ETV Bharat / state

এটা এটাকৈ নুমাবলৈ ধৰিছে ড৹ ভূপেন হাজৰিকা সেতুৰ লাইটবোৰ - DYSFUNCTIONAL SOLAR LIGHTS

দুমাহতেই বিকল দেশৰ দীৰ্ঘতম নদী দলং ড৹ ভূপেন হাজৰিকা সেতুত সংযোজিত ছ’লাৰ লাইট ৷ নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ অভিযোগ ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷

DYSFUNCTIONAL SOLAR LIGHTS
ছ’লাৰ লাইট বিকল ধলা-শদিয়া দলঙত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 7:50 AM IST

তিনিচুকীয়া: দেশৰ মানচিত্ৰত দীৰ্ঘতম নদী দলং হিচাপে পৰিচিত ধলা-শদিয়া সংযোগী ড৹ ভূপেন হাজৰিকা সেতুক পোহৰাই তুলিবলৈ সংযোজিত ছ’লাৰ লাইট দুমাহতেই বিকল হোৱা কাৰ্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ৰাইজৰ মাজত । চলিত বৰ্ষৰ যোৱা ৪ ছেপ্তেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক শুভ উদ্বোধন কৰা এই ছ’লাৰ লাইট প্ৰকল্পৰ বহু লাইট সম্প্ৰতি বিকল হৈ পৰাত এতিয়া পুনৰ আন্ধাৰে ছানি ধৰিছে দলংখনৰ বিভিন্ন অংশ ।

তথ্য অনুসৰি মুঠ ৯.১৫ কি মি’ৰ দলং খনৰ সম্প্ৰতি মুঠ ১৪ টা লাইট বিকল হৈ পৰিছে । অভিযোগ উত্থাপন হৈছে প্ৰায় ৫২ কোটি টকাৰ ব্যয় সাপেক্ষে দলঙত চলাৰ লাইট সংযোগ তথা আলোকিকৰণ ঠিকা আৱন্টন পোৱা ঠিকাদাৰী প্ৰতিষ্ঠান “আছাম চাপ্লাই ছিণ্ডিকিট” এ আৰম্ভণি অৱস্থাৰে পৰা চৰম মইমতালি আৰু নিম্ন মানৰ সামগ্ৰীৰে লাইট সংযোগৰ কাম অব্যাহত ৰখাৰ অভিযোগ উঠিছিল । যাৰ পৰিপ্ৰেক্ষিতত উদ্বোধনৰ মাত্ৰ দুমাহ পাছতেই ক্ৰমাৎ বিকল হৈ পৰিছে লাইটসমূহ । ৰাইজে অতি শিঘ্ৰেই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ।

উল্লেখ্য যে, বৰ লুইতৰ পানছৈ ঘাট, অসীমলৈ নাও এৰি দিয়া নাৱৰীয়া জন আৰু সিপাৰলৈ চাই ৰোৱা এজাক জলপথৰ যাত্ৰী আৰু এতিয়া নাই । এতিয়া সকলোয়ে যায় শদিয়ালৈ বৰ লুইতৰ ওপৰেৰে হেঁপাহৰ দলঙেৰে । বিশিষ্ট কণ্ঠশিল্পী প্ৰয়াত খগেন মহন্তই সেই তাহানিতেই গোৱাৰ দৰে শদিয়া যেন আজি ৰিং এটাৰ বাট । শদিয়াবাসীৰ বিপদসংকুল নৌকা যাত্ৰাৰ অৱসান ঘটাবলৈ বিগত ২০১১ বৰ্ষত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত দক্ষিণে তিনিচুকীয়া জিলাৰ ছৈখোৱা(ধলা )আৰু উত্তৰে শদিয়া মহকুমাক সংযোগ কৰা মুঠ ৯.১৫ কি.মি. দৈঘ্যৰ দেশৰ দীৰ্ঘতম নদী দলং “ধলা-শদিয়া দলং” খন ৷

