ETV Bharat / state

নাগালেণ্ডৰ ছাৰিংগেইন লংকুমাৰ কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ পূৰ্বাঞ্চলৰ নতুন অধ্যক্ষ - CPA NEW CHAIRMAN

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 8:28 PM IST

CPA Meeting in Guwahati : অসম বিধান‌সভাৰ সভাগৃহত অনুষ্ঠিত হয় কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয় সংমণ্ডলৰ কাৰ্যনিৰ্বাহক সভা । উক্ত সভাত অংশগ্ৰহণ কৰে উত্তৰ-পূৱৰ ৮ খন ৰাজ্যৰ আঠখন বিধানসভাৰ অধ্যক্ষ-উপাধ্যক্ষসকলে ।

Commonwealth Parliamentary Association
কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয় সংমণ্ডলৰ কাৰ্যনিৰ্বাহক সভা (ETV Bharat Assam)

গুৱাহাটী, ১০ মে': শুকুৰবাৰে অনুষ্ঠিত হয় কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয় সংমণ্ডলৰ কাৰ্যনিৰ্বাহক সভা । দিনজোৰা কাৰ্যসূচীৰে অসম বিধান‌সভাৰ সভাগৃহত অনুষ্ঠিত হয় এই সভাখনি । কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয় সংমণ্ডলৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে উত্তৰ-পূৱৰ ৮ খন ৰাজ্যৰ আঠখন বিধানসভাৰ অধ্যক্ষ-উপাধ্যক্ষসকলে ।

এই কাৰ্যনিৰ্বাহক সভাত অধ্যক্ষতা কৰে কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চল সংমণ্ডলৰ তৃতীয় সংমণ্ডলৰ অধ্যক্ষ পাছাং ডি সোনাই । সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাৰ অন্তত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সংবাদ মাধ্যমক সম্বোধন‌ কৰি‌ কয় যে, এই কাৰ্যনিৰ্বাহক সভাত উত্তৰ-পূৰ্বাঞ্চলৰ ৮ বিধানসভাৰ অধ্যক্ষ-উপাধ্যক্ষৰ লগতে সচিব আৰু আয়ুক্ত সচিবসকলেও অংশগ্ৰহণ কৰে ।

দৈমাৰীয়ে কয় যে, কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয় সংমণ্ডলৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় নাগালেণ্ডৰ ছাৰিংগেইন লংকুমাৰক । নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে লংকুমাৰে ।

আনহাতে, মেঘালয়‌ বিধানসভাৰ অধ্যক্ষ থমাছ এ চাংমাই কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয় সংমণ্ডলৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে তেওঁ জনায় যে, কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয় সংমণ্ডলৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভা চলিত বছৰৰে অক্টোবৰত মিজোৰামত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য যেনে- অসম, অৰুণাচল, মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ডৰ লগতে ছিকিমক প্ৰতিনিধিত্ব কৰাৰ বাবে আঠটা তৰা সম্বলিত লগ' ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলিও অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰে ।

লগতে পঢ়ক: হিমন্ত চৰকাৰৰ বৰ্ষপূৰ্তি; দিশপুৰ কিন্তু নিমাওমাও - 3rd Anniversary Of HBS Led BJP Govt

ক্ষীপ্ৰ গতিত চলিছে লামডিং-শিলচৰ পাহাৰ লাইনৰ কাম - Lumding To Silchar Train

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.