ETV Bharat / state

নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ দেহাৱসান - Devananda Dev Goswami PASSES AWAY - DEVANANDA DEV GOSWAMI PASSES AWAY

Devananda Dev Goswami no more : দৌল উৎসৱৰ আনন্দ উল্লাসৰ মাজতে বটদ্ৰৱা থানলৈ আহিল এক দুঃখবৰ । বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ পৰলোক । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ-সভাপতিৰ দায়িত্বত আছিল দেবানন্দ দেৱ গোস্বামী । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ ।

Satradhikar of Norua Satra Devananda Dev Goswami passes away
নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ দেহাৱসান
author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 7:01 AM IST

নগাঁও, ২৪ মাৰ্চ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত পাঁচদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ ব্যাপক আয়োজন চলি থকাৰ মাজতে হঠাৎ আহিল এক বেয়া খবৰ । শনিবাৰে নিশা ইহলীলা সম্বৰণ কৰে বটদ্ৰৱাৰ শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা থান পৰিচালনা সমিতিৰ উপ-সভাপতি দেবানন্দ দেৱ গোস্বামীয়ে ৷

৭২ বছৰ বয়সত ইহ সংসাৰৰ পৰা বিদায় মাগে সত্ৰাধিকাৰগৰাকীয়ে ৷ শনিবাৰে বিয়লি বটদ্ৰৱা থানৰ দৌল উৎসৱৰ কামত লাগি থকা অৱস্থাতেই হঠাৎ অসুস্থ হৈ পৰে সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী । হঠাৎ বুকুৰ বিষ অনুভৱ কৰাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় সত্ৰাধিকাৰ দেৱ গোস্বামীক ।

কিন্তু নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি চিকিৎসালয়তে নিশা ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মৃত্যুৰ আগমুহূৰ্তলৈকে কাম কৰিছিল সত্ৰাধিকাৰ দেৱনন্দ দেৱ গোস্বামীয়ে ।

এগৰাকী শিল্পী তথা এগৰাকী সুদক্ষ অভিনেতাও আছিল প্ৰয়াত দেবানন্দ দেৱ গোস্বামী । সত্ৰাধিকাৰগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে কেৱল বটদ্ৰৱাতেই নহয় সমগ্ৰ নগাঁও জিলাতে বিৰাজ কৰিছে এক গভীৰ শোকাকুল পৰিৱেশে । সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিধায়ক ৰূপক শৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তি, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰি কয় যে সত্ৰাধিকাৰগৰাকীৰ প্ৰয়াণে জাতীয় জীৱন ৰিক্ত কৰিলে । তেওঁ নিপুন শিল্পী তথা এগৰাকী সুবক্তা দেবানন্দ দেৱ গোস্বামীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে ।

লগতে পঢ়ক : বটদ্ৰৱাৰ দৌল উৎসৱত কেইবা লক্ষাধিক তীৰ্থযাত্ৰীক আদৰাৰ ব্যাপক প্ৰস্তুতি - Doul Utsav 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.