ETV Bharat / state

বন বিষয়া-ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবীত সৰু পথাৰত ছাত্ৰ মুক্তিৰ অৱস্থান ধৰ্মঘট - SMSS Protest in Golaghat

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 7:13 AM IST

Satra Mukti Protest at Sarupathar : উৰিয়ামঘাটৰ বীট অফিচাৰ, খণ্ড উন্নয়ন বিষয়া, ডি এফ অ'ৰ লগতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবীত সৰুপথাৰত অৱস্থান ধৰ্মঘট । ধনশিৰি মহকুমাধিপতিৰ কাৰ্যালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ।

Satra Mukti Protest at Sarupathar
পথাৰত ছাত্ৰ মুক্তিৰ অৱস্থান ধৰ্মঘট (ETV Bharat Assam)

সৰুপথাৰ, 31 আগষ্ট : উৰিয়ামঘাটৰ বীট অফিচাৰ মুনিন নাথ, খণ্ড উন্নয়ন বিষয়া তমসা দাস, ডি এফ অ' এছ কে ঠাকুৰীয়াৰ লগতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ মনোজ পাৰিকৰক গ্ৰেপ্তাৰৰ দাবীত সৰুপথাৰত অৱস্থান ধৰ্মঘট । ধনশিৰি মহকুমাধিপতিৰ কাৰ্যালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই দাবীত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে সৰুপথাৰ সমষ্টিত বনজ সম্পদ লুণ্ঠনত জড়িত থকা চৰকাৰী বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱে ৷ সৰুপথাৰৰ উৰিয়ামঘাট থানাত এজাহাৰ দাখিল কৰিছিল উক্ত তিনি চৰকাৰী বিষয়াৰ বিৰুদ্ধে ৷ দীৰ্ঘদিন ধৰি সৰুপথাৰ সমষ্টিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত সংঘটিত অবৈধ শিলখনন আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই এজাহাৰ দাখিল কৰিছিল ৷

অভিযোগ অনুসৰি, উৰিয়ামঘাটত অমৃত সৰোবৰৰ নামত পুখুৰী খান্দি শিলৰ বৃহৎ ছিণ্ডিকেটৰাজ গঢ়ি তুলিছে অসাধু চক্ৰই ৷ বন বিভাগৰ লগত বুজাবুজি কৰি এই ছিণ্ডিকেটৰাজ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । সমগ্ৰ বিষয়ৰ তদন্তৰ দাবীৰে উৰিয়ামঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱে ৷

ইয়াৰ লগতে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ ঠিকাদাৰ মনোজ পাৰিকে জল জীৱন মিছন আঁচনি ৰূপায়ণত কৰা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । উৰিয়ামঘাটত জল জীৱন আঁচনিৰ পানীৰ টেংকীৰ নামত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈছে সংগঠনটো ।

ইয়াৰ লগতে সৰুপথাৰ সমষ্টিৰ এটা পথ নিৰ্মাণ কৰাত মনোজ পাৰিকৰ নামৰ ঠিকাদাৰজনে সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধেও সৰৱ হৈছে দলটো । তেওঁৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰি গ্ৰেপ্তাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধায়ক বিশ্বজিৎ ফুকনক দাবী জনাইছে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভপতি আকাশ দাৱে ।

লগতে পঢ়ক :স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ, সৰুপথাৰত আৰক্ষী-কংগ্ৰেছ কৰ্মীৰ হতাহতি - Smart Electricity Meter
লগতে পঢ়ক :নগাঁৱৰ মীনপালক সন্থাৰ দম্ভালিক প্ৰত্যাহ্বান সৰুপথাৰৰ স্থানীয় ব্যৱসায়ীৰ - Nagaon Fish controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.