ETV Bharat / state

শংকৰদেৱক লগ পাইছিল গুৰু নানকে : ঔৰংজেৱৰ লগত অহা নাছিল গুৰু টেগ বাহাদুৰ - Sri Guru Tegh Bahadur Sahib

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 7:19 PM IST

Gurdwara Sri Guru Tegh Bahadur Sahib : ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰ শিখসকলৰ পবিত্ৰ স্থান । গুৰু নানক ১৫০৫ খ্ৰীষ্টাব্দত ঢাকাৰ পৰা অসমলৈ আহোতে এই স্থানত শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিল । ইয়াৰ পিছত ১৭ শ শতিকাত গুৰু টেগ বাহাদুৰে এই গুৰুদ্বাৰ স্থাপন কৰিছিল ।

Gurdwara Sri Guru Tegh Bahadur Sahib of Dhubri
শিখ সমাজৰ ধৰ্ম প্ৰচাৰক অম্ভিক সিংহ (ETV Bharat Assam)

ধুবুৰী,২৩ আগষ্ট : মোগল সম্ৰাট ঔৰংজেৱৰ লগত অহা নাছিল শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব । সম্ৰাট ঔৰংজেৱ অসমলৈ অহাৰ এবছৰ পূৰ্বে তেওঁ পাঞ্জাৱৰ পৰা ধুবুৰীলৈ আহিছিল । শিখ সমাজৰ প্ৰথম গুৰু শ্ৰী গুৰু নানকে ব্ৰহ্মপুত্ৰৰ পাৰত শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিল । ধুবুৰীৰ শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰৰ বিষয়ে বহু নজনা কথা ই টিভি ভাৰতক জনালে শিখ সমাজৰ ধৰ্ম প্ৰচাৰক অম্ভিক সিংহই ।

ঔৰংজেৱৰ লগত অহা নাছিল গুৰু টেগ বাহাদুৰ :

শিখ সমাজৰ ধৰ্মৰ প্ৰচাৰক অম্ভিক সিংহই গুৰু টেগ বাহাদুৰ চাহিবৰ অসম আগমন প্ৰসংগত কয়," মোগল সম্ৰাট ঔৰংজেৱৰ লগত অহা নাছিল গুৰু টেগ বাহাদুৰ চাহিব । ঔৰংজেৱ অসমলৈ অহাৰ এবছৰ পূৰ্বেই গুৰু টেগ বাহাদুৰ চাহিব সপৰিয়ালে পাঞ্জাবৰ পৰা আহি ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বসবাস কৰা আৰম্ভ কৰিছিল । এবছৰ পিছত সম্ৰাট ঔৰংজেৱে আহোম ৰজা চক্ৰধ্বজ সিংহক দমন কৰিবলৈ আহোতে অম্বৰৰ ৰজা ৰাম সিঙো আহিছিল ।"

শংকৰদেৱৰ সৈতে আলোচনা হৈছিল গুৰু নানকৰ :

শিখ সমাজৰ প্ৰথম গুৰু শ্ৰী গুৰু নানক ১৫০৫ খ্ৰীষ্টাব্দত প্ৰথম ঢাকাৰ পৰা অসমলৈ অহাৰ সময়ত ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক লগ পাইছিল । সেই সময়ত গুৰু নানক আৰু শ্ৰীমন্ত শংকৰদেৱে ধৰ্মৰ লগতে বিভিন্ন সামাজিক বিষয় আলোচনা কৰিছিল । তেতিয়াৰ পৰাই অসমৰ লগত শিখসকলৰ ভাল সম্পৰ্ক স্থাপন হোৱা বুলি দাবী কৰে শিখসকলৰ ধৰ্ম প্ৰচাৰক সকলে । শিখসকলৰ নৱম গুৰু শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব ১৬৬৯ ত পাঞ্জাৱৰ পৰা সপৰিয়ালে ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আহি বসবাস কৰা আৰম্ভ কৰিছিল । শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবে এই গুৰুদ্বাৰ স্থাপন কৰিছিল ।"

নেতাই ধুবুনীয়ে কিয় আক্ৰমণ কৰিছিল গুৰু টেগ বাহাদুৰক :

শিখ সমাজৰ ধৰ্মৰ প্ৰচাৰক অম্ভিক সিংহই পুনৰ কয়," গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰ স্থাপন কৰি তেতিয়াৰ পৰাই ধ্যানত বহি একেৰাহে তপস্যা কৰিছিল । শ্ৰী গুৰু টেগ বাহাদুৰ যিয়ে নিজৰ মনুষ্য শক্তিৰ দ্বাৰাই বহু লোকক বিভিন্ন বেমাৰ-আজাৰ আৰু পৰিয়ালৰ মাজত অশান্তি ইত্যাদিৰ পৰা ৰক্ষা কৰিছিল । তেনেকৈয়ে শ্ৰী গুৰু টেগ বাহাদুৰৰ ভক্ত বৃদ্ধি হ'বলৈ ধৰাত বিভিন্ন স্থানৰ পৰা মানুহ আহি গুৰুৰ চৰণ চুই সেৱা জনাইছিল । কিন্তু গুৰু টেগ বাহাদুৰৰ কাম-কাজ নেতাই ধুবুনীয়ে বেয়া পাবলৈ আৰম্ভ কৰিলে । কাৰণ নেতাই ধুবুনীয়ে পৌৰাণিক কন্যা দেৱ-দেৱীৰ কাপোৰ ধুইছিল । সেয়ে নেতাই ধুবুনীক যাদুকৰণী বুলি জানিছিল যদিও গুৰু টেগ বাহাদুৰৰ কাম-কাজত ৰাইজৰ বিশ্বাস জন্মিব ধৰিলে । নেতাই ধুবুনীৰ ওপৰত মানুহৰ বিশ্বাস নোহোৱা হ'ব বুলি সন্দেহ কৰি নেতাই ধুবুনীয়ে শ্ৰী গুৰু টেগ বাহাদুৰক টিলাৰ ওপৰত ধ্যানত বহি থকা অৱস্থাত এডাল গছেৰে আক্ৰমন কৰিছিল আৰু সেই গছজোপা নিজৰ শক্তিৰ দ্বাৰাই নিজৰ কাষত থিয় কৰাইছিল । " সেই গছজোপা তেতিয়াৰে পৰা আজিলৈকে একে অৱস্থাত আছে বুলি শিখসকলৰ ধৰ্ম প্ৰচাৰকগৰাকীয়ে মন্তব্য় কৰে ।

লগতে পঢ়ক:নৃত্যগুৰু সোণাল মানসিঙৰ উপৰিও কোনে কোনে আজি পৰ্যন্ত লাভ কৰিছে শ্ৰীমন্ত শংকৰদেৱ বঁটা ? - SONAL MANSINGH SRIMANTA SANKARDEVA

চেন্নাইৰ হস্তশিল্প মহোৎসৱত জিলিকিছে মাজুলীৰ শিল্পকলা - Handicrafts Festival in chennai

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.