ETV Bharat / state

হৰিনামৰ ধ্বনিৰে মুখৰিত জোনাই-হোজাই

আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱ । জোনাই আৰু হোজাইৰ সত্ৰই-নামঘৰে গুৰুজনাৰ সৃষ্টিৰাজিৰ গুণ-গান ।

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 7:59 PM IST

Sankardev Janmotsav observed in defferent part of state
হৰিনামৰ ধ্বনিৰে মুখৰিত জোনাই-হোজাই (ETV Bharat Assam)

জোনাই/হোজাই,১২ অক্টোবৰ: আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ । মহাপুৰুষজনাই নিজৰ কৰ্মৰাজিৰে সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে জাতীয় জীৱনৰ মহানায়কলৈ ৰূপান্তৰ হৈছিল । কেৱল ধৰ্ম প্ৰচাৰতেই মনোনিবেশ নকৰি তেওঁ নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্মৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতিক একত্ৰিত আৰু সংহত কৰিবলৈ সক্ষম হৈছিল ।

অসমীয়া জাতি, সাহিত্য, সংস্কৃতিৰ নিৰ্মাতা এইগৰাকী মহাপুৰুষ আছিল একেধাৰে সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ, বৈজ্ঞানিক চিন্তা চেতনাৰ অধিকাৰী । তেওঁৰ প্ৰতিটো চিন্তাৰ আঁৰত আছিল একো একোটা বৈজ্ঞানিক কাৰক । অসমীয়া সমাজখনক তেওঁ তেওঁৰ চিন্তাৰে সংস্কাৰ কৰি পোহৰৰ বাট দেখুৱাইছিল ।

এই মহাপুৰুষগৰাকীৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী অসমৰ প্ৰতিটো প্ৰান্ততে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈছে । ৰাজ্যৰ প্ৰতিখন ঐতিহাসিক সত্ৰ, নামঘৰৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিখন গাঁৱৰ নামঘৰে নামঘৰে আজি পুৱাৰে পৰা পালন কৰা হৈছে জন্মোৎসৱটি ।

ব্যতিক্ৰম নহয় জোনাইও । অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাই মহকুমাত ১৯৭২ চনতে স্থাপন কৰা সোণালী জয়ন্তী গৰকা জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত নামঘৰ মূল সমিতিৰ উদ্যোগত তথা জোনাইবাসী ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে । প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্তত দ্বিতীয় দিনা পুৱাই জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰৰ পৰা ৰাংকপ তিনিআলি হৈ সীমান্ত ৰুকচিনলৈ শতাধিক ভকত-বৈষ্ণৱ তথা আইমাতৃয়ে গুণানুকীৰ্তনেৰে ভাগৱত ভ্ৰমণ উলিয়াই ।

একেদৰে হোজাইতো আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ পালন কৰা হয় । হোজাই জিলাখনৰ তিনিআলি জুথাংবস্তি আৰু বামুন গাঁৱৰ নামঘৰৰ ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈ আজি পুৱাতে ধৰ্মধ্বজা উত্তোলন কৰি ভাগৱত ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক: গুৰুজনাৰ জন্মোৎসৱত একতাৰ বাণী

ৰাজ্যজুৰি শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি পালন

বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.