ETV Bharat / state

শিলচৰ NIT ত ছাত্ৰৰ মৰেল পুলিচিং; একাংশ ছাত্ৰৰ প্ৰহাৰত আহত ৰান্ধনী

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 2:01 PM IST

NIT Moral Policing : শিলচৰ এন আই টিত ছাত্ৰৰ মৰেল পুলিচিঙৰ ঘটনা ৷ এন আই টিৰ একাংশ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰ আহত হৈছে তিনিজন ৰান্ধনী ৷ এন আই টিৰ 7 নং হোষ্টেলত সংঘটিত হৈছে এই ঘটনা ৷

NIT Moral Policing
শিলচৰ NIT ত পুনৰ মাৰপিটৰ ঘটনা

কাছাৰ, 18 ফেব্ৰুৱাৰী : পুনৰ চৰ্চালৈ আহিছে শিলচৰ এন আই টি ৷ জানিব পৰা মতে, শিলচৰ এন আই টিত পুনৰ সংঘটিত হৈছে মাৰপিটৰ দৰে ঘটনা । এন আই টিৰ একাংশ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰ আহত হৈছে তিনিজন ৰান্ধনী । এই ঘটনা সন্দৰ্ভত ইতিমধ্যে এন আই টি কৰ্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত ।

জানিব পৰা মতে, শুক্ৰবাৰে নিশা শিলচৰ এন আই টিৰ 7 নং হোষ্টেলত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা । নিশা এন আই টিৰ একাংশ গুণ্ডাৰূপী ছাত্ৰই হোষ্টেলৰ তিনিজন ৰান্ধনীক দলবদ্ধ আক্ৰমণ কৰে । লগতে ছাত্ৰকেইজনে ভাঙি চূৰমাৰ কৰে বহু সা-সামগ্ৰী ।

এই গুণ্ডাৰূপী ছাত্ৰৰ মাৰপিটত গুৰুতৰ আহত হয় তিনিজন ৰান্ধনী । পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনা এন আই টি কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয় ৷ তাৰ পাচতে এন আই টি কৰ্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত । অৱশ্যে শিলচৰ এন আই টিৰ এয়াই প্ৰথম ঘটনা নহয় ৷

লগতে পঢ়ক : NIT Moral Policing : NIT ছাত্ৰৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত তিনি ৰান্ধনী

বিগত বৰ্ষতো অৰ্থাৎ 2023 চনত শিলচৰ এন আই টিত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল । তেতিয়াও এন আই টিৰ একাংশ উদণ্ড ছাত্ৰই সামান্য কথাতে প্ৰহাৰ কৰিছিল ৰান্ধনীক ৷ আনকি বহুবাৰ এই মাৰপিটৰ ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িতসকলক এন আই টিৰ পৰা বহিষ্কাৰ কৰিছিল কৰ্তৃপক্ষই ৷

লগতে যিসকলে ঘটনা প্ৰত্যক্ষ কৰি প্ৰতিবাদ নকৰাকৈ মৌন হৈ থকা ছাত্ৰৰ বিৰুদ্ধেই কেবাহাজাৰ টকা জৰিমনা বিহাৰ ব্যৱস্থা কৰিছিল ৷ বিভিন্ন সময়ত পোহৰলৈ অহা এই ঘটনাক কেন্দ্ৰ কৰি বিভিন্নজনে সমালোচনা কৰাৰ লগতে বহুতে ব্যক্ত কৰিছিল নিজৰ প্ৰতিক্ৰিয়াও ৷

লগতে পঢ়ক : Silchar NIT: এন আই টি শিলচৰত হোষ্টেলৰ ৰান্ধনীক প্ৰহাৰ কৰাৰ অপৰাধত 4 জন ছাত্ৰক বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.