ETV Bharat / state

বানৰ কবলত অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান : বানবিধ্বস্ত মানাহত উটি গ’ল শিবিৰ - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 3:08 PM IST

Flood Situation In Assam : লুইতৰ বলিয়া বানে অশনি সংকেত কঢ়িয়াই আনিছে ৰাজ্যৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ কাজিৰঙা, মানস, ওৰাং সকলোতে আজি একেই অৱস্থা ৷ জীৱকূলে ওখ স্থানৰ সন্ধানত ঢাপলি মেলিছে বিভিন্ন স্থানলৈ ৷ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বান পৰিস্থিতিৰ সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসে প্ৰস্তুত কৰিছে এই বিশেষ প্ৰতিবেদন ৷

ASSAM FLOOD 2024
বন শিবিৰ ধ্বংস (ETV Bharat Assam)

তেজপুৰ, 1 জুলাই : কাজিৰঙা, মানস, ওৰাঙকে ধৰি ৰাজ্যৰ কেতবোৰ ৰাষ্ট্ৰীয় উদ্যানত এতিয়া বানৰ সংহাৰ ৷ যাৰ বাবে আলাই-আথানিৰ সন্মুখীন হৈছে জীৱকূল ৷ বানে ধোৱা অঞ্চলসমূহৰ পৰা জীৱ-জন্তুৱে নিৰাপদ আশ্ৰয় বিচাৰি ঢাপলি মেলিছে ওখ ঠাইলৈ ৷

অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যানত বান (ETV Bharat Assam)

ইয়াৰ ভিতৰত এচাম বন্য জন্তু জনাঞ্চললৈ ওলাই অহাত অন্য জীৱৰ আক্ৰমণৰ বলি হোৱাও দেখা গৈছে । প্ৰতিবছৰে বাৰিষাৰ বানত এনে কেতবোৰ দৃশ্য সুলভ হৈ পৰিছে ৰাজ্যবাসীৰ বাবে ৷ ৰাজ্যৰ কেইখনমান ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি বৰ্তমান এনেধৰণৰ-

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ 233 টা শিবিৰৰ ভিতৰত 61 টা শিবিৰ সম্পূৰ্ণৰূপে জলমগ্ন হোৱা বুলি সদৰী কৰিছে উদ্যান কৰ্তৃপক্ষই । উদ্যানখনৰ অন্তৰ্গত অগৰাতলি ৰেঞ্জৰ অধীনত মুঠ 34 টা চোৰাংচিকাৰী পৰ্যবেক্ষণ শিবিৰৰ ভিতৰত 22 টা এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন ৷ উদ্যানৰ অধীনষ্ঠ কেম্পসমূহত প্ৰায় 5 ফুটলৈকে বৃদ্ধি পাইছে পানী ।

লগতে পঢ়ক: বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু বোকাখাত আৰক্ষী: বন্যপ্ৰাণীক অনিষ্ট নকৰাৰ আহ্বান - ASSAM FLOOD 2024

তাৰোপৰি কাজিৰঙাৰ মূল অংশৰ 54 টা কেম্পৰ ভিতৰত 10 টা, বাগৰি ৰেঞ্জৰ 39 টা কেম্পৰ ভিতৰত 8 টা আৰু বুঢ়াপাহাৰ ৰেঞ্জত 25 টাৰ ভিতৰত 5 টা, বোকাখাতৰ 8 টাৰ ভিতৰত 6 টা কেম্প বৰ্তমান সম্পূৰ্ণৰূপে জলমগ্ন অৱস্থাত আছে ।

লগতে পঢ়ক: বানাক্ৰান্তৰ চকুলো মচিবলৈ নাই কোনো : আজানপীৰ দৰগাহলৈ বানে আনিছে ভাবুকি - ASSAM FLOOD 2024

আনহাতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা বৃহৎ অংশ হৈছে ইয়াৰ ষষ্ঠ সংযোজন বিশ্বনাথ বন্যপ্ৰাণী খণ্ড । এই অঞ্চল ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত অৱস্থিত ৷ পশ্চিমে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাণপুৰৰ পৰা পূবে গহপুৰলৈ এই এলেকা বিস্তৃত । বিশ্বনাথ সংমণ্ডলৰ বন প্ৰাধিকাৰী খৰ্গেছ পেগুৱে ই টিভি ভাৰতক জনোৱা অনুসৰি, এই সংমণ্ডলৰ অধীনষ্ঠ মুঠ 31 টা চোৰাংচিকাৰী পৰ্যবেক্ষণ কেম্পৰ ভিতৰত 18 টা কেম্প বানে প্লাৱিত কৰিছে ৷ প্ৰতি মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ খবৰো পোৱা গৈছে ৷

