ETV Bharat / state

বিধায়ক নুৰুল হুদাৰ পুত্ৰ জড়িত তেলচুৰিত ! বিধায়ক পুত্ৰৰ সন্ধানত আৰক্ষীৰ অভিযান - Oil Theft Racket

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 5:34 PM IST

Oil thief gang in Kaliabor : তেলচুৰি চক্ৰত বিধায়ক নুৰুল হুদাৰ পুত্ৰ জড়িত থকাৰ অভিযোগ ৷ ইয়াৰ পিচতে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ বিধায়ক পুত্ৰ ৰকিবুল হুদা ফৰাজীক আটক কৰিলেই অধিক তথ্য উদঘাটনৰ সম্ভাৱনা ব্যক্ত আৰক্ষীৰ ৷

Oil thief gang in Kaliabor
বিধায়ক পুত্ৰৰ সন্ধানত আৰক্ষীৰ অভিযান (ETV Bharat Assam)

কলিয়াবৰ, 4 আগষ্ট : কলিয়াবৰত তেলচুৰি চক্ৰৰ পাঁচ সদস্য গ্ৰেপ্তাৰ হোৱাৰ পিচতে ন-ন তথ্য পোহৰলৈ আহিছে ৷ তেলচুৰি চক্ৰটোৰ লগত এগৰাকী কংগ্ৰেছী পুত্ৰৰ নাম সাঙোৰ খাই পৰিছে বুলি স্বয়ং আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে৷

আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা (ETV Bharat Assam)

দেওবাৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্নীনীল ডেকা কলিয়াবৰৰ বাগৰি আৰক্ষী চকীত উপস্থিত হৈ অনুসন্ধান প্ৰক্ৰিয়াৰ তদাৰক কৰে ৷ তেলচুৰি চক্ৰটোৰ লগত ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ তথা কলিয়াবৰ জিলা আমছুৰ সভাপতি ৰকিবুল হুদা ফৰাজীৰ নাম জড়িত থকাৰ সন্দেহত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ধৃত ইব্ৰাহিমৰ আলীৰ লগত পূৰ্বৰ পৰাই সু-সম্পৰ্ক আছিল বিধায়ক পুত্ৰৰ ৷

তেলচুৰিত জড়িত বিধায়কৰ পুত্ৰ :

তেলচুৰিৰে বিধায়ক পুত্ৰ জড়িত থকাৰ সন্দৰ্ভত নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয়, ‘‘ৰকিবুল হুদা জড়িত থকা তথ্য-প্ৰমাণ আমি পাইছোঁ ৷ তেওঁক বিচাৰি আছোঁ ৷ আমাৰ দল অভিযানত লাগি আছে তেওঁক ধৰিবলৈ ৷ ৰকিবুল হুদাক বিচাৰি গুৱাহাটীতো অভিযান চলোৱা হৈছে ৷ তেওঁক ধৰিলে আৰু তথ্য পাম ৷’’

তেলচুৰি চক্ৰটোৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, ‘‘ আমি খবৰ পাইছিলোঁ যে তেলচুৰি চক্ৰ এটা সক্ৰিয় হৈছে চুলুং আৰু কলিয়াবৰ অঞ্চলত ৷ সেই খবৰৰ ভিত্তিত আমি তদন্ত কৰোঁ ৷ সেই চক্ৰৰ এজন সদস্যক আমি কৰায়ত্ত কৰি গোটেই চক্ৰটোক ধৰিবলৈ সক্ষম হওঁ ৷ তেওঁলোকৰ পৰা তথ্য আৰু টকাও পোৱা গৈছে ৷ আৰক্ষীক মেনেজ কৰি তেলচুৰি চক্ৰটো চলোৱাৰ লক্ষ্য আছিল তেওঁলোকৰ ৷’’

তেলচুৰি চক্ৰটোৰ মাষ্টাৰমাইণ্ড কোন ?

আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয়, ‘‘ তেলচুৰি চক্ৰটোৰ মাষ্টাৰমাইণ্ড বাগৰি অঞ্চলৰে ৷ তেওঁলোকে ভাবিছিল যে চুলুং অঞ্চলৰ আশে-পাশে এটা স্থান ঠিক কৰি ল’ব ৷ তালৈ যিসমূহ তেলৰ টেংকাৰ আহে, সেই টেংকাৰৰ পৰা তেল চুৰি কৰাৰ বাবে আৰক্ষী-প্ৰশাসনক মেনেজ কৰাৰ বাবে চক্ৰটো গঠিত হৈছিল ৷ চক্ৰটোৱে তেল চুৰি কৰিব নোৱাৰিলে, তেওঁলোক সক্ৰিয় হোৱাৰ লগেলগে আমি ধৰিলোঁ ৷ তেওঁলোকৰ পৰা টকাও উদ্ধাৰ হৈছে ৷

উল্লেখ্য যে শনিবাৰে গ্ৰেপ্তাৰ হোৱা চামগুৰিৰ ইব্ৰাহিমে গুগুল পে’ৰ জৰিয়তে ৰকিবুলক টকা দিয়াৰ তথ্য দিছে আৰক্ষীক ৷ আমনিৰ পৰা তেজপুৰলৈকে তেলচুৰি চক্ৰটো সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলোৱা হৈছিল ৷ শেহতীয়াকৈ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত চলা অভিযানত কলিয়াবৰ আৰক্ষীৰ জালত পৰিছিল তেল চোৰৰ বৃহৎ গেংটো ৷

কলিয়াবৰৰ ৰাষ্ট্ৰীয় পথত যোৱা সময়ছোৱাত এক তেল চোৰ চক্ৰ সক্ৰিয় হৈ আছিল ৷ সমান্তৰালকৈ এই চক্ৰটোৰ সন্ধানত কলিয়াবৰ আৰক্ষীয়ে মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত ধাৰাবাহিকভাৱে গোপনে চলাই আছিল অভিযান ৷ এই তেলচুৰি গেঙৰ বিৰুদ্ধে উঠা অভিযোগৰ ভিত্তিত চলি অভিযানৰ ফলতেই কলিয়াবৰ আৰক্ষীয়ে তেলচুৰি কাণ্ডৰ লগত জড়িত পাঁচজন লোকক আটক কৰে ৷

লগতে পঢ়ক : কলিয়াবৰত আৰক্ষীৰ জালত বৃহৎ তেলচোৰ চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.