ETV Bharat / state

এতিয়ালৈকে বোমা বুলি নিশ্চিত হোৱা নাই: নলবাৰীৰ বোমাকাণ্ডত আৰক্ষী অধীক্ষকৰ মন্তব্য - 78th Independence day

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 4:35 PM IST

ULFA I Bomb Threat in Nalbari : নলবাৰীত উদ্ধাৰ হোৱা টোপোলাটো বোমা নে অন্য কিবা সেয়া পৰীক্ষা কৰিব লাগিব । টোপোলাটোত প্লাষ্টিক কণ্টেইনাৰহে উদ্ধাৰ হোৱা বুলি মন্তব্য আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসৰ ।

ULFA I Bomb Threat in Nalbari
নলবাৰীত এতিয়ালৈকে বোমা বুলি নিশ্চিত হোৱা নাই (ETV Bharat Assam)

নলবাৰী, ১৫ আগষ্ট : নলবাৰীত উদ্ধাৰ হোৱা আপত্তিজনক সামগ্ৰীখিনি বোমা নে অন্য কিবা সেয়া নিশ্চিত নহয় আৰক্ষী । বিতং পৰীক্ষাৰ পিছতহে প্ৰমাণ হ'ব সেয়া বোমা নে অন্য কিবা । এই মন্তব্য নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসৰ ।

নলবাৰীৰ বোমাকাণ্ডত আৰক্ষী অধীক্ষকৰ মন্তব্য (ETV Bharat Assam)

উল্লেখ্য, আলফা (স্বাধীন)ৰ বোমাতংকৰ ঘটনাই সমগ্ৰ অসমৰ লগতে বৃহস্পতিবাৰে নলবাৰী জিলাকো জোকাৰি যায় । আনহাতে নলবাৰী চহৰত সৃষ্টি হয় তীব্ৰ বোমাতংক । আলফা (স্বাধীন)ৰ বিবৃতিত উল্লেখ কৰা স্থানতে অৰ্থাৎ নলবাৰী শ্বহীদ মুকুন্দ কাকতি হাস্পতালৰ পুৰণি ৰাস্তাৰে সোমাই পৰিত্যক্ত অৱস্থাত থকা এখন 108 এম্বুলেন্সৰ চালকৰ আসনৰ তলত উদ্ধাৰ হয় সন্দেহজনক তথা আপত্তিজনক সামগ্ৰীৰ এটা টোপোলা ।

সংবাদ মাধ্যমৰ আগত আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে কয়, "এটা ক'লা পলিথিনত দুটা কণ্টেইনাৰ উদ্ধাৰ হৈছে । কণ্টেইনাৰ দুটা টিফিন বক্সৰ দৰে । কিন্তু উদ্ধাৰ হোৱা সামগ্ৰীখিনি বোমা নে অন্য কিবা সেয়া নিশ্চিত নহয় । টোপোলাটো বিতংভাৱে পৰীক্ষা কৰাৰ পিছতহে সকলো কথা স্পষ্ট হৈ পৰিব । হয়তো সেয়া ভুৱাও হ'ব পাৰে ।"

উল্লেখ্য যে সমগ্ৰ দেশত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰি থকাৰ সময়তে অসমৰ নিষিদ্ধঘোষিত আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক বিবৃতিয়ে অসম আৰক্ষীত তোলপাৰ লগায় ৷ বিবৃতিটোত আলফাই (স্বা) উল্লেখ কৰে যে ৰাজ্যৰ প্ৰায় 19 টাকৈ স্থানত বোমা সংস্থাপন কৰা হৈছে ৷ কিন্তু কাৰিকৰী বিজুতিৰ বাবে সেই বোমাবোৰ বিস্ফোৰণ ঘটাব পৰা নগ'ল । ইফালে এই খবৰ ৰাজহুৱা হোৱাৰ লগে লগে সষ্টম হৈ পৰে আৰক্ষী-প্ৰশাসন ৷ লগে লগে বোমা বিচাৰি নিৰ্দিষ্ট স্থানলৈ ঢাপলি মেলে আৰক্ষী ৷

নলবাৰীতো বোমা সংস্থাপনৰ খবৰ লাভৰ পিছত জিলাখনৰ মাজমজিয়াৰ পুৰণি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰৱেশ কৰা পথত স্নিফাৰ ডগ লৈ উপস্থিত হয় আৰক্ষী ৷ খবৰ পোৱামাত্ৰে ঘটনাস্থলীত উপস্থিত হয় জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস ৷ পৰেশ বৰুৱাই বিবৃতিত প্ৰকাশ কৰা অনুসৰিয়ে আৰক্ষীয়ে নিৰ্দিষ্ট স্থানত থকা এখন 108 এম্বুলেন্সৰ পৰা বোমাসদৃশ সামগ্ৰী উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ক’লা পলিথিনেৰে মেৰিয়াই সামগ্ৰীটো জনসমাগমৰ পৰা নিৰাপদ স্থানলৈ আঁতৰাই নিয়ে ৷

লগতে পঢ়ক :সঁচা প্ৰমাণিত পৰেশ বৰুৱাৰ বিবৃতি: নলবাৰীতো উদ্ধাৰ বোমাসদৃশ সামগ্ৰী - ULFA I BOMB PLAN
লগতে পঢ়ক :আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 19 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.