ETV Bharat / state

ৰাজ্যৰ কোন কোন ৰাষ্ট্ৰীয় উদ্যানলৈ বানে কঢ়িয়াইছে ভাবুকি ? - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 9:58 PM IST

Updated : Jun 29, 2024, 10:11 PM IST

National park under flood: বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে ৰাজ্যৰ বিভিন্ন অভয়াৰণ্যলৈয়ো । অভয়াৰণ্যৰ জীৱকুলক সুৰক্ষা দিয়াৰ বাবেও তৎপৰ বনকৰ্মী । এইবাৰৰ বাৰিষাৰ প্ৰথমটো বানত কোন কোন অভয়াৰণ্য কিমান ক্ষতিগ্ৰস্ত হৈছে ? কি অৱস্থাত আছে বানৰ কৱলত পৰা অভয়াৰণ্যৰ জীৱকুল ? সকলো সামৰি ই টিভি ভাৰত অসমৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন ৷

National Park in Assam
ৰাজ্যৰ কোন কোন ৰাষ্ট্ৰীয় উদ্যানলৈ বানে কঢ়িয়াইছে ভাবুকি ? (ETV Bharat Assam)

তেজপুৰ, 29 জুন : বাৰিষাৰ আৰম্ভণিৰ পৰাই ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে ৷ বুঢ়া লুইতৰ জলস্তৰ বৃদ্ধিৰ পোৱাৰ লগে লগে বানৰ আশংকাত ভুগিবলগীয়া হৈছে নৈপৰীয়া পৰিয়াল ৷ ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাৰ লগে লগে যে কেৱল মানুহেই শংকিত হৈছে তেনে নহয়, ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হোৱাৰ লগে লগেই ৰাজ্যৰ কেবাটাখনো অভয়াৰণ্যৰ জীৱ-জন্তুও হৈ পৰিছে শংকিত । শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলস্তৰে ভাবুকি কঢ়িয়াই আনিছে অসম গৌৰৱ এশিঙীয়া গঁড়, ঢেকীয়াপতিয়া বাঘ আদি বিভিন্ন বন্য জীৱ-জন্তুৰে ভৰপূৰ ৰাজ্যৰ কেবাখনো অভয়াৰণ্যলৈ । কেবাখনো বনাঞ্চল ইতিমধ্যেই বানৰ কৱলত পৰাৰ তথ্য পোৱা গৈছে । কোন কোন অভয়াৰণ্যলৈ ভাবুকি কঢ়িয়াইছে বাঢ়নী পানীয়ে জানো আহক সবিশেষ ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যান:

ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ২০ শতাংশ এলেকা বেকী নদীৰ বাঢ়নী পানীৰ কবলত পৰিছে ৷ এই নদীখনে কেৱল বানপানীৰ সমস্যাৰ সৃষ্টি কৰাই নহয়, চৰম ভাবুকি কঢ়িয়াই আনিছে প্ৰচণ্ড গৰাখনীয়াই ৷ ৰাষ্ট্ৰীয় উদ্যানৰ সহকাৰী সঞ্চালক জেচিম আহমেদে ই টিভি ভাৰতক জনায় যে, মুঠ ৯৬ টা চোৰাং চিকাৰী পৰ্যবেক্ষণৰ বন শিবিৰৰ ভিতৰত আজি এটা বন শিবিৰ প্ৰায় নিঃশেষ হোৱাৰ উপক্ৰম হৈছে৷ নতুন নাৰায়ণগুৰি বন শিবিৰটোৰ পৰা ইতিমধ্যে সকলো বনকৰ্মী আৰু সামগ্ৰী স্থানান্তৰ কৰিবলগীয়া হৈছে ৷

লগতে পঢ়ক: ক’ৰবাত ফেৰীসেৱা বাতিল, ক’ৰবাত সকলো ডুবিছে পানীত

বানৰ লগত মোকাবিলা কৰিবলৈ নদী কাষৰীয়া অঞ্চলত ৫ খনকৈ অত্যাধুনিক নাও প্ৰস্তুত কৰি ৰখা হৈছে ৷ উদ্যানখনৰ ভিতৰত ৬০ টা হাতী আছে, যাক বিভিন্ন সময়ত শিবিৰত ব্যৱহাৰ কৰা হয় ৷ ইতিমধ্যে জীৱ-জন্তুৰ বিচৰণ সমতল ভূমিৰ পৰা ওখ ঠাইলৈ স্থানান্তৰ হৈছে ৷ ২০২২-২৩ বৰ্ষৰ গণনা অনুসৰি উদ্যানখনত মুঠ ৫০ টা এশিঙীয়া গঁড় আছে আৰু ২০২৩-২৪ বৰ্ষত ৫২,৭৬৫ গৰাকী দেশীয় আৰু ১,৪৫৩ গৰাকী বিদেশী পৰ্যটকৰ ভ্ৰমণেৰে মুঠ ১৩,৯৭৪,৫৫০ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যান:

সম্প্ৰতি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কিছু কিছু অংশ প্লাৱিত হ’বলৈ ধৰিছে বাঢ়নী পানীৰ ফলত । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈয়ো সাজু হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন বিভাগ । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলক বানৰ সময়ত সুৰক্ষিত কৰি ৰাখিবলৈ তৎপৰ হৈ পৰিছে বন বিভাগ ৷ বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিলেও যাতে বন্যপ্ৰাণীক সময়মতে উদ্ধাৰৰ লগতে চোৰাং চিকাৰীৰ কবলৰ পৰাও ৰক্ষা কৰাৰ স্বাৰ্থত ইতিমধ্যেই প্লেন প্ৰস্তুত কৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ।

