ETV Bharat / state

অৱসৰপ্ৰাপ্ত শিক্ষকৰ দুৰ্দশা: ২০ বছৰে বঞ্চিত প্ৰাপ্ত বকেয়াৰ পৰা - SIVASAGAR RETIRED TEACHERS PROBLEM

সাত বছৰৰ প্ৰাপ্য বকেয়া বিচাৰি হাবাথুৰি খাইছে অৱসৰপ্ৰাপ্ত শিক্ষকে । গুৰুত্ব নাই মাধ্যমিক শিক্ষা সঞ্চালক কাৰ্যালয়ৰ ।

Sivasagar retired teachers problem
২০ বছৰে প্ৰাপ্ত বকেয়াৰ পৰা বঞ্চিত অৱসৰপ্ৰাপ্ত শিক্ষক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 2:17 PM IST

শিৱসাগৰ : জীৱনটো শিক্ষাদানত জড়ুত হৈ অতিবাহিত কৰা অশীতিপৰ অৱসৰী শিক্ষকে এতিয়া স্বাস্থ্য ব্যয়ৰ বাবে বকেয়া বিচাৰি তাঁতবাতি কৰিবলগা হৈছে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে । আজীৱন শিক্ষা সেৱাত ব্ৰতী থকা একাংশ শিক্ষকে এতিয়া অৱসৰৰ পাছতো নিজৰ প্ৰাপ্য বিচাৰি হাবাথুৰি খাবলগা হৈছে ।

ভগ্ন স্বাস্থ্য লৈ চিকিৎসা ব্যয়ৰ জোৰা মাৰিবলৈ নিজৰ প্ৰাপ্য পইচাকেইটাৰ বাবে বিগত ২০ বছৰে যুঁজি আছে তেওঁলোকে । অসম চৰকাৰৰ শিক্ষা বিভাগৰ বাবে ইয়াতকৈ পৰিতাপৰ কথা কি হ'ব পাৰে !

২০ বছৰে প্ৰাপ্ত বকেয়াৰ পৰা বঞ্চিত অৱসৰপ্ৰাপ্ত শিক্ষক (ETV Bharat Assam)

১-১-১৯৯৬ চনৰ পৰা ১৩-১২-২০০৩ চনলৈ চৰকাৰে কৰা দৰমহা সংশোধনৰ (পে' ৰিভাইজড) বকেয়াৰ লগতে দৈনিক ভাট্টাৰ বকেয়া প্ৰায় ৮০ হাজাৰকৈ টকা এইসকল অৱসৰপ্ৰাপ্ত শিক্ষকে লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে । বিদ্যালয়সমূহৰ তৰফৰ পৰা এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ বহুবাৰ যোগাযোগ কৰা হৈছে যদিও বিভাগৰ তৰফৰ পৰা লাভ কৰা নাই কোনো সঁহাৰি । বিশেষকৈ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ওপৰত উল্লেখ কৰা সময়ছোৱাৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ আছে দহজনকৈ শিক্ষক ।

ধৰ্মেশ্বৰ মহন্ত, ধীৰেন্দ্ৰ নাথ ভূঞা, নিৰু দেৱী, প্ৰণতি শৰ্মা, নলিনী ভৰালী, চন্দ্ৰ কুমাৰ বৰা, দেওকণ হাজৰিকা, জয়ৰাম নাথ, জ্যোতিপ্ৰসাদ বেজবৰুৱা আৰু অৰুণ কলিতাকে ধৰি এই দহগৰাকী শিক্ষকৰ বঞ্চিত প্ৰাপ্যক লৈ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মঞ্জু চেতিয়াই বিগত বছৰতে শিক্ষা সঞ্চালকালয়লৈ বাজেট প্ৰেৰণৰ অনুৰোধ জনাই যাৱতীয় তথ্য বিভাগক যোগান ধৰিছিল ।

আচলতে মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ে বকেয়াৰ পৰা বঞ্চিত হৈ থকা শিক্ষকসকলৰ যাৱতীয় তথ্য বিচাৰি বিদ্যালয়ৰ সৈতে যোগাযোগ কৰিছিল । ইয়াৰ উত্তৰত মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ক পত্ৰ নং ডি এছ ই/এছ জি/২০২৩/১০৬-ৰ দ্বাৰা এই সকলো বকেয়া বঞ্চিত শিক্ষকৰ তালিকা আৰু যাৱতীয় তথ্য প্ৰদান কৰা হৈছিল ।

কিন্তু দুৰ্ভাগ্যজনক বিষয় এই যে বিগত এটা বছৰে বিভাগৰ তৰফৰ পৰা কোনো পদক্ষেপ গ্ৰহণ কৰা নহ'ল । অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ এই সমস্যা যে কেৱল শিৱসাগৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ দহগৰাকী শিক্ষকৰ সমস্যা তেনে নহয়, বৰঞ্চ সমগ্ৰ অসমৰ বহু শিক্ষক ইয়াৰ ভুক্তভোগী ।

কিন্তু ইয়াৰ মাজতে অসমৰ দুই-এক জিলাৰ এনে বকেয়া বঞ্চিত শিক্ষকে নিজ প্ৰাপ্য লাভ কৰা বুলিও জানিব পৰা গৈছে । শিক্ষা বিভাগৰ দ্বাৰা পৰিচালিত এই বিষয়ত একাংশই যদি প্ৰাপ্য লাভ কৰিছে তেন্তে একাংশই কিয় এতিয়াও প্ৰাপ্য লাভ কৰা নাই সেই বিষয়ক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক :অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গো-মাংস: হোটেল-ৰেস্তোৰাঁতো নচলিব
লগতে পঢ়ক :বন্ধ কমলাবাৰী পাৰঘাট, হাহাকাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.