ্ষ সাধনত তেওঁ অধিক গুৰুত্ব আৰোপ কৰি মাতৃভাষাত সৰ্বশ্ৰেষ্ঠ চিন্তা, সৰ্বশ্ৰেষ্ঠ উদ্ভাৱনা আৰু মাতৃভাষাতহে সৰ্বশ্ৰেষ্ঠ সৃষ্টি কৰিব পাৰে বুলি উল্লেখ কৰে । কোনেও বেলেগ ভাষাত সৃষ্টি কৰি প্ৰখ্যাত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয়, "মাতৃভাষাক বাদ দি এটা জাতিৰ ভাষা-সংস্কৃতি কেতিয়াও স-গৌৰৱেৰে জিলিকি নাথাকে ।" আনহাতে, অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত সৃষ্টিশীলতাৰ গতি বহু পৰিমাণে স্তিমিত হৈ অহা বুলিও বিশিষ্ট সাংবাদিকগৰাকীয়ে ভাষণ প্ৰসংগত প্ৰকাশ কৰে ।

অনুষ্ঠানৰ আৰম্ভণিতে জিলা ছাত্ৰ সন্থাৰ হৈ আদৰণী ভাষণ প্ৰদান কৰে শিক্ষা সম্পাদক মিলন কৈৰীয়ে । আনহাতে, গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ হৈ সাধাৰণ সম্পাদক দীপক গগৈ আৰু গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ সাধাৰণ সম্পাদক হিমাংশু শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰে । এই অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বীপেন দত্ত, জ্যেষ্ঠ সাংবাদিক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰিঞ্চ দলে, কনক গগৈ, অসম উন্নতি সভাৰ দেৱজিৎ বৰুৱা, প্ৰাক্তন আছু নেতা ৰঞ্জিত বৰা, সাংবাদিক মোস্তাক হুছেইন, দেৱাশীষ সাহা, সমীৰণ দিগন্ত বৰা, গিৰীণ বৰা আদি উপস্থিত থাকে ।

উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ গোলাঘাট জিলাৰ ৪০৪ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন জনোৱা হয় । লগতে জিলাখনৰ ৮০ খন শিক্ষানুষ্ঠানৰ অধ্যক্ষকো ছাত্ৰ সন্থাই বিশেষ সম্বৰ্ধনা জনায় ।

লগতে পঢ়ক :তিনিচুকীয়াত ৩৮০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আছুৰ - AASU FELICITATION PROGRAMME
লগতে পঢ়ক :চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দুৱাৰ মুকলি কৰিছে: উৎপল শৰ্মা - AASU FELICITATION PROGRAMME

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.