ETV Bharat / state

পাহাৰীয়া জিলাক স্বায়ত্তশাসিত ৰাজ্য ঘোষণা ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ - Autonomous State demand

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 8:34 PM IST

Updated : Jul 18, 2024, 9:14 PM IST

Autonomous State demand: স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত হাফলঙত ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে । সমিতিয়ে ৭ দিনীয়া অনশনৰ অন্তত পাহাৰীয়া জিলাকেইখনক স্বায়ত্তশাসিত ৰাজ্য ঘোষণা কৰে । ১৮ জুলাইৰ দিনটোত স্বায়ত্তশাসিত ৰাজ্য দিৱস পালন কৰাৰ সিদ্ধান্ত সমিতিৰ ।

Autonomous State demand
পাহাৰীয়া জিলাক স্বায়ত্তশাসিত ৰাজ্য ঘোষণা ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ (ETV Bharat Assam)

হাফলং, ১৮ জুলাই : ৭ দিনীয়া অনশনৰ অন্তত ডিমা হাছাও আৰু কাৰ্বি আংলঙক স্বায়ত্তশাসিত ৰাজ্য ঘোষণা ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ । ১৮ জুলাইৰ দিনটোক স্বায়ত্তশাসিত ৰাজ্য দিৱস হিচাপে পালন কৰাৰ হুংকাৰ সুৰক্ষা সমিতিৰ ।

উল্লেখ্য যে ১২ জুলাইৰ পৰা ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিয়ে হাফলঙত বিভিন্ন দাবীৰে অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে । ৭ দিনৰ অন্তত সমিতিয়ে এই কাৰ্যসূচী সমাপ্ত কৰে । অনশনৰ কাৰ্যসূচী সমাপ্ত কৰি ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ অন্যতম সদস্য ডেনিয়েল লাংথাচাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে পোন প্ৰথমবাৰৰ বাবে কোনো সংগঠনে ৭ দিন ধৰি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে । তেওঁ কয় যে এই অনশন কোনো সংগঠনৰ নহয় । এই অনশন অসমৰ ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ জনজাতীয় লোকৰ । এই অনশন সমাপ্ত কৰি সংগঠনটোৱে জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

ডেনিয়েল লাংথাচাই লগতে কয় যে ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱিত ১২৫ সংখ্যক সংশোধনী বিধেয়কৰ জৰিয়তে পাহাৰীয়া জিলাৰ ৰাইজৰ ৰাজনৈতিক ক্ষমতা, ভূমিৰ অধিকাৰ কাঢ়ি লোৱাৰ চেষ্টা চলাইছে । ভিলেজ কাউন্সিল গঠন কৰি পঞ্চায়তী ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ চেষ্টা চলোৱা হৈছে আৰু সংগঠনটোৱে ইয়াৰ বিৰোধিতা কৰিছে । সংবিধানৰ ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱিত ১২৫ সংখ্যক বিধেয়ক গৃহীত কৰি কৃষ্টি-সংস্কৃতিৰ লগতে ভাষা পৰিচয় শেষ কৰি দিয়াৰ ষড়যন্ত্ৰ কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে ।

তেওঁ উল্লেখ কৰা মতে এতিয়া অসমত ভাষা হিচাপে অসমীয়া আৰু উৎসৱ হিচাপে কেৱল বিহুতে সকলো সীমাৱদ্ধ হৈ আছে । কিন্তু অসমৰ পাহাৰীয়া জিলা ক্ৰমে ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত কৃষ্টি-সংস্কৃতি, ভাষাৰ জৰিয়তে তেওঁলোকে পৰিচয় বজাই ৰাখিছে । ডেনিয়েল লাংথাচাই উল্লেখ কৰা মতে স্বায়ত্তশাসিত ৰাজ্য গঠনৰ প্ৰস্তাৱ সাংবিধানিক অধিকাৰ ।

লাংথাচাৰ মতে প্ৰতিটো নিৰ্বাচনত স্বায়ত্তশাসিত ৰাজ্য গঠনক লৈ চৰকাৰে প্ৰৱঞ্চনা কৰি আহিছে । বিভিন্ন ৰাষ্ট্ৰীয় নেতাই সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ অনুসৰি ৰাজ্যৰ ভিতৰত স্বায়ত্তশাসিত ৰাজ্য গঠন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰা হৈছে যদিও আজিলৈকে চৰকাৰে এই দাবী পূৰণ কৰা নাই ।

ডেনিয়েল লাংথাচাই অভিযোগ কৰা মতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ওপৰত একপ্ৰকাৰ অত্যাচাৰ চলাই আছে । যাৰ বাবে ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিয়ে ১৮ জুলাইৰ দিনটো স্বায়ত্তশাসিত ৰাজ্য দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে । এইক্ষেত্ৰত পৰৱৰ্তী সময়ত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলিও সুৰক্ষা সমিতিয়ে উল্লেখ কৰে । তেওঁ লগতে দাবী কৰে যে এয়া জনজাতি বা অ-জনজাতিৰ যুঁজ নহয়, ডিমাছা আৰু অসমীয়াৰ যুঁজ নহয় । এয়া স্বায়ত্তশাসিত ৰাজ্য গঠনৰ যুঁজ বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :কা বাতিলৰ দাবীত উত্তাল হৈ পৰিল লখিমপুৰ-ধেমাজি - Protest Against CAA

Last Updated : Jul 18, 2024, 9:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.