লগতে পঢ়ক: সৌৰ শক্তিৰে জিলিকি থাকিব ড৹ ভূপেন হাজৰিকা সেতু: প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ - Indias second longest Bridge

২০১৭ বৰ্ষৰ ২৬ মে’ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ বাবে শুভ-উদ্বোধন কৰিছিল এই দলংখন আৰু উক্ত দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় আৰু ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ দীৰ্ঘতম এই দলংখন অসমবাসীৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নামত নামকৰণ কৰিছিল । লগে লগে আনন্দত আত্মহাৰা হৈছিল প্ৰতিজন অসমীয়া ।

দলংখন শুভ উদ্বোধনীৰ পাছত কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে ব্যৱসায় বাণিজ্য তথা যোগাযোগৰ ক্ষেত্ৰত সুচল হৈ পৰাৰ লগতে অসমবাসীৰ হিয়াৰ আমঠু ড৹ ভূপেন হাজৰিকাৰ নামত নামাংকৃত হোৱা দেশৰ দীৰ্ঘতম দলংখনক এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰাৰ উদ্দেশ্য বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক লোকে আজিও ভিৰ কৰাহি পৰিলক্ষিত হয় এই ড৹ ভূপেন হাজৰিকা সেতুত ।

ন-দিহিং, টেঙাপানী, কুণ্ডলী, লোহিত আৰু দিবাং নদীৰ সংগমস্থলী তথা মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত ড৹ ভূপেন হাজৰিকা সেতুৰ শুভ উদ্বোধনৰ সময়ত নিশা দলংখনত পোহৰেৰে আলোকিত কৰি ৰাখিবলৈ পোহৰৰ ব্যৱস্থা হৈ উঠা নাছিল যদিও পৰৱৰ্তী সময়ত পোহৰৰ ব্যৱস্থা কৰা কথা আছিল । ছ’লাৰ লাইটৰ ব্যৱস্থাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল । কিন্তু দলং উদ্বোধনৰ ৭ টাকৈ বৰ্ষ অতিক্ৰম কৰাৰ পাছতো বিভিন্ন কাৰণ হৈ উঠা নাছিল পোহৰৰ ব্যৱস্থা ।

দেশৰ নিৰাপত্তাৰ দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত এই ড৹ ভূপেন হাজৰিকা সেতুত পোহৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছিল স্থানীয় ৰাইজে । এই সকলো দাবী তথা জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত হৈ উঠে দেশৰ মানচিত্ৰত সৰ্বাটোতকৈ দীঘল দলং বুলি চিহ্নিত হোৱা এই ড৹ ভূপেন হাজৰিকা সেতুত পোহৰ অৰ্থাৎ ছ’লাৰ লাইটৰ ব্যৱস্থা । চৰকাৰে ৫২ কোটি টকা ব্যয় সাপেক্ষে বিগত বৰ্ষৰ পৰা “আছাম চাপ্লাই ছিণ্ডিকেট” নামৰ গুৱাহাটীৰ এটা ঠিকাদাৰি প্ৰতিষ্ঠানৰ দ্বাৰা ড৹ ভূপেন হাজৰিকা সেতুত ছ’লাৰ লাইট সংযোগ কৰে । যোৱা ৪ ছেপ্টেম্বৰৰ সন্ধিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা আনুষ্ঠানিক শুভ উদ্ধোধন কৰি সমগ্ৰ দলংখন ছ’লাৰ লাইটেৰে আলোকিত কৰি তোলা হয় ।

কিন্তু উক্ত ছ’লাৰ লাইট প্ৰকল্পৰ শুভ উদ্ধোধনৰ দুটা মাহ অতিক্ৰম কৰিছিলহে মাত্ৰ । দলঙৰ বিভিন্ন স্থানত সম্প্ৰতি বহুত লাইট বিকল হৈ পৰা বিষয়টোৱে এতিয়া বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: ধলা-শদিয়া দলঙৰ খুঁটাত ফাঁট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.