ETV Bharat / state

ব্ৰইলাৰ মাংস বুলি কুমজেলেকুৱাকে চেলেকিলে শিক্ষাৰ্থীয়ে - Mid day meal

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 2:52 PM IST

Mid day meal :শিৱসাগৰত এখন বিদ্যালয়ত শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰা মধ্যাহ্ন ভোজনত কুমজেলেকুৱা ওলোৱাৰ অভিযোগ উঠিছে । আহাৰখিনি পেলাই দিয়াৰ পৰিৱৰ্তে শিক্ষাৰ্থীসকলক খাবলৈ দিয়াৰো গুৰুতৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

Mid day meal
ব্ৰইলাৰ মাংস বুলি কুমজেলেকুৱাকে চেলেকিলে শিক্ষাৰ্থীয়ে (ETV Bharat)

আমগুৰি,১২ ছেপ্টেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত দিক্চু মুখ জ্ঞানোদয় মধ্য ইংৰাজী বিদ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰা মধ্যাহ্ন ভোজনত ওলাল কুমজেলেকুৱা । ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি ।

মধ্যাহ্ন ভোজনত ওলাল কুমজেলেকুৱা

জানিব পৰা মতে আন দিনাৰ দৰেই মঙলবাৰেও বিদ্যালয়খনত শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজন দিয়া হৈছিল । মধ্যাহ্ন ভোজন খাই থকাৰ সময়তে এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীৰ ভাতত ওলাল কুমজেলেকুৱা । ছাত্ৰীগৰাকীয়ে প্ৰথমে কুমজেলেকুৱাটো ব্ৰইলাৰ মাংস বুলি ভাবিছিল । মাংস বুলি চেলেকিও চাইছিল ছাত্ৰীগৰাকীয়ে । কিন্তু পিছত সেয়া আন কিবা বুলি অনুভৱ কৰিলে । ভালদৰে লক্ষ্য কৰি দেখে যে সেইটো কুমজেলেকুৱাহে আছিল । লগে লগে ছাত্ৰীগৰাকী আচৰিত হৈ পৰে । পিছত কুমজেলেকুৱাটো পেলাই দি হাত ধুই আহিল ছাত্ৰীগৰাকীয়ে ।

কিন্তু আচৰিত কথাটো হ'ল যে তাৰ পিছত ছাত্ৰীগৰাকীক বিদ্যালয়ৰ মধাহ্ন ভোজনৰ দায়িত্বত থকা কৰ্মচাৰীয়ে সেই আহাৰকে গ্ৰহণ কৰিবলৈ দিয়াৰ অভিযোগ উঠিছে । আন শিক্ষাৰ্থীসকলেও সেই মধ্যাহ্ন ভোজনকে গ্ৰহণ কৰিলে । যাৰ বাবে ঘটনাটোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিদ্যালয়খনত ৪ গৰাকীকৈ ৰান্ধনী থকাৰ পিছতো শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰা আহাৰত কেনেকৈ কুমজেলেকুৱা ওলাল ? তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

শিক্ষাৰ্থীসকলক অস্বাস্থ্যসন্মত আহাৰ যোগান ধৰা কাৰ্যই সচেতন লোকৰ লগতে অভিভাৱকসকলক চিন্তিত কৰি তুলিছে । বিদ্যালয় কৰ্তৃপক্ষই ভুক্তভোগী শিক্ষাৰ্থীগৰাকীৰ চিকিৎসাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈও উদ্বিগ্ন হৈ পৰিছে অভিভাৱকসকল ।

ইফালে পৰৱৰ্তী সময়ত বিদ্যালয়খনত চি আৰ চি চি উপস্থিত হৈ উক্ত ঘটনাৰ বিষয়ত অভিভাৱকসকলৰ সৈতে আলোচনা কৰে । আলোচনাৰ পিছত চি আৰ চি চিয়ে ভুক্তভোগী ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ নোলোৱাৰ লগতে চিকিৎসাৰ ব্যৱস্থা লোৱাৰ পৰামৰ্শ নিদিয়াত ছাত্ৰীগৰাকীৰ অভিভাৱক ক্ষোভিত হৈ পৰিছে ।

ভুক্তভোগীৰ প্ৰতিক্ৰিয়া

ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কয়,"মই ব্ৰইলাৰ মাংস বুলি ভাবি চেলেকি দিছিলো । এতিয়া ঘিণ লাগি আছে । কালি বমি বমিও লাগি আছিল ।" ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে জানিবলৈ দিয়া মতে আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁলোকে ছাত্ৰীগৰাকীক গাঁৱলীয়া দৰৱৰে ব্যৱস্থা কৰি দিছে । আনহাতে ঘটনাটো সংঘটিত হোৱাৰ লগে লগে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা নকৰাত উদ্বেগ প্ৰকাশ কৰিছে অভিভাৱকে । অৱশ্যে সাংবাদিকৰ তৎপৰতাত ঘটনাটোৰ ঘটনাৰ ২৪ ঘণ্টাৰ অন্তত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে ছাত্ৰীগৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰে ।

শিক্ষাৰ্থী জীৱনক লৈ হেতালি !

কিন্তু বিদ্যালয়খনৰ এনে কাণ্ডই একাংশ অভিভাৱকক চিন্তিত কৰি তুলিছে । এগৰাকী ছাত্ৰীৰ মধ্যাহ্ন ভোজনত কুমজেলেকুৱা ওলোৱাৰ পিছতে আহাৰখিনি পেলাই দিয়াৰ পৰিৱৰ্তে পুনৰ অন্যান্য ছাত্ৰ-ছাত্ৰীক সেই একেই আহাৰকে খাবলৈ দিয়া কাৰ্যক সকলোৱে একেমুখে গৰিহণা দিছে । শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা এনে কাৰ্যক তীব্ৰ নিন্দা কৰাৰ লগতে দোষীক উচিত শাস্তিৰ দাবীও জনাইছে স্থানীয় লোক আৰু অভিভাৱকসকলে ।

লগতে পঢ়ক :কোনে খালে আঁচনিৰ টকা ? সুবিচাৰৰ দাবীত ৰাজপথলৈ আহিল শ শ ৰাইজ - Scam in Government schemes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.