গুৱাহাটী,৮ মাৰ্চ: আজি আন্তৰ্জাতিক নাৰী দিৱস । নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ অভিযানত ৮ মাৰ্চৰ দিনটো ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ । কাৰণ এই দিনটোতেই মহিলাসকলৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ আৰম্ভণি হৈছিল । আজি দেশৰ আন ঠাইৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই দিৱস । এই দিৱসত মহিলাসকলৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশ সম্পৰ্কে আলোচনা কৰা হৈছে । আজি পুৰুষৰ সমান্তৰালকৈ মহিলাসকলো সমাজত সমানেই আগবাঢ়িছে । পিচপৰি থকা নাই অসমৰ নাৰীসমাজ । আজি আমি অসমৰ এনে দুগৰাকী মহিলা কথা কব বিচাৰিছো যি দুগৰাকীয়ে সমাজৰ কঠোৰ নিয়মৰ বিপৰীতে গৈ পুৰুষৰ সমানেই কৰ্মক্ষেত্ৰত আগবাঢ়িছে । তেওঁলোকৰ কৰ্মৰ জৰিয়তে সমাজৰ আন দহগৰাকী মহিলাৰ আদৰ্শ হৈ পৰিছে । এই মহিলা দুগৰাকী হৈছে অসমৰ প্ৰথম গৰাকী মহিলা মেকানিক ডিব্ৰুগড়ৰৰ প্ৰীতাঞ্জলি মেধি শৰ্মা আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী গাড়ীচালনা প্ৰশিক্ষক মহানগৰীৰ দৰ্শনাসেন গুপ্তা ।
এই সন্দৰ্ভত প্ৰীতাঞ্জলি মেধি শৰ্মাই কয় যে ২০১৪ ৰ পৰাই তেওঁ এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে । প্ৰথমে তেওঁ ব্যক্তিগত খণ্ডত কাম কৰিছিল । সেই সময়ত অফিচৰ কাম কৰিবলৈ সুবিধা পাইছিল যদিও ফ্ল'ৰত কাম কৰাৰ সুবিধাৰ পৰা বঞ্চিত হৈছিল । তেওঁ চাকৰি বাদ দি ২০১৪ চনত আৰম্ভ কৰে ড্ৰীমচ কাৰ ৱ'ৰ্ল্ড আৰম্ভ কৰে য'ত সকলো ধৰণৰ গাড়ী মেৰামতি কৰা হয় । বৰ্তমান তেওঁৰ ড্ৰীমচ কাৰ ৱ'ৰ্ল্ডত ১০ গৰাকী কৰ্মচাৰী আছে । মেকানিকেল পঢ়া ছোৱালীবোৰে ফ্ল'ৰত কাম কৰাৰ সুবিধা নাপায় বুলি উল্লেখ কৰি তেওঁলোকক পঢ়া শেষ হোৱাৰ পিছত ফ্ল'ৰত কেনেকৈ কাম কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়াৰ বাবে প্ৰশিক্ষণ চেন্টাৰ আৰম্ভ কৰাৰ পৰিকল্পনা আছে বুলি কয় । বছৰত যাতে ১০ গাকীকৈ হ'লেও মহিলাক প্ৰশিক্ষণ দিব পাৰে তাৰ চিন্তা-চৰ্চা কৰি থকা বুলি তেওঁ কয় ।
ইপিনে, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী কাৰ প্ৰশিক্ষক মহানগৰীৰ দৰ্শনা সেনগুপ্তাই কয় যে ২০০০ চনত তেওঁ গাড়ী চলাবলৈ শিকিছিলে । ২০০৩ ত তেওঁ গাড়ী চলাবলৈ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে । তাৰ আগলৈ তেওঁ এগৰাকী গৃহিণী আছিলে । বৰ্তমানলৈ তেওঁ ১১,০০০ হাজাৰতকৈ অধিক মহিলাক প্ৰশিক্ষণ দিবলৈ সমক্ষ হৈছে । গুৱাহাটীৰ উপৰি মুম্বাইতো তেওঁ গাড়ী চলোৱাৰ প্ৰশিক্ষণ দিছে । তেওঁ কয় যে সততা, একাগ্ৰতা আৰু আত্মবিশ্বাস থাকিলে সকলো কাম সফলভাৱে কৰিব পাৰি । অসমত কমাৰ্চিয়েল মহিলা গাড়ী চালক নাই । মহিলাক কমাৰ্চিয়েল গাড়ীচালক হিচাপে প্ৰশিক্ষণ দিয়াৰ তেওঁৰ সপোন আছে । চৰকাৰে সহায় সহযোগিতা আগবঢ়ালে এই কাম কৰিব । ইয়াৰ জৰিয়তে মহিলাসকল স্বাৱলম্বী হ'ব বুলি তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক:ঘৰে ঘৰে পাৰ্চেল বিলাই সংসাৰ চলোৱা এটি বিশেষ নাৰী সত্বা পিংকী মালাকাৰ