বানে ভয়ংকৰ ৰূপ লোৱাৰ পূৰ্বেই বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সাজু কৰিছে ৩০ খনতকৈ অধিক দেশীয় আৰু মেচিন নাওৰ লগতে স্পীড নাও । ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱাই ই টিভি ভাৰতক ফোনযোগে জনোৱা মতে, মুঠ ১২৫ টা এশিঙীয়া গঁড়ৰ বিচৰণভূমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ পূৰ্বতে মাত্ৰ ৭৯ বৰ্গ কিলোমিটাৰ আছিল, ২০২২ চন আৰু ২০২৩ চনত বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিসৰ বৰ্তমান ২৭৯ বৰ্গ কিলোমিটাৰ কৰা হৈছে ।

লগতে পঢ়ক: ৰ’দ-বৰষুণক আওকাণ কৰি কাজিৰক্ষাৰ সুৰক্ষাত নিজকে সমৰ্পণ মহিলা বনকৰ্মীৰ

উদ্যানখনৰ ভিতৰত মুঠ ৪৭ টা চোৰাং চিকাৰী পৰ্যবেক্ষণৰ বন শিবিৰ আছে ৷ তাৰ ভিতৰত ৭ কেম্প বাৰিষা কালত পানীৰ মাজত থাকে । ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে বানৰ বিভীষিকা কঢ়িয়াই আনে ব্ৰহ্মপুত্ৰ নদীৰ সমান্তৰালভাৱে ধনশিৰী আৰু পাচনৈ নদীয়ে ৷ ধনশিৰী নদী ভুটানৰ পৰা বৈ আহিছে আৰু পাচনৈ অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলৰ পৰা আহি ৰাষ্ট্ৰীয় উদ্যানখন জলমগ্ন কৰে ৷ ভয়াবহ বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭০ শতাংশ এলেকা জলামগ্ন হয় ৷

এই সমস্যাসমূহ সমাধানৰ বাবে পূৰ্বতে কম পৰিসৰৰ ভিতৰত ১০০ শতাংশ বনকৰ্মী আৰু বিভিন্ন কৰ্মচাৰী আছিল ৷ বৰ্তমান ইয়াৰ পৰিসৰ বৃদ্ধি পাইছে কিন্তু বনকৰ্মী আৰু কৰ্মচাৰী সংখ্যা প্ৰায় ৪০ শতাংশ খালী হৈ আছে বুলি তেওঁ জনায় ৷ ৰাষ্ট্ৰীয় উদ্যানখনত 2017 চনৰ পৰা বৰ্তমানলৈকে চোৰাং চিকাৰীৰ হাতত এটাও গঁড় হত্যা হোৱা নাই ৷

লগতে পঢ়ক: জোনাইত বাঢ়নী পানীয়ে ছিঙিলে গাইড বান্ধ; নিদ্ৰাহৰণ ৰাইজৰ

আনহাতে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দুমাহ পূৰ্বে ৪ টা গঁড় বুঢ়া চাপৰিলৈ স্থানান্তৰ কৰা হয় বুলি বৰুৱাই জনায় । বিগত ২০২২ চনত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত দুখন কাঠৰ দলং পানীয়ে উটুৱাই নিয়ে, সেয়া আজিও নিৰ্মাণ কৰিব পৰা হোৱা নাই ৷ কাৰণ এই দুই পাহাৰীয়া নদীৰ সুঁতি প্ৰতি বছৰে সলনি হৈ থাকে যদিও ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই যি কোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু ৷ নদী অঞ্চলত টহলদাৰী বৃদ্ধি কৰিছে আৰু প্ৰশিক্ষণপ্ৰাপ্ত স্নিফাৰ ডগ ব্যৱহাৰ কৰা হৈছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান :

বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিসৰ যথেষ্ট বেছি ৷ মুঠ ৪৩০ বৰ্গ কিলোমিটাৰ এলেকা আৱৰি থকা ৰাষ্ট্ৰীয় উদ্যানখন ২,৪০১ টা এশিঙীয়া গঁড়ৰ বিচৰণস্থলী । উদ্যানখনৰ ষষ্ঠ সংযোজন উত্তৰপাৰে জামুগুৰি পানপুৰ অঞ্চলৰ পৰা গহপুৰলৈ বিস্তৃত । এই ষষ্ঠ সংযোজনৰ বন প্ৰাধিকাৰী খৰ্গেছ পেগুৱে ই টিভি ভাৰতক জনাই যে সমাগত বানপানীৰ লগত মোকাবিলা কৰিবলৈ সাজু কৰি তুলিছে ৩৪ খনকৈ দেশীয় নাও আৰু ৭ খন মেচিন নাও ৷ তদুপৰি পৰ্যাপ্ত পৰিমাণৰ বন সুৰক্ষাৰ দলো সাজু কৰা হৈছে ।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰধানঅংশত বানৰ সৃষ্টি হোৱা নাই যদিও, কৰ্তৃপক্ষৰ লগত কেবাবাৰো যোগাযোগ কৰাত বান সম্বন্ধীয় কোনো তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক: জীয়াঢলৰ খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ

Last Updated : Jun 29, 2024, 10:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.