আনহাতে, ষষ্ঠ সংযোজনৰ বাঁহবাৰী অঞ্চলত বানৰ কবলত পৰা তিনিটা শৰপহু কুকুৰে আক্ৰমণ কৰাৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় । ইতিমধ্যে বন বিভাগৰ লোকে পহুকেইটাক প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ । মুঠৰ ওপৰত বানৰ বাবে জীৱকূলত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷

মানস ৰাষ্ট্ৰীয় উদ্যান:

মানস ৰাষ্ট্ৰীয় উদ্যানতো একেই অৱস্থা ৷ চকুৰ প্ৰচাৰতেই মানস ৰাষ্ট্ৰীয় উদ্যানৰ এটা চোৰাংচিকাৰী পৰ্যবেক্ষণ শিবিৰ বেকী নৈৰ পানীয়ে উটুৱাই নিয়ে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সহকাৰী সঞ্চালক জেচিম আহমেদে জনোৱা অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখন বৰষুণৰ পানীয়ে ইতিমধ্যে জলমগ্ন কৰিছে ৷ যাৰ বাবে জীৱ-জন্তুবোৰে ইতিমধ্যে ওখ স্থানত আশ্ৰয় লৈছে ৷

লগতে পঢ়ক: ৰাজ্যত বানৰ সংহাৰ : মৃতকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি; ৬৭১ খন গাঁও এতিয়াও পানীৰ তলত - Assam Flood 2024

উদ্যানখনৰ প্ৰায় 20 শতাংশ এলেকা বেকীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰাৰ ফলত চপৰা-চপৰে খহিব ধৰিছে উদ্যানৰ ভূমি ৷ উদ্যান কৰ্তৃপক্ষৰ হৈ সহকাৰী সঞ্চালকগৰাকীয়ে মুঠ 96 টা চোৰাংচিকাৰী পৰ্যবেক্ষণৰ শিবিৰৰ ভিতৰত এটা শিবিৰ খহনীয়াই উছন কৰা বুলি জানিবলৈ দিয়ে ৷ যাৰ বাবে নাৰায়ণগুৰি বন শিবিৰৰ সকলো বনকৰ্মী আৰু যাৱতীয় সামগ্ৰী নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে ৷ বানৰ লগত মোকাবিলা কৰিবলৈ নদী কাষৰীয়া অঞ্চলসমূহত 5 খনকৈ অত্যাধুনিক নাও সাজু কৰি ৰখা হৈছে ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যান:

সম্প্ৰতি বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও কেম্প ৷ নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি আৰু পাঁচনৈ নদীৰ পানীয়ে জলমগ্ন কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ 7 টাকৈ কেম্প ৷ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখনত আছে মুঠ 34 টা চোৰাংচিকাৰী পৰ্যবেক্ষণৰ শিবিৰ ৷

লগতে পঢ়ক: বানত জুৰুলা ৰাজ্যবাসী ; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ - Assam Flood 2024

উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ পানী পাছিঘাট আৰু ডিব্ৰুগড়ত বিপদসীমাৰ সামান্য তলেৰে বৈ আছে ৷ ইয়াৰ বিপৰীতে নিমাতীঘাট, নুমলীগড়, ধনশিৰি আৰু তেজপুৰত বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ ৷ তথ্য অনুসৰি, ব্ৰহ্মপুত্ৰই পাছিঘাটত বিপদসীমাৰ 152.96 ছেণ্টিমিটাৰৰ পৰিৱৰ্তে 153.57 ছেণ্টিমিটাৰ ওপৰৰে, ডিব্ৰুগড়ত বিপদসীমাৰ 105.7 ছেণ্টিমিটাৰৰ পৰিৱৰ্তে 105.60 ছেণ্টিমিটাৰ ওপৰৰে, নিমাতীঘাটত বিপদসীমাৰ 85.04 ছেণ্টিমিটাৰৰ পৰিৱৰ্তে 87.47 ছেণ্টিমিটাৰৰ ওপৰৰে, নুমলীগড়ত বিপদসীমাৰ 77.42 ছেণ্টিমিটাৰৰ পৰিৱৰ্তে 78.10 ছেণ্টিমিটাৰ ওপৰৰে, ধনশিৰিত বিপদসীমাৰ 75 ছেণ্টিমিটাৰৰ পৰিৱৰ্তে 76.97 ছেণ্টিমিটাৰ আৰু তেজপুৰৰ গণেশঘাটত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ 65.23 ছেণ্টিমিটাৰৰ পৰিৱৰ্তে 65.80 ছেণ্টিমিটাৰ ওপৰৰে বৰ্তমান সময়ত বৈ আছে ৷

লগতে পঢ়ক: নীপকোৰ পিচত এইবাৰ এনএইচপিচিয়েও এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী; শংকিত নৈপৰীয়া - NHPC releases excess water

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.