ETV Bharat / state

বানৰ পাচত ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: বৰপেটা আৰু যোৰহাটত ৰোগীৰ মৃত্যু - Japanese Encephalitis

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 1:37 PM IST

Japanese Encephalitis outbreak: ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৷ বৰপেটা জিলাত চাৰিগৰাকী ৰোগীৰ মৃত্যু ঘটাৰ লগতে যোৰহাটত মৃত্যু এগৰাকী কিশোৰীৰ ৷ বহুলোক আক্ৰান্ত ৷

severe outbreak of japanese encephalitis across Barpeta, one dead in jorhat
বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ পৰেশ চন্দ্ৰ কলিতা (ETV Bharat Assam)

বৰপেটা/যোৰহাট, 23 জুলাই: ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হোৱাৰ পাচতে পৰিলক্ষিত হৈছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৷ বৰপেটা জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগে গা কৰি উঠাৰ পিচতে জিলাখনৰ স্বাস্থ্য বিভাগ তৎপৰ হৈছে ৰোগ প্ৰতিৰোধৰ বাবে ৷

ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ পৰেশ চন্দ্ৰ কলিতাই জানিবলৈ দিয়ে ৷ যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, "বৰপেটা জিলাত 36 গৰাকী লোক জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে ৷ ইয়াৰে 18 গৰাকী লোকৰ জাপানীজ এনকেফেলাইটিছ পজিটিভ বুলি চিনাক্ত হৈছে । ইয়াৰ ভিতৰত জাপানীজ এনকেফেলাইটিছত এজন আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত তিনি জনৰ মৃত্যু হৈছে । এই বৰ্ষৰ 1 জানুৱাৰীৰ পৰা 22 জুলাই পৰ্যন্ত মন্দিয়াত এজন, নগাঁৱৰ পানী মৰিছাৰ এজন আৰু চেঙাত দুজন ৰোগীৰ মৃত্যু ঘটিছে ৷"

আনহাতে, জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগতো 18 গৰাকীয়ে ভুগি আছে ৷ জানিব পৰা মতে চেঙা, মন্দিয়া, বৰপেটাৰোড, নগাঁও, ভৱানীপুৰ আদিত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে যদিও বিভাগীয়ভাবে ঠায়ে ঠায়ে তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে ৷

বৰ্তমান বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত দুজন আৰু গুৱাহাটীৰ এপ’ল’ চিকিৎসালয়ত এজন জাপানীজ এনকেফেলাইটিছ ৰোগী চিকিৎাধীন হৈ আছে ৷

যোৰহাটত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

আনহাতে, যোৰহাট জিলাৰ তিতাবৰৰ লেটেকুজান চাহ বাগিচাৰ চমলপুৰীয়া লাইনৰ সোণালী গোৱালা নামৰ এগৰাকী 17 বছৰীয়া কিশোৰীয়ে জাপানীজ এনকেফালাইটিছত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোঁৱালি লয় । বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলে বসবাস কৰা ঘনবসতিপূৰ্ণ আৱাসিক এলেকাবোৰত নলা-নৰ্দমা আদি চাফ-চিকুণ নকৰাৰ ফলতে ডেংগু, এনকেফেলাইটিছ আদিৰ দৰে ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে বুলি ক্ষোভ উজাৰে ।

অঞ্চলবাসী ৰাইজে শীঘ্ৰেই বাগিচা কৰ্তৃপক্ষক নলা-নৰ্দমাবোৰ চাফ-চিকুণ কৰাৰ লগতে মেলেৰিয়া বিভাগক সজাগতা আৰু ফগিংৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত পুৰণিগুদামৰ মহিলা - JAPANESE ENCEPHALITIS

জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহতা: জোনাইত আক্ৰন্ত ৬ জন - Japanese Encephalitis Outbreak

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ছাত্ৰ: আৰোগ্য নোহোৱাকৈয়ে যাবলৈ দিয়া হ’ল AMCHৰ পৰা - Japanese Encephalitis in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.