ETV Bharat / state

ঘৰৰ চোতালতে গচকি গচকি ভায়েকে হত্যা কৰিলে ককায়েকক - Golaghat murder case

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 4:04 PM IST

Sensational murder in Golaghat : আকৌ ৰাজ্যত হত্যাকাণ্ড ৷ এইবাৰ কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ ৷ নিজ ঘৰৰ চোতালতে ভৰিৰে গচকি গচকি ভায়েকে হত্যা কৰিলে ককায়েকক ৷ ঘৰুৱা কাজিয়াৰ পৰিণতি এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ ।

Sensational murder in Golaghat :
কনিষ্ঠ ভাতৃৰ প্ৰহাৰত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ (ETV Bharat)

গোলাঘাট, 25 আগষ্ট: সময় ঠিক সাঁজ লাগিছিল ৷ লাহে লাহে চাৰিওফালে অন্ধকাৰৰ আচ্ছাদন পৰিছে ৷ কাম-বন সামৰি সকলো ঘৰৰ ভিতৰত সোমাইছে ৷ গৃহিনীহঁতে ৰাতিৰ সাঁজৰ বাবে ৰন্ধাৰ যোগাৰ কৰিছে ৷ ঠিক তেনেতে হঠাৎ চুবুৰীটোত সৃষ্টি হ’ল কোলাহলৰ, মাজে মাজে ভাঁহি আহিল আশ্লীল গালি-গালাজৰ শব্দ ৷ ওচৰ চুবুৰীয়াৰ মাজত বাঢ়ি আহিল উৎকণ্ঠা ৷

কিছু সময়ৰ পাচত গম পোৱা গ’ল যে সেই কোলাহলৰ শব্দ আহিছে প্ৰবীণ শইকীয়াৰ ঘৰৰ পৰা ৷ কোনোৱে কৈছে প্ৰবীণ শইকীয়াক মাৰি আছে ধৈৰ্য শইকীয়াই ৷ তাকো প্ৰবীণ শইকীয়াৰ ঘৰৰ চাৰিসীমাৰ ভিতৰতে ধৈৰ্য শইকীয়াই প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ৷

লগতে পঢ়ক : কলকাতাকাণ্ডৰ বিৰুদ্ধে মৌন সমদল সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ - Kolkata Doctor Rape murder

  • ঘটনাটো কি হৈছিল ?

আমি উল্লেখ কৰা এই ঘটনাটো হৈছে গোলাঘাটৰ কুৰুকা গাঁৱৰ ৷ বিৱৰণি অনুসৰি, আন দিনাৰ দৰে শনিবাৰে সন্ধিয়া কামৰ পৰা আহি আছিল প্ৰবীণ শইকীয়া ৷ তেনেতে বাটত প্ৰবীণ আৰু ধৈৰ্য মুখামুখি হয় ৷ তাৰ পাচত দুয়ো বাকযুদ্ধত লিপ্ত হয় ৷ এই বাকযুদ্ধৰ সময়ত উপস্থিত আছিল প্ৰবীণৰ এগৰাকী সহকৰ্মী ৷ তেওঁ পৰিস্থিতি বেয়াৰ ফালে যাব বুলি অনুমান কৰি প্ৰবীণ শইকীয়াক ঘৰৰ পদুলিমুখলৈকে আগুৱাই থৈ গুচি যায় ৷ কিন্তু ইয়াৰে পৰৱৰ্তী পৰ্যায়ত কি হয় তেওঁ সেই বিষয়ে জ্ঞাত নহয় ৷

ইফালে মৃত প্ৰবীণৰ পুত্ৰই উল্লেখ কৰে, ‘‘মই ঘৰলৈ আহি দেখা পাও যে ধৈৰ্য শইকীয়াই মোৰ দেউতাক ভৰিৰে গচকি মাৰি আছে, তাকো আমাৰ ঘৰৰ চাৰিসীমাৰ ভিতৰতে ৷ দেউতাক ধৈৰ্যই মাৰি থাকোতে ওচৰত আন কেবাজনো লোক উপস্থিত আছিল ৷ তৎস্বতেও তেওঁলোকে এওঁলোকক কাজিয়া কৰাত বাধা দিয়া নাছিল ৷ বৰং চাইহে আছিল ৷ যদি তেওঁলোকে বাধা দিলেহেতেন, আজি মোৰ দেউতা জীয়াই থাকিলেহেতেন ৷’’

লগতে পঢ়ক : কৰ্মক্ষেত্ৰত শ্ৰমিকৰ ৰহস্যজনক মৃত্যু - Labour found dead

  • মৃত প্ৰবীণৰ পুত্ৰৰ ভাষ্য :

মৃত প্ৰবীণৰ পুত্ৰই উল্লেখ কৰা মতে, ধৈৰ্য শইকীয়া হৈছে তেওঁৰ সম্বন্ধীয় খুড়াক, অৰ্থাৎ তেওঁৰ পিতৃৰ সম্বন্ধীয় ভায়েক ৷ সুৰাৰ ৰাগীত মাতাল হৈয়ে এই ঘটনাটো সংঘটিত কৰিছে বুলি ধৈৰ্য শইকীয়ালৈ অভিযোগৰ আঙুলি টোঁৱাইছে মৃত প্ৰবীণ শইকীয়াৰ পুত্ৰই ৷ নিশা আহাৰ গ্ৰহণ কৰাৰ পাচত শুবলৈ যাওঁতেই ভাতৃ ধৈৰ্য শইকীয়া ওৰফে টুটুৱে প্ৰবীণ শইকীয়াৰ ঘৰলৈ গৈ বাক-বিতণ্ডাত লিপ্ত হয় ৷ তাৰ পাচতে এই ঘটনাটো সংঘটিত কৰে বুলি অভিযোগ তুলিছে মৃত শইকীয়াৰ পুত্ৰই ৷

ইফালে পৰৱৰ্তী পৰ্যায়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰবীণ শইকীয়াক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসাললয়লৈ নিয়া হয় ৷ কিন্তু চিকিৎসকে প্ৰবীণ শইকীয়া মৃত বুলি ঘোষণা কৰে । আনহাতে, এই সমগ্ৰ ঘটনাৰ লগত জড়িত মূল অভিযুক্ত ধৈৰ্য শইকীয়াৰ লগতে আৰু চাৰিজনক গোলাঘাট আৰক্ষীয়ে আটক কৰি সোধ-পোছ আৰম্ভ কৰাৰ লগতে বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

লগতে পঢ়ক : ঘৰৰ কাষতে উদ্ধাৰ ফৰিদৰ মৃতদেহ: পৰিয়ালৰ মতে হত্যাকাণ্ড...আন একাংশৰ মতে ড্ৰাগছে মাতিলে কাল - YOUTH MYSTERIOUS DEATH IN JORHAT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.