ETV Bharat / state

চিয়াং নদীত ডুব গ’ল SDRF ৰ ৰবৰ ব’ট; বিষয়াসহ 9 গৰাকী জোৱানক সেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ - SDRF rubber boat sinks

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 4:31 PM IST

Flood in Dhemaji: জোনাইৰ শিৱগুৰিৰ চিয়াং নদীত SDRF ৰ ৰবৰ ব’ট দুৰ্ঘটনা ৷ কোনোমতে প্ৰাণৰক্ষা পৰে বিষয়াসহ 9 গৰাকী SDRF জোৱানৰ ৷ সেনাবাহিনীৰ হেলিকপ্টাৰৰ সহায়ত দেওবাৰে সন্ধিয়া উদ্ধাৰ কৰা হয় দলটোক ৷

Flood in Dhemaji
SDRF RUBBER BOAT SINKS (ETV Bharat Assam)

জোনাই, 30 জুন: বাৰিষাৰ লগে লগে বানৰ কবলত পৰিছে কেবাখনো জিলা ৷ ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল ৷ ইয়াৰ মাজতে ধেমাজি জিলাৰ জোনাইৰ শিৱগুৰিত চিয়াং নদীত সংঘটিত হৈছে এক অঘটন ৷ বানাক্ৰান্তক উদ্ধাৰ কৰিবলৈ যোৱা SDRF ৰ এখন ৰবট ব’ট চিয়াঙৰ বুকুত ডুব যায় ৷ নাওখনত আছিল 9 গৰাকীকৈ SDRF ৰ বিষয়া আৰু জোৱান ৷ নাওখন ডুব যোৱাৰ পিচত তেওঁলোকে কোনোমতে সাঁতুৰি নিজৰ জীৱন ৰক্ষা কৰে ৷

চিয়াং নদীত ডুব গ’ল SDRF ৰ ৰবৰ ব’ট (ETV Bharat Assam)

জানিব পৰা মতে, শনিবাৰে শিৱগুৰিত বন্যাৰ্তক উদ্ধাৰৰ বাবে গৈছিল SDRF ৰ দলটো ৷ উদ্ধাৰ অভিযান সামৰি দেওবাৰে তেওঁলোক ঘূৰি আহিছিল যদিও দিনৰ 2 মান বজাত ওভতনি পথত নাওখন ডুব যায় ৷ নাওখনত থকা SDRF ৰ লোককেইজনে নিজৰ প্ৰাণ ৰক্ষা কৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰে ৷

লগতে পঢ়ক: বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু বোকাখাত আৰক্ষী: বন্যপ্ৰাণীক অনিষ্ট নকৰাৰ আহ্বান - ASSAM FLOOD 2024

ভাৰতীয় সেনা বাহিনী আৰু বায়ুসেনাৰ এক যুটীয়া অভিযানত সেনাবাহিনীৰ হেলিকপ্টাৰৰ সহায়ত দেওবাৰে সন্ধিয়া উদ্ধাৰ কৰা হয় দলটোক ৷ তেওঁলোকক ডিব্ৰুগড়লৈ অনা বুলি জানিব পৰা গৈছে ৷ তেওঁলোক হৈছে প্ৰশান্ত পেগু, দীপজ্যোতি ভৰালী, বিকাশ পাটগিৰি, বিমান চেতিয়া, জগদীশ হাজৰিকা, বেদান্ত বৰা, অভিজিৎ হাজৰিকা আৰু তোলন দলে ৷ লগতে জোনাই ৰাজহ চক্ৰৰ এগৰাকী উপ-পঞ্জীয়কো আছে দলটোত ৷

লগতে পঢ়ক: ধেমাজিৰ কেইবা স্থানতো অপৰিৱৰ্তিত বানপৰিস্থিতি, গাই নদীয়ে ধৰিছে কালৰূপ - Assam flood 2024

অসম-অৰুণাচল সীমান্তত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাই মহকুমাৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত ওপৰ কবুৰ শিৱগুৰি গাঁওখন সমপূৰ্ণৰূপে বানপানীত ডুব গৈছে । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিচতে ব্ৰহ্মপুত্ৰৰ উপনৈ চিয়াং-দিবাং আৰু দতুং নদীৰ বানে সম্পূৰ্ণৰূপে প্লাৱিত কৰিছে সমগ্ৰ গাঁওখন । ইফালে শনিবাৰে পুৱাৰে পৰা দ্ৰুত গতিত পানী বৃদ্ধি হোৱাৰ পিচতে জোনাই মহকুমা প্ৰশাসন আৰু SDRF বাহিনীৰ দলে গাঁওখনত উপস্থিত হৈ শিশু মহিলাসহ শতাধিক লোকক নিশা উদ্ধাৰ কৰে ৷

বৰ্তমান বানবিধস্ত ৰাইজক জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অস্থায়ী আশ্ৰয় শিবিৰ পাতি মহকুমা প্ৰশাসনে থকাৰ ব্যৱস্থা কৰি দিছে ৷

লগতে পঢ়ক: আহাৰৰ বলিয়া বানত জুৰুলা ৰাজ্যৰ জনতা - ASSAM FLOOD 2024

লগতে পঢ়ক: নীপকোৱে এৰিলে ৰঙানদী বান্ধৰ পানী; আতংকিত লখিমপুৰবাসী - NEEPCO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.