ETV Bharat / state

চাহ ব’ৰ্ডৰ কাৰ্যালয়ৰ সন্মুখত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ - Assam Tea Industry

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:50 PM IST

Small tea growers : ভাৰতীয় চাহ ব’ৰ্ডৰ কাৰ্যালয়ৰ সন্মুখত তিনিচুকীয়া জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ ৷ পৰৱৰ্তী সময়ত ভাৰতীয় চাহ ব’ৰ্ডৰ বিষয়ববীয়াৰ সৈতে এক আলোচনাত মিলিত হয় সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্ব ৷

SMALL TEA GROWERS PROTEST
ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

তিনিচুকীয়া, 3 জুন : ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত বটলিফ্‌ ফেক্টৰীত 1 জুনৰ পৰা নোলোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লগতে বিভিন্ন দল-সংগঠন ৷ বটলিফ্‌ ফেক্টৰীত ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত নোলোৱাৰ পিচতে এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যৰ 15 লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ ৷ কেঁচা চাহপাতত ৰাসায়নিক পদাৰ্থ উপস্থিতিৰ হেতু এই সিদ্ধান্ত লৈছে বটলিফ্‌ ফেক্টৰীসমূহে ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে বিভিন্ন দল-সংগঠনে ৰাজ্যজুৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷

তিনিচুকীয়া জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

ইয়াৰ মাজতে সোমবাৰে পুনৰ তিনিচুকীয়াৰ ভাৰতীয় চাহ ব’ৰ্ডৰ কাৰ্যালয়ৰ সন্মুখত তিনিচুকীয়া জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সহযোগত সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীৰ পৰা অনতিপলমে ক্ষুদ্ৰ চাহ খেতিয়সকলৰ সমস্যা সমাধানৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

প্ৰতিবাদৰ পিচত পৰৱৰ্তী সময়ত ভাৰতীয় চাহ ব’ৰ্ডৰ বিষয়ববীয়াৰ সৈতে এক আলোচনাত মিলিত হয় সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্ব ৷ তিনিচুকীয়াত থকা ভাৰতীয় চাহ ব’ৰ্ডৰ আঞ্চলিক কাৰ্যালয়ত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্ব আলোচনাত মিলিত হৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাসমূহ সমাধানৰ দাবী জনায় ৷ লগতে অনাগত দিনতো ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ আন্দোলনলৈ ছাত্ৰ সংগঠনটোৰ সমৰ্থন থাকিব বুলি সদৰী কৰে সংগঠনোটোৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণে ৷
উল্লেখ্য যে, ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত বটলিফ পেক্টৰী সমূহে নোলোৱাৰ বিৰুদ্ধে ইতিমধ্যে বিগত কেবাদিন ধৰি উত্তাল হৈ আছে ৰাজ্য ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে বিভিন্ন দল-সংগঠনে এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷

লগতে পঢ়ক : চাহ ব'ৰ্ড-মুখ্যমন্ত্ৰীক কেঁচা চাহপাত ক্ৰয় বিবাদ নিষ্পত্তি কৰিবলৈ দাবী আটাছুৰ - Conflict On Raw Tea Leaves

লগতে পঢ়ক : বটলিফ ফেক্টৰীয়ে কিয় নলয় ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ? - Small Tea Growers